Tuesday 4 September 2018

অন্তৰীপ-অতুলনীয়ৰ সন্ধানত উন্মোচনী অনুষ্ঠান

অন্তৰীপ-অতুলনীয়ৰ সন্ধানত TET Qualified Forum, Assam  ফেচবুক গ্ৰুপৰ তৰফৰ পৰা ইণ্টাৰনেটৰ মাধ্যমেৰে প্ৰকাশিত হবলগীয়া বিনামূলীয়া মাহেকীয়া ই-আলোচনী খন অহা ০৫/০৯/২০১৮ তাৰিখৰ পৰা শুভাৰম্ভ কৰা হব।
অন্তৰীপ-অতুলনীয়ৰ সন্ধানতৰ প্ৰথম বছৰৰ প্ৰথম সংখ্যাটি উন্মোচন কৰিব  ধুবুৰী জিলা প্ৰাথমিক শিক্ষা বিষয়া, মাননীয়, শ্ৰীযুত সাজু কুমাৰ যাদৱ দেৱে।
উন্মোচকঃ মাননীয়, শ্ৰীযুত সাজু কুমাৰ যাদৱ, জিলা প্ৰাথমিক শিক্ষা বিষয়া, ধুবুৰী, অসম।
তাৰিখঃ ৫ চেপ্তেম্বৰ, ২০১৮
স্থানঃ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহ, ধুবুৰী, অসম।

Tuesday 21 August 2018

শিশুৰ মনত গণিত-ভীতিৰ সৃষ্টি কিয় হয়?

শিশুৰ মনত গণিত-ভীতিৰ সৃষ্টি কিয় হয়?
গণিতজ্ঞ Lancelot Hogben কৈছিল “গণিত হৈছে সভ্যতাৰ দাপোন। গণিতক আমি সমাজৰ এটি অপৰিহাৰ্য উপাদান বুলি কব পাৰো; কাৰণ গণিত অবিহনে আমি সমাজত চলিব নোৱৰো। গণিত হল এনে  এটা বিষয়, যাৰ জ্ঞান মানুহৰ গোটেই জীৱনৰ বাবে উপযোগী আৰু প্ৰয়োজনীয়। বিদ্যালয়ৰ আটাইবোৰ বিষয়ৰ ভিতৰতে গণিতৰ শিক্ষাক সৰ্বাধিক গুৰুত্ব দিয়া হয়। আপোনালোকে আপোনালোকৰ ছাত্ৰ জীৱনত আৰু শিক্ষক হিচাপে নিশ্চয় দেখিছে, আন বিষয় সমূহৰ তুলনাত গণিত বিষয়ত ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত কাৰ্য সম্পাদন কৰিবলৈ কিমান হেঁচা প্ৰয়োগ কৰা হয়। আনকি অভিভাৱক সকলেও তেওঁলোকৰ নিজা শৈক্ষিক স্থিতি নিৰ্বিশেষে নিজৰ সন্তানসকলক গণিত বিষয়ত পাৰদৰ্শী হোৱাৰ বাবে অত্যধিক হেঁচা প্ৰয়োগ কৰা দেখা যায়। প্ৰায়বোৰ ক্ষেত্ৰতে, গণিত শিকনৰ বাবে শিকাৰু শিশুসকলৰ মানসিক অৱস্থাক বিবেচনা কৰা নহয়। সৰ্বসাধাৰণৰ এনেকুৱা ভাৱ এটি আছে যে শিশু এটি প্ৰাপ্ত বয়স্ক ব্যক্তি এজনৰ ক্ষুদ্ৰ সংস্কৰণ আৰু তেওঁলোকে বোধৰ বিকাশ ঘটাই বা মুখস্থ বিদ্যাৰে(অৱশ্যে প্ৰায়েই মুখস্থ বিদ্যাৰে) গাণিতিক দক্ষতা ফলপ্ৰসুভাৱে আহৰণ কৰিব পাৰে। এই বিশ্বাসৰ দ্বাৰা পৰিচালিত হৈ শিক্ষক আৰু অভিভাৱকসকলে বহুতো গাণিতিক ধাৰণা, তথ্য আৰু নেওঁতা আদি মুখস্থ কৰোৱাত অধিক গুৰুত্ব দিয়ে। ইয়াৰ ফলত নীতি আৰু প্ৰক্ৰিয়াসমূহ বুজি নপোৱাকৈ মুখস্থ কৰাৰ বাবে শিশু ছাত্ৰ-ছাত্ৰীসকলৰ গণিত-ভীতি বিদ্যালয় শিক্ষাৰ আৰম্ভণীৰ পৰায়ে সৃষ্টি হয়, যিটো পৰৱৰ্তী জীৱনত মাত্ৰধিকত প্ৰকাশ পায়; আনকি গোটেই জীৱন ধৰি এই গণিত-ভীতি বৰ্তি থাকে। আপোনালোকে হয়তো লক্ষ্য কৰিছে যে বিভিন্ন স্তৰৰ বিশেষকৈ প্ৰথমিক স্তৰৰ গাণিতিক ধাৰণা আৰু প্ৰক্ৰিয়াবোৰ সৰলৰ পৰা জটিললৈ ক্ৰমানুসাৰে সজোৱা থাকে। আপোনালোকে কেতিয়াবা এনেদৰে ভাবি চাইছেনে যে এই ক্ৰমভিত্তিক সাজনবোৰৰ লগত শিকাৰুৰ বৃদ্ধি আৰু বিকাশৰ সম্পৰ্ক আছে; বিশেষকৈ শিশুঅ ছাত্ৰ-ছাত্ৰীসকলৰ চিন্তা ক্ষমতাৰ বিকাশৰ সৈতে এনে সাজনৰ সম্পৰ্ক আছে। বিভিন্ন অধ্যয়ন আৰু গৱেষণাই চিন্তা শক্তিৰ বিকাশ আৰু গাণিতিক ধাৰণাৰ বিকাশৰ মাজত এক নিকট সম্পৰ্ক স্থাপন কৰিছে। শিক্ষক হিচাপে আমি এই সম্পৰ্কৰ প্ৰতি সজাগ হব লাগিব যাতে, আমি শ্ৰেণীৰ শিশু ছাত্ৰ-ছাত্ৰীসকলৰ গণিত শিকনৰ ক্ষেত্ৰত থকা সবলতা বা দুৰ্বলতাসমুহ বুজিব পাৰো আৰু এই দিশত যথাযথ পদক্ষেপ ল’ব পাৰো। 

Friday 27 July 2018

চন্দ্ৰ গ্ৰহণৰ Live সম্প্ৰচাৰণ ২৭-০৭-২০১৮


শতিকাৰ আটাইতকৈ দীঘলীয়া চন্দ্ৰ গ্ৰহণৰ Live সম্প্ৰচাৰণ
 :Lunar Eclipse Live Telecast: (27-07-2018)
TET Qualified Forum, Assam
(Courtesy: https://www.timeanddate.com) 
Live Telecast Date: 27-07-2018 

Wednesday 25 July 2018

কম্পিউটাৰৰ বিষয়ে প্ৰাথমিক জ্ঞান

কম্পিউটাৰৰ বিষয়ে প্ৰাথমিক জ্ঞান


 শিক্ষামূলক প্ৰবন্ধঃ
কম্পিউটাৰৰ বিষয়ে প্ৰাথমিক জ্ঞান

হেমন্ত কুমাৰ দাস


১৯শতিকাক আমি কম্পিউটাৰ বিজ্ঞান ইতিহাসৰ “সোণালী শতিকা” হিচাপে গণ্য কৰিব পাৰো। এই শতিকাৰে মাজভাগতে Charles Babbage (A mathematician, philosopher, inventor and mechanical engineer, UK)এ বিশ্বৰ প্ৰথম যান্ত্ৰিক কম্পিউটাৰটো সাজি উলিয়াইছিল; তেওঁ এই কম্পিউটাৰটোক  Difference Engine নামেৰে নামাকৰণ কৰিছিল। সেয়েহে Charles Babbageক “আধুনিক কম্পিউটাৰ চিষ্টেমৰ পিতৃস্বৰূপ” বুলিও অভিহিত কৰা হৈছিল।
Charles Babbage

কম্পিউটাৰ চিষ্টেম কাক বোলে?

Monday 23 July 2018

International Teachers’ Day and Teachers’ Day in India






 Teachers’ Day
International Teachers’ Day and Teachers’ Day in India
By : admin@tqfassam.cuccfree.org


“Teachers’ Day in India”
The idea of celebrating Teachers' Day took root in many countries during the 20th century; in most cases, they celebrate a local educator or an important milestone in education (for example, Argentina has commemorated Domingo Faustino Sarmiento's death on 11th September since 1915, while India has celebrated the birth-date of Dr. Sarvepalli Radhakrishnan 5th Sept. since 1962.




In many countries, Teachers' Day is a special day for the appreciation of teachers, and may include celebrations to honour them for their special contributions in a particular field area, or the community in general. The date on which Teachers' Day is celebrated varies from country to country. Teachers' days in different countries are distinct from World Teachers' Day, which is celebrated on 5th October.

Sunday 22 July 2018

অন্তৰীপ-অতুলনীয়ৰ সন্ধানত ই-আলোচনী খনৰ বিষয়ে দু-আষাৰ

" অন্তৰীপ-অতুলনীয়ৰ সন্ধানত, সুস্থ-সবল শিক্ষণ-শিকনৰ দিশত এখোজ"
এখনি শিক্ষা বিষয়ক ই-আলোচনী
 পৰিকল্পনাঃ শ্ৰীহেমন্ত কুমাৰ দাস
Contact No.: +91-8724932294
Chief Administrator, TET Qualified Forum, Assam
www.tqfassam.cuccfree.org
Core Team of TET Qualified Forum, Assam: Milan Majumdar, Binod Kr. Boro, Hari Pathak, Bhushan Boro, Raju Mahanta, Heramba Das, Rantu Mani Deka, Zia Ur Rahman, Hatem Ahmed Khan, Debajit Bora, Prakash Pandit, Amal Das. Snigdha D. Nandi, Nilim Anurag, Jiba Mohan Gogoi, Sanjay Bharali, Dharma Nath, Pulin Payeng, Dharma Bhatta Rai, Sajad Hussain, Jyoti S Das, Anil Pawe, Ashim Majumder, Dilip Kr. Sarakar.
Additional Team for Magazine: Diganta Rajkhowa, Kamrup Metro, Dipanjali Das, Partha Pratim Daimary, Marigaon, Karanjeet Taw, Dhemaji, Hamen Baisya, Darang, Ratul Das, Barpeta, Mintu Das, Dibrugarh, Pranita Das, Baksa, Gakul Baruah, Sibsagar, Jayanta Hazarika, Majuli, Tapash Das, Cachar, Jatindra Kakati, Sonitpur, Susmita Hazarika, Dhubri
Swarnali Barman, Dhubri, Biswamitra Gogoi, Dibrugarh, Ajoy Baruah, Darrang, Rupam Nath, Udalguri, Kandarpa Deka, Gauripur, Pranjal Abir Das, Sivasagar, China Mani Khanikar Dutta, Sivasagar, Prabin Nath, Nagaon.


Our Magazine's Blog Address
https://atulaniyaantarip.wordpress.com
https://atulaniyaantarip.blogspot.com



E-Mail: atulaniyaantarip@gmail.com / tqfassam@outlook.com
Contact No.: +91-9707451241