কম্পিউটাৰ নেটৱৰ্ক আৰু ইণ্টাৰনেটৰ ধাৰণাঃ
(Concept on Computer Network and Internet)
কম্পিউটাৰ নেটৱৰ্ক আৰু ইণ্টাৰনেটৰ ধাৰণাঃ
✍ হেমন্ত কুমাৰ দাস
কম্পিউটাৰ নেটৱৰ্কঃ
কম্পিউটাৰ নেটৱৰ্ক (Computer Network) হৈছে এনে এক ব্যৱস্থা য’ত একাধিক কম্পিউটাৰ প্ৰণালী আৰু হাৰ্ডৱেৰ উপাদানসমূহ যোগাযোগ প্ৰযুক্তিৰ মাধ্যমৰ জৰিয়তে ইটো-সিটোৰ লগত সংযুক্ত হৈ থাকে। কম্পিউটাৰ নেটৱৰ্কত ব্যৱহাৰকাৰীসকলে ইজনে সিজনৰ মাজত হাৰ্ডৱেৰ/
চফটৱেৰ উপাদান/
সম্পদ সমূহ আৰু তথ্যৰ আদান-প্ৰদান কৰিব পাৰে।

