Tuesday 6 October 2020

কম্পিউটাৰ নেটৱৰ্ক আৰু ইণ্টাৰনেটৰ ধাৰণা

কম্পিউটাৰ নেটৱৰ্ক আৰু ইণ্টাৰনেটৰ ধাৰণাঃ
(Concept on Computer Network and Internet)


কম্পিউটাৰ নেটৱৰ্ক আৰু ইণ্টাৰনেটৰ ধাৰণাঃ
  
হেমন্ত কুমাৰ দাস


কম্পিউটাৰ নেটৱৰ্ক
কম্পিউটাৰ নেটৱৰ্ক (Computer Network) হৈছে এনে এক ব্যৱস্থা একাধিক কম্পিউটাৰ প্ৰণালী আৰু হাৰ্ডৱেৰ উপাদানসমূহ যোগাযোগ প্ৰযুক্তিৰ মাধ্যমৰ জৰিয়তে ইটো-সিটোৰ লগত সংযুক্ত হৈ থাকে কম্পিউটাৰ নেটৱৰ্কত ব্যৱহাৰকাৰীসকলে ইজনে সিজনৰ মাজত হাৰ্ডৱেৰ/ চফটৱেৰ উপাদান/ সম্পদ সমূহ আৰু তথ্যৰ আদান-প্ৰদান কৰিব পাৰে
TET Qualified Forum, Assam, Digital Education, SSA Assam, DEE, Assam, Sarba Sikhya Abhijan, Samagra Sikhya, Assam, Child Education, TQF, Assam, Teaching Learning Maeterial, TET, Assam TET, TET Qualified Forum, Assam, School Education, Teacher, Teaching, Teacher Eligibility Test, Digital Education, SSA Assam, DEE, Assam, Sarba Sikhya Abhijan, Samagra Sikhya, TET, Assam TET, TET Qualified Forum, Assam, School, Education, Teacher, Teaching, Teacher Eligibility Test, Information & Communication Technology, NISHTHA, National Initiative for School Heads' and Teachers' Holistic Advancement
সৰলাৰ্থত যেতিয়া কোনো এক কম্পিউটাৰৰ কমেও এটা প্ৰক্ৰিয়া আতৰত থকা অন্য এক কম্পিউটাৰৰ প্ৰক্ৰিয়ালৈ তথ্য প্ৰেৰণ কৰিব বা প্ৰক্ৰিয়াটোৰ পৰা তথ্য গ্ৰহণ কৰিব পাৰে, তেন্তে তেনে কম্পিউটাৰ দুটাক নেটৱৰ্কত থকা বুলিব পাৰি ইয়াত কম্পিউটাৰে যিকোনো পৰিকলন যন্ত্ৰকে বুজাইছে

কম্পিউটাৰ নেটৱৰ্কসমূহক বিভিন্ন বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি বিভিন্ন ভাগত ভগাব পাৰি তাৰে কেইটামান বৈশিষ্ট্য হৈছেঃ তথ্য আদান-প্ৰদানৰ বাবে ব্যৱহাৰ কৰা যোগাযোগ মাধ্যম, যোগাযোগ প্ৰটকল, আবৰি থকা অঞ্চলৰ পৰিধি, টপলজি আদি

যোগাযোগ প্ৰটকলসমূহ হৈছে আদান-প্ৰদানৰ বাবে ব্যৱহাৰ কৰা নীতি-নিয়মসমূহ কিছুমান সু-পৰিচিত প্ৰটকল হৈছে ইথাৰনেট, ট্ৰানচমিছন কণ্ট্ৰ প্ৰটকল/ ইণ্টাৰনেট প্ৰটকল (TCP/IP) আদিকম্পিউটাৰ নেটৱৰ্কক সচৰাচৰ কম্পিউটাৰ বিজ্ঞান, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, তথ্য প্ৰযুক্তি, ইলেকট্ৰিকেল ইঞ্জিনিয়াৰিং আৰু টেলিকমিউনিকেচনৰ উপ-বিভাগ ৰূপে গণ্য কৰা হয়

ইণ্টাৰনেটৰ আভাসঃ
ইণ্টাৰনেট/ অন্তৰ্জাল হৈছে কম্পিউটাৰ নেটৱৰ্ক-অৰ এটা অত্যাধুনিক ব্যৱস্থা হৈছে "নেটৱৰ্কৰ নেটৱৰ্ক" যি ৰাজহুৱা, প্ৰশাসনিক, ব্যৱসায় সংক্ৰান্তীয় তথ্যসমূহ চেটেলাইট, অপ্টিকেল ফাইবাৰ, ৱায়াৰলেচ বা কেব'লৰ মাধ্যমেৰে আৰু অন্যান্য আধুনিক কাৰিকৰী মাধ্যমেৰে প্ৰদান কৰে ইণ্টাৰনেটে ইলেক্ট্ৰ'নিক মেইল, অনলাইন চ্যাট, ফাইল স্থানান্তৰ (FTP), অনলাইন ভিডিঅ' আৰু অন্যান্য তথ্য World Wide Web (WWW)-অৰ মাধ্যমেৰে যোগান ধৰে। ইণ্টাৰনেট হৈছে গ্ল'বেল যোগাযোগ ব্যৱস্থা, হাৰ্ডৱেৰ আৰু ছফ্টৱেৰ ব্যৱস্থাৰ সহযোগত কম্পিউটাৰলৈ সংযোগিত হয়। ইণ্টাৰনেটে হাইপাৰলিংক বা URL-অৰ মাধ্যমেৰে কম্পিউটাৰলৈ তথ্য কঢ়িয়াই আনে
 
সহজ ভাষাত এটি নেটৱৰ্কত যদি কেইবাহাজাৰ কম্পিউটাৰ আছে, তেন্তে এনে হাজাৰ হাজাৰ বিভিন্ন প্ৰকাৰ আৰু আকাৰৰ নেটৱৰ্কৰ সমষ্টিয়ে হৈছে ইণ্টাৰনেট।

ইণ্টাৰনেট কি?
ইণ্টাৰনেট বিভিন্ন কম্পিউটাৰ নেটৱৰ্কৰ এক আন্তস্ংযোগ ব্যৱস্থা ইয়ে বিশাল পৰিমানৰ কম্পিউটাৰ, কম্পিউটাৰ নেটৱৰ্ক বিভিন্ন  যোগাযোগ প্ৰযুক্তিৰ মাধ্যমেৰে স্ংযোগ সাধন হোৱা ব্যৱস্থাকে বুজায় ইণ্টাৰনেটৰ ভিন্ন সংজ্ঞা আছে কিন্ত এই সকলোবোৰে সেই একে অৰ্থকে সুচায়। তলত কেইটিমান ইণ্টাৰনেটৰ ভিন্ন সংজ্ঞা উল্লেখ কৰা হ’ল
(ক) ই বিভিন্ন দেশত সিঁচৰিত হয় থকা কম্পিউটাৰৰ তথ্যৰ নেটৱৰ্কৰ মাধ্যমৰে আন্ত যোগাযোগ মাধ্যম
(খ) ই সমগ্ৰ বিশ্বযুৰি বিভিন্ন কম্পিউটাৰৰ নেটৱৰ্কৰ মাজত তথ্য আদান-প্ৰদান মাধ্যম
(গ) ই সমগ্ৰ বিশ্বব্যাপি স্ংযোগ সাধন হোৱা বিভিন্ন কম্পিউটাৰৰ নেটৱৰ্ক এনে এক মাধ্যমকে বুজায় এই নেটৱৰ্কত সংলগ্ন যিকোনো ব্যক্তিয়েই এজনে ইজনৰ তথ্য পঢ়িব বা চাব পাৰি

ইণ্টাৰনেট শব্দটোৱে সাধাৰণতে বিভিন্ন কম্পিউটাৰ প্ৰণালীৰ নেটৱৰ্কৰ মাজৰ যোগাযোগ ব্যৱস্থাকে বুজায় ইণ্টাৰনেটত বিশ্বৰ সৰু সৰু নেটৱৰ্কৰ সমষ্টিৰ কথাকে বুজায় ইণ্টাৰনেটক সমগ্ৰ বিশ্বৰ কম্পিউটাৰ নেটৱৰ্ক এক শাৰীৰিক অবয়ৱ বুলি অভিহিত কৰে এইটো কম্পিউটাৰ আৰু তাঁৰৰ এক যুগ্ম অৱস্থা যদিও ইণ্টাৰনেট ১৯৬০ চনতে পৰিক্ষামূলকভাৱে সৈনিকৰ যোগাযোগৰ ব্যৱস্থাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিছিল কিন্ত লাহে লাহে ৭০, ৮০দশকৰ পিছত সাধাৰণ নাগৰিকৰ ব্যৱহাৰিক অংশস্বৰুপে ব্যৱহাৰ বলৈ লয় ইণ্টাৰনেটৰ কোনো গৰাকী নাই বা কোনো এনে কৰ্ত্তৃপক্ষ নাই যিয়ে ইয়াক কাৰ্য্যবিধিক পৰিচালিত বা নিয়ন্ত্ৰিত কৰিব পাৰে

(তথ্যৰ উৎসঃ ইণ্টাৰনেট)

1 comment: