Friday, 9 October 2020

অন্তৰীপ-অতুলনীয়ৰ সন্ধানত” ২০২০ অক্টোবৰ/ সংখ্যা

 “অন্তৰীপ-অতুলনীয়ৰ সন্ধানত” ২০২০ অক্টোবৰ/ সংখ্যাঃ
সমূহ
পঢ়ুৱৈ সমাজলৈ সমাগত শাৰদীয় দূৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জনাই আমাৰ TET Qualified Forum, Assam গ্ৰুপৰ মাহেকীয়া  ই-আলোচনী “অন্তৰীপ-অতুলনীয়ৰ সন্ধানত”ৰ ২০২০ অক্টোবৰ মাহৰ সংখ্যাটি আগবঢ়ালোঁ।
 

আশাঁকৰো পূৰ্বৰ সংখ্যাকেইটিৰ দৰে এইবাৰো আদৰি লব।

 আলোচনী খন পাবলৈ তলৰ লিংকত ক্লিক কৰকঃ

Tuesday, 6 October 2020

কম্পিউটাৰ নেটৱৰ্ক আৰু ইণ্টাৰনেটৰ ধাৰণা

কম্পিউটাৰ নেটৱৰ্ক আৰু ইণ্টাৰনেটৰ ধাৰণাঃ
(Concept on Computer Network and Internet)


কম্পিউটাৰ নেটৱৰ্ক আৰু ইণ্টাৰনেটৰ ধাৰণাঃ
  
✍ হেমন্ত কুমাৰ দাস


কম্পিউটাৰ নেটৱৰ্কঃ
কম্পিউটাৰ নেটৱৰ্ক (Computer Network) হৈছে এনে এক ব্যৱস্থা য’ত একাধিক কম্পিউটাৰ প্ৰণালী আৰু হাৰ্ডৱেৰ উপাদানসমূহ যোগাযোগ প্ৰযুক্তিৰ মাধ্যমৰ জৰিয়তে ইটো-সিটোৰ লগত সংযুক্ত হৈ থাকে। কম্পিউটাৰ নেটৱৰ্কত ব্যৱহাৰকাৰীসকলে ইজনে সিজনৰ মাজত হাৰ্ডৱেৰ/ চফটৱেৰ উপাদান/ সম্পদ সমূহ আৰু তথ্যৰ আদান-প্ৰদান কৰিব পাৰে।