Friday, 5 July 2019

অতুলনীয় অন্তৰীপ প্ৰথম বছৰৰ ৯ম সংখ্যা


সন্মানীয় সতীৰ্থ সকল,
গ্ৰীষ্ম বন্ধৰ শুভেচ্ছাৰে আমাৰ TQF Assam ফেচবুক গ্ৰুপৰ -আলোচনী অতুলনীয় অন্তৰীপৰ ২০১৯/ জুলাই মাহৰ সংখ্যাটি আগবঢ়ালোঁ আঁশাকৰো আদৰি আলোচনীখন পাবলৈইয়াতে ক্লিককৰক....

Tuesday, 4 June 2019

অতুলনীয় অন্তৰীপ প্ৰথম বছৰৰ ৮ম সংখ্যা


সন্মানীয় সতীৰ্থ সকল,
পবিত্ৰ ঈদ আৰু বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছাৰে আমাৰ TQF Assam ফেচবুক গ্ৰুপৰ ই-আলোচনী অতুলনীয় অন্তৰীপৰ ২০১৯/ জুন মাহৰ সংখ্যাটি আগবঢ়ালোঁ। আঁশাকৰো আদৰি ল’ব। আলোচনীখন পাবলৈ ইয়াতে ক্লিক কৰক....

Admin
Team, TQF

Thursday, 4 April 2019

“অন্তৰীপ-অতুলনীয়ৰ সন্ধানত”ৰ ১ম বছৰৰ ৬ষ্ঠ সংখ্যা

ৰঙালী বিহুৰ শুভেচ্ছাৰে “অন্তৰীপ-অতুলনীয়ৰ সন্ধানত ১ম বছৰৰ ৬ষ্ঠ সংখ্যাটি আপোনালোকলৈ আগবঢ়ালোঁ মোবাইলৰ জৰিয়তে আলোচনী খন পঢ়িবলৈ ইয়াতে ক্লিক কৰক অন্তৰীপ-অতুলনীয়ৰ সন্ধানত

Saturday, 9 March 2019

“অন্তৰীপ-অতুলনীয়ৰ সন্ধানত”ৰ ১ম বছৰৰ ৫ম সংখ্যা


অন্তৰীপ-অতুলনীয়ৰ সন্ধানত ১ম বছৰৰ ৫ম সংখ্যাটি আপোনালোকলৈ আগবঢ়ালোঁ মোবাইলৰ জৰিয়তে আলোচনী খন পঢ়িবলৈ ইয়াতে ক্লিক কৰক অন্তৰীপ-অতুলনীয়ৰ সন্ধানত

Saturday, 9 February 2019

অন্তৰীপ-অতুলনীয়ৰ সন্ধানত"ৰ ১ম বছৰৰ ৪ৰ্থ সংখ্যা


বিদ্যাৰ আৰাধ্যা দেৱী সৰস্বতী আইৰ পূজাৰ শুভেচ্ছাৰে "অন্তৰীপ-অতুলনীয়ৰ সন্ধানত" ১ম বছৰৰ ৪ৰ্থ সংখ্যাটি আপোনালোকলৈ আগবঢ়ালোঁ। মোবাইলৰ জৰিয়তে আলোচনী খন পঢ়িবলৈ ইয়াতে ক্লিক কৰক অন্তৰীপ-অতুলনীয়ৰ সন্ধানত

Sunday, 20 January 2019

ইংৰাজী নববৰ্ষৰ শুভেচ্ছাৰে "অন্তৰীপ-অতুলনীয়ৰ সন্ধানত"ৰ ১ম বছৰৰ ৩য় সংখ্যাটি আপোনালোকলৈ আগবঢ়ালোঁ
মোবাইলৰ জৰিয়তে আলোচনী খন পঢ়িবলৈ ইয়াতে ক্লিক কৰক - "অন্তৰীপ-অতুলনীয়ৰ সন্ধানত"

Tuesday, 4 September 2018

অন্তৰীপ-অতুলনীয়ৰ সন্ধানত উন্মোচনী অনুষ্ঠান

অন্তৰীপ-অতুলনীয়ৰ সন্ধানত TET Qualified Forum, Assam  ফেচবুক গ্ৰুপৰ তৰফৰ পৰা ইণ্টাৰনেটৰ মাধ্যমেৰে প্ৰকাশিত হবলগীয়া বিনামূলীয়া মাহেকীয়া ই-আলোচনী খন অহা ০৫/০৯/২০১৮ তাৰিখৰ পৰা শুভাৰম্ভ কৰা হব।
অন্তৰীপ-অতুলনীয়ৰ সন্ধানতৰ প্ৰথম বছৰৰ প্ৰথম সংখ্যাটি উন্মোচন কৰিব  ধুবুৰী জিলা প্ৰাথমিক শিক্ষা বিষয়া, মাননীয়, শ্ৰীযুত সাজু কুমাৰ যাদৱ দেৱে।
উন্মোচকঃ মাননীয়, শ্ৰীযুত সাজু কুমাৰ যাদৱ, জিলা প্ৰাথমিক শিক্ষা বিষয়া, ধুবুৰী, অসম।
তাৰিখঃ ৫ চেপ্তেম্বৰ, ২০১৮
স্থানঃ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহ, ধুবুৰী, অসম।

Tuesday, 21 August 2018

শিশুৰ মনত গণিত-ভীতিৰ সৃষ্টি কিয় হয়?

শিশুৰ মনত গণিত-ভীতিৰ সৃষ্টি কিয় হয়?
গণিতজ্ঞ Lancelot Hogben কৈছিল “গণিত হৈছে সভ্যতাৰ দাপোন। গণিতক আমি সমাজৰ এটি অপৰিহাৰ্য উপাদান বুলি কব পাৰো; কাৰণ গণিত অবিহনে আমি সমাজত চলিব নোৱৰো। গণিত হল এনে  এটা বিষয়, যাৰ জ্ঞান মানুহৰ গোটেই জীৱনৰ বাবে উপযোগী আৰু প্ৰয়োজনীয়। বিদ্যালয়ৰ আটাইবোৰ বিষয়ৰ ভিতৰতে গণিতৰ শিক্ষাক সৰ্বাধিক গুৰুত্ব দিয়া হয়। আপোনালোকে আপোনালোকৰ ছাত্ৰ জীৱনত আৰু শিক্ষক হিচাপে নিশ্চয় দেখিছে, আন বিষয় সমূহৰ তুলনাত গণিত বিষয়ত ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত কাৰ্য সম্পাদন কৰিবলৈ কিমান হেঁচা প্ৰয়োগ কৰা হয়। আনকি অভিভাৱক সকলেও তেওঁলোকৰ নিজা শৈক্ষিক স্থিতি নিৰ্বিশেষে নিজৰ সন্তানসকলক গণিত বিষয়ত পাৰদৰ্শী হোৱাৰ বাবে অত্যধিক হেঁচা প্ৰয়োগ কৰা দেখা যায়। প্ৰায়বোৰ ক্ষেত্ৰতে, গণিত শিকনৰ বাবে শিকাৰু শিশুসকলৰ মানসিক অৱস্থাক বিবেচনা কৰা নহয়। সৰ্বসাধাৰণৰ এনেকুৱা ভাৱ এটি আছে যে শিশু এটি প্ৰাপ্ত বয়স্ক ব্যক্তি এজনৰ ক্ষুদ্ৰ সংস্কৰণ আৰু তেওঁলোকে বোধৰ বিকাশ ঘটাই বা মুখস্থ বিদ্যাৰে(অৱশ্যে প্ৰায়েই মুখস্থ বিদ্যাৰে) গাণিতিক দক্ষতা ফলপ্ৰসুভাৱে আহৰণ কৰিব পাৰে। এই বিশ্বাসৰ দ্বাৰা পৰিচালিত হৈ শিক্ষক আৰু অভিভাৱকসকলে বহুতো গাণিতিক ধাৰণা, তথ্য আৰু নেওঁতা আদি মুখস্থ কৰোৱাত অধিক গুৰুত্ব দিয়ে। ইয়াৰ ফলত নীতি আৰু প্ৰক্ৰিয়াসমূহ বুজি নপোৱাকৈ মুখস্থ কৰাৰ বাবে শিশু ছাত্ৰ-ছাত্ৰীসকলৰ গণিত-ভীতি বিদ্যালয় শিক্ষাৰ আৰম্ভণীৰ পৰায়ে সৃষ্টি হয়, যিটো পৰৱৰ্তী জীৱনত মাত্ৰধিকত প্ৰকাশ পায়; আনকি গোটেই জীৱন ধৰি এই গণিত-ভীতি বৰ্তি থাকে। আপোনালোকে হয়তো লক্ষ্য কৰিছে যে বিভিন্ন স্তৰৰ বিশেষকৈ প্ৰথমিক স্তৰৰ গাণিতিক ধাৰণা আৰু প্ৰক্ৰিয়াবোৰ সৰলৰ পৰা জটিললৈ ক্ৰমানুসাৰে সজোৱা থাকে। আপোনালোকে কেতিয়াবা এনেদৰে ভাবি চাইছেনে যে এই ক্ৰমভিত্তিক সাজনবোৰৰ লগত শিকাৰুৰ বৃদ্ধি আৰু বিকাশৰ সম্পৰ্ক আছে; বিশেষকৈ শিশুঅ ছাত্ৰ-ছাত্ৰীসকলৰ চিন্তা ক্ষমতাৰ বিকাশৰ সৈতে এনে সাজনৰ সম্পৰ্ক আছে। বিভিন্ন অধ্যয়ন আৰু গৱেষণাই চিন্তা শক্তিৰ বিকাশ আৰু গাণিতিক ধাৰণাৰ বিকাশৰ মাজত এক নিকট সম্পৰ্ক স্থাপন কৰিছে। শিক্ষক হিচাপে আমি এই সম্পৰ্কৰ প্ৰতি সজাগ হব লাগিব যাতে, আমি শ্ৰেণীৰ শিশু ছাত্ৰ-ছাত্ৰীসকলৰ গণিত শিকনৰ ক্ষেত্ৰত থকা সবলতা বা দুৰ্বলতাসমুহ বুজিব পাৰো আৰু এই দিশত যথাযথ পদক্ষেপ ল’ব পাৰো।