শিশুৰ মনত গণিত-ভীতিৰ সৃষ্টি
কিয় হয়?
গণিতজ্ঞ Lancelot Hogben কৈছিল
“গণিত হৈছে সভ্যতাৰ দাপোন।” গণিতক
আমি সমাজৰ এটি অপৰিহাৰ্য উপাদান বুলি কব পাৰো; কাৰণ গণিত অবিহনে আমি সমাজত চলিব নোৱৰো।
গণিত হ’ল এনে এটা বিষয়, যাৰ জ্ঞান মানুহৰ গোটেই জীৱনৰ বাবে উপযোগী
আৰু প্ৰয়োজনীয়। বিদ্যালয়ৰ আটাইবোৰ বিষয়ৰ ভিতৰতে গণিতৰ শিক্ষাক সৰ্বাধিক গুৰুত্ব দিয়া
হয়। আপোনালোকে আপোনালোকৰ ছাত্ৰ জীৱনত আৰু শিক্ষক হিচাপে নিশ্চয় দেখিছে, আন বিষয় সমূহৰ
তুলনাত গণিত বিষয়ত ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত কাৰ্য সম্পাদন কৰিবলৈ কিমান হেঁচা প্ৰয়োগ
কৰা হয়। আনকি অভিভাৱক সকলেও তেওঁলোকৰ নিজা শৈক্ষিক স্থিতি নিৰ্বিশেষে নিজৰ সন্তানসকলক
গণিত বিষয়ত পাৰদৰ্শী হোৱাৰ বাবে অত্যধিক হেঁচা প্ৰয়োগ কৰা দেখা যায়। প্ৰায়বোৰ ক্ষেত্ৰতে,
গণিত শিকনৰ বাবে শিকাৰু শিশুসকলৰ মানসিক অৱস্থাক বিবেচনা কৰা নহয়। সৰ্বসাধাৰণৰ এনেকুৱা
ভাৱ এটি আছে যে শিশু এটি প্ৰাপ্ত বয়স্ক ব্যক্তি এজনৰ ক্ষুদ্ৰ সংস্কৰণ আৰু তেওঁলোকে
বোধৰ বিকাশ ঘটাই বা মুখস্থ বিদ্যাৰে(অৱশ্যে প্ৰায়েই মুখস্থ বিদ্যাৰে) গাণিতিক দক্ষতা
ফলপ্ৰসুভাৱে আহৰণ কৰিব পাৰে। এই বিশ্বাসৰ দ্বাৰা পৰিচালিত হৈ শিক্ষক আৰু অভিভাৱকসকলে
বহুতো গাণিতিক ধাৰণা, তথ্য আৰু নেওঁতা আদি মুখস্থ কৰোৱাত অধিক গুৰুত্ব দিয়ে। ইয়াৰ ফলত
নীতি আৰু প্ৰক্ৰিয়াসমূহ বুজি নপোৱাকৈ মুখস্থ কৰাৰ বাবে শিশু ছাত্ৰ-ছাত্ৰীসকলৰ গণিত-ভীতি
বিদ্যালয় শিক্ষাৰ আৰম্ভণীৰ পৰায়ে সৃষ্টি হয়, যিটো পৰৱৰ্তী জীৱনত মাত্ৰধিকত প্ৰকাশ পায়;
আনকি গোটেই জীৱন ধৰি এই গণিত-ভীতি বৰ্তি থাকে। আপোনালোকে হয়তো লক্ষ্য কৰিছে যে বিভিন্ন
স্তৰৰ বিশেষকৈ প্ৰথমিক স্তৰৰ গাণিতিক ধাৰণা আৰু প্ৰক্ৰিয়াবোৰ সৰলৰ পৰা জটিললৈ ক্ৰমানুসাৰে
সজোৱা থাকে। আপোনালোকে কেতিয়াবা এনেদৰে ভাবি চাইছেনে যে এই ক্ৰমভিত্তিক সাজনবোৰৰ লগত
শিকাৰুৰ বৃদ্ধি আৰু বিকাশৰ সম্পৰ্ক আছে; বিশেষকৈ শিশুঅ ছাত্ৰ-ছাত্ৰীসকলৰ চিন্তা ক্ষমতাৰ
বিকাশৰ সৈতে এনে সাজনৰ সম্পৰ্ক আছে। বিভিন্ন অধ্যয়ন আৰু গৱেষণাই চিন্তা শক্তিৰ বিকাশ
আৰু গাণিতিক ধাৰণাৰ বিকাশৰ মাজত এক নিকট সম্পৰ্ক স্থাপন কৰিছে। শিক্ষক হিচাপে আমি এই
সম্পৰ্কৰ প্ৰতি সজাগ হ’ব লাগিব
যাতে, আমি শ্ৰেণীৰ শিশু ছাত্ৰ-ছাত্ৰীসকলৰ গণিত শিকনৰ ক্ষেত্ৰত থকা সবলতা বা দুৰ্বলতাসমুহ
বুজিব পাৰো আৰু এই দিশত যথাযথ পদক্ষেপ ল’ব পাৰো।
বহুতো ছাত্ৰ-ছাত্ৰীয়ে আনকি
প্ৰাপ্ত বয়স্ক সকলেও গণিত বিষয়টো ভয় কৰে। সন্দেহ নাই বহুতৰে মনত গণিত বিষয়টোৰ সম্পৰ্কে
কিছুমান ভ্ৰান্ত ধাৰণাই কৰাল বান্ধি আছে। যেতিয়া শিশু শিকাৰুৰ প্ৰয়োজন আৰু ৰুচিসমূহ
যথাযথভাৱে বুজি ব্যৱস্থা গ্ৰহণ কৰা নহয় আৰু পাঠ্যপুথিত থকা গণিতবোৰ শিকিবলৈ হেঁচা প্ৰয়োগ
কৰা হয়, তেতিয়া গণিত শিকন এক বোজা তথা সমস্যা-সদৃশ হৈ পৰে; যিটো আমি প্ৰায়ভাগ শিশুৰ
ক্ষেত্ৰতে দেখিবলৈ পাওঁ। গাণিতিক কাৰ্য কৰাৰ ক্ষেত্ৰত শিশুসকলৰ মনত উৎকণ্ঠা বাঢ়ে, যিটোৱে
আগলৈ গণিত-ভীতিৰ সৃষ্টি কৰে আৰু এনে বহু ছাত্ৰ-ছাত্ৰীৰ মনৰ পৰা এই ভীতিভাৱ আঁতৰ কৰাটো
পিছলৈ প্ৰায় অসম্ভৱ হৈ পৰে। যাদি শিক্ষক হিচাপে ছাত্ৰ-ছাত্ৰীয়ে কেনেদৰে আনন্দদায়কভাৱে
গণিত শিকে সেই সম্পৰ্কে আমাৰ স্পষ্ট ধাৰণা থাকে, তেনেহ’লে বিদ্যালয়ত তেওঁলোকৰ শিকন আৰম্ভ হোৱা দিনৰে পৰা আমি
তেওঁলোকৰ গণিত শিকনত যথাযথভাৱে আগবঢ়াই নিবলৈ সক্ষম হব পাৰিম।
No comments:
Post a Comment