পুথিগত শিক্ষা বনাম বাস্তৱ পৃথিৱীৰ দাবীঃ
ইটাৰ ৰঙেই ইটাৰ পৰিচয়। সুন্দৰ ৰঙা ৰঙৰ, মাজত ফাট নাথাকে, চুক ভঙা নাথাকে, টোকৰ মাৰিলে ঘণ্টা বজোৱা নিচিনা শব্দ হয়।’ -সেইবোৰেই ‘ক্লাছ ওৱান’ ইটা। সৰুতে দেউতাই ইটাৰ বিষয়ে কৈছিল। ক’ত বা শিকিছিলে, কোনে বা শিকাইছিলে, কিন্তু ডাঙৰ হৈ আভিযান্ত্ৰিকৰ পাঠ্যক্ৰমতো দেখিলো সেয়া সঠিক শিক্ষাই আছিল।