Thursday, 27 February 2020

“অন্তৰীপ-অতুলনীয়ৰ সন্ধানত” ২০২০ ফেব্ৰুৱাৰী/ সংখ্যা


অন্তৰীপ-অতুলনীয়ৰ সন্ধানত২০২০ ফেব্ৰুৱাৰী/ সংখ্যা

সমূহ পঢ়ুৱৈ সমাজলৈ আন্তৰিক শুভেচ্ছা জনাই আমাৰ TET Qualified Forum, Assam গ্ৰুপৰ মাহেকীয়া -আলোচনীঅন্তৰীপ-অতুলনীয়ৰ সন্ধানত ২০২০ ফেব্ৰুৱৰী মাহৰ সংখ্যাটি আগবঢ়ালোঁ।

মানৱীয় মূল্যবোধৰ পৰম্পৰাত সমাজ


(প্ৰবন্ধ)
মানৱীয় মূল্যবোধৰ পৰম্পৰাত সমাজ
মণীষা শৰ্মা, জালুকবাৰী

আজিৰ সমাজত মানৱীয় মূল্যবোধৰ অভাৱ হোৱাটো আমাৰ পৰিলক্ষিত হৈছে। এখন সমাজত যদি মূল্যবোধ সম্পন্ন ব্যক্তি বোৰ পাওঁ অৰ্থাৎ ব্যক্তিবোৰ সৎ দয়ালু সংযমী, শান্তিকামী সদাচাৰী স্নেহপৰায়ন, ধৰ্মনিৰপেক্ষ,অন্তৰত পৰস্পৰৰ প্ৰতি  ভাতৃত্ববোধ থাকে  তেনেহলে সেই সমাজ খনক এখন আদৰ্শ  সম্পন্ন সমাজ বুলিব পাৰি।জাতিটো আদৰ্শ জাতি হিচাপে স্বীকৃতি লাভ কৰিব। এজন আদৰ্শ ব্যক্তি মূল্যবোধসম্পন্ন  ব্যক্তি সদায় সকলো ধৰ্মৰ প্ৰতি সমানে উদাৰ হয়। কোনো ধৰ্মৰ প্ৰতি অসহিষ্ণু নহয়।মানৱীয় মূল্যবোধেৰে পিতৃ মাতৃয়ে সন্তানক  বাল্যকালৰে পৰা দীক্ষিত কৰিব পাৰে নিজৰ ঘৰ খনতেশিশুৰ  চাৰিত্ৰিক বিকাশত ঘৰখন বা পৰিয়ালৰ ভূমিকা যথেষ্ট  আছে। শিক্ষা হল মৃত্যু পৰ্যন্তলৈ  চলা প্ৰক্ৰিয়া।সেয়ে মনোবিজ্ঞানে শিক্ষাক জীৱন যোৰা প্ৰক্ৰিয়া বুলিছে (Education is life long process.)। সেয়ে আমি সকলো ধৰণৰ শিক্ষা গ্ৰহণ কৰিব লাগে, জীৱনটো শিক্ষা। ডাঙৰক সেৱা জনোৱা, সন্মান কৰা এইবোৰ শিক্ষাৰৰ অন্তৰ্গত। অকল বিদ্যালয়ৰ কিতাপ অধ্যায়ন কৰিয়ে লোৱা শিক্ষাই প্ৰকৃত অৰ্থত শিক্ষা নহয়। নীতিশিক্ষামূলক অধ্যয়নৰ অতি আৱেশ্যক। কিয়নো আজিকালি অধিকাংশ লৰা ছোৱালীয়ে  পিতৃ-মাতৃক সন্মান জনাই কথা কবলৈ পাহৰি পেলাইছে। সেয়ে  আমি শিশু অৱস্থাতে ঘৰ খনতেই এই শিক্ষা দিব লাগে। আমাৰ এষাৰ  বাক্য আছে জুইশালত গঢ়িলেহে  কমাৰশালত গঢ়িব পাৰি।  এখন দেশ বা এখন ৰাজ্যৰ  নাগৰিক হিচাপে  জন্মৰ পিছৰে পৰা  জীয়াই  থকাৰ অধিকাৰ, বিকাশৰ অধিকাৰ, সুৰক্ষাৰ অধিকাৰ আৰু অংশগ্ৰহণৰ অধিকাৰ আছে। বৰ্তমান সময়ত শিশুৰ শিক্ষাৰ অধিকাৰকো মৌলিক অধিকাৰ  হিচাপে স্বীকৃতি দিয়া হৈছে। কিন্ত এই অধিকাৰ সমূহ গ্ৰহণ কৰাত  পৰিয়াল বা ঘৰখনে মুখ্য ভূমিকা গ্ৰহণ কৰিব লাগিব। আৰু  শিশুৰ প্রকৃত শিক্ষা গ্ৰহণৰ দ্বাৰাহে শিশুৰ মূল্যবোধৰ শিক্ষা সম্ভৱ। যিহেতু শিক্ষাৰ মূল লক্ষ্য হৈছে  সৰ্বাংগীন  বিকাশ সাধন কৰা।