Sunday 24 November 2019

NISHTHA পৰিচয়


NISHTHA
National Initiative for School Heads' and Teachers' Holistic Advancement
পৰিচয়ঃ
বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগে NISHTHA-National Initiative for School Heads' and Teachers' Holistic Advancement নামৰ সংহত শিক্ষক প্ৰশিক্ষণ ব্যৱস্থাপনা এটিৰ জৰিয়তে প্ৰাথমিক পৰ্যায়ত শিকন ফলাফল উন্নীতকৰণৰ বাবে  ৰাষ্টীয় আঁচনি এখন হাতত লৈছে। এই আঁচনিখন কেন্দ্ৰীয়ভাৱে ২০১৯-২০ চনৰ বাবে গ্ৰহণ কৰা আঁচনি আৰু ই সমগ্ৰ শিক্ষাৰ অধীনত। এই আঁচনি খনৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে অংশ গ্ৰহণকাৰীসকলৰ সক্ষমতাক এক কংক্ৰিট ৰূপ প্ৰদান কৰা। এই ব্যৱস্থাপনাটোত প্ৰায় ৪২ লাখ অংশগ্ৰহণকাৰী; সকলো চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক, প্ৰধান শিক্ষক, সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ SCERT(State Councils of Educational Research and Training) আৰু DIET(District Institutes of Education and Training)ৰ প্ৰশিক্ষক সদস্যসকল, BRCs(Block Resource Centres) আৰু CRCs (Cluster Resource Centres)ৰ বিষয়ববীয়া আৰু সমলব্যক্তিসকলক সামৰি লোৱা হৈছে।

এই বৃহৎ পৰিসৰৰ অন্তৰ্ভুক্তিকৰণৰে সম্ভৱত NISHTHA ব্যৱস্থাপনাটো পৃথিৱীৰ ভিতৰতে এক বৃহত্তম প্ৰৱৰ্তন।
(Will be updated soon)

Friday 15 November 2019

Atulaniya Antarip Nov-2019


“অন্তৰীপ-অতুলনীয়ৰ সন্ধানত” ২০১৯ নৱেম্বৰ/ সংখ্যা
সমূহ পঢ়ুৱৈ সমাজলৈ পৱিত্ৰ ৰাস মহোৎসৱৰ আন্তৰিক শুভেচ্ছা জনাই আমাৰ TET Qualifed Forum, Assam গ্ৰুপৰ মাহেকীয়া  ই-আলোচনী “অন্তৰীপ-অতুলনীয়ৰ সন্ধানত” ২০১৯ নৱেম্বৰ মাহৰ সংখ্যাটি আগবঢ়ালোঁ। আশাঁকৰো পূৰ্বৰ সংখ্যাকেইটিৰ দৰে এইবাৰো আদৰি লব।


আলোচনী খন পাবলৈ তলৰ লিংকত ক্লিক কৰকঃ