Thursday, 27 February 2020

মানৱীয় মূল্যবোধৰ পৰম্পৰাত সমাজ


(প্ৰবন্ধ)
মানৱীয় মূল্যবোধৰ পৰম্পৰাত সমাজ
মণীষা শৰ্মা, জালুকবাৰী

আজিৰ সমাজত মানৱীয় মূল্যবোধৰ অভাৱ হোৱাটো আমাৰ পৰিলক্ষিত হৈছে। এখন সমাজত যদি মূল্যবোধ সম্পন্ন ব্যক্তি বোৰ পাওঁ অৰ্থাৎ ব্যক্তিবোৰ সৎ দয়ালু সংযমী, শান্তিকামী সদাচাৰী স্নেহপৰায়ন, ধৰ্মনিৰপেক্ষ,অন্তৰত পৰস্পৰৰ প্ৰতি  ভাতৃত্ববোধ থাকে  তেনেহলে সেই সমাজ খনক এখন আদৰ্শ  সম্পন্ন সমাজ বুলিব পাৰি।জাতিটো আদৰ্শ জাতি হিচাপে স্বীকৃতি লাভ কৰিব। এজন আদৰ্শ ব্যক্তি মূল্যবোধসম্পন্ন  ব্যক্তি সদায় সকলো ধৰ্মৰ প্ৰতি সমানে উদাৰ হয়। কোনো ধৰ্মৰ প্ৰতি অসহিষ্ণু নহয়।মানৱীয় মূল্যবোধেৰে পিতৃ মাতৃয়ে সন্তানক  বাল্যকালৰে পৰা দীক্ষিত কৰিব পাৰে নিজৰ ঘৰ খনতেশিশুৰ  চাৰিত্ৰিক বিকাশত ঘৰখন বা পৰিয়ালৰ ভূমিকা যথেষ্ট  আছে। শিক্ষা হল মৃত্যু পৰ্যন্তলৈ  চলা প্ৰক্ৰিয়া।সেয়ে মনোবিজ্ঞানে শিক্ষাক জীৱন যোৰা প্ৰক্ৰিয়া বুলিছে (Education is life long process.)। সেয়ে আমি সকলো ধৰণৰ শিক্ষা গ্ৰহণ কৰিব লাগে, জীৱনটো শিক্ষা। ডাঙৰক সেৱা জনোৱা, সন্মান কৰা এইবোৰ শিক্ষাৰৰ অন্তৰ্গত। অকল বিদ্যালয়ৰ কিতাপ অধ্যায়ন কৰিয়ে লোৱা শিক্ষাই প্ৰকৃত অৰ্থত শিক্ষা নহয়। নীতিশিক্ষামূলক অধ্যয়নৰ অতি আৱেশ্যক। কিয়নো আজিকালি অধিকাংশ লৰা ছোৱালীয়ে  পিতৃ-মাতৃক সন্মান জনাই কথা কবলৈ পাহৰি পেলাইছে। সেয়ে  আমি শিশু অৱস্থাতে ঘৰ খনতেই এই শিক্ষা দিব লাগে। আমাৰ এষাৰ  বাক্য আছে জুইশালত গঢ়িলেহে  কমাৰশালত গঢ়িব পাৰি।  এখন দেশ বা এখন ৰাজ্যৰ  নাগৰিক হিচাপে  জন্মৰ পিছৰে পৰা  জীয়াই  থকাৰ অধিকাৰ, বিকাশৰ অধিকাৰ, সুৰক্ষাৰ অধিকাৰ আৰু অংশগ্ৰহণৰ অধিকাৰ আছে। বৰ্তমান সময়ত শিশুৰ শিক্ষাৰ অধিকাৰকো মৌলিক অধিকাৰ  হিচাপে স্বীকৃতি দিয়া হৈছে। কিন্ত এই অধিকাৰ সমূহ গ্ৰহণ কৰাত  পৰিয়াল বা ঘৰখনে মুখ্য ভূমিকা গ্ৰহণ কৰিব লাগিব। আৰু  শিশুৰ প্রকৃত শিক্ষা গ্ৰহণৰ দ্বাৰাহে শিশুৰ মূল্যবোধৰ শিক্ষা সম্ভৱ। যিহেতু শিক্ষাৰ মূল লক্ষ্য হৈছে  সৰ্বাংগীন  বিকাশ সাধন কৰা।


আজিৰ সময়ত 'ৰা-ছোৱালীৰ হাতৰপৰা মোবাইলটো কাঢ়ি অনাটো আজিৰ সময়ত সঁচাই এটা দুৰূহ কাম। হয়তো এটা অসম্ভ কামেই! কিয়নো, যিয়ে গেম অথবা চিয়েল মেডিয়াৰ এবাৰ সোৱাদ পাইছে, সি এই সোৱাদ অতি সহজে এৰিব নোৱাৰে আৰু সেয়েই বলা আমাৰ ৰা-ছোৱালীবোৰে পঢ়াৰ মেজতেই হওঁক, ভাত খাওঁতেই হওঁক অথবা কথা কওঁতেই হওঁক মোবাইলটো এৰিব নোখোজে। কোনো সন্দেহ নাই, মোবাইল ফোন ইণ্টাৰনেট এইবোৰে আমাক বহুখিনি শিকাইছে, বহু নজনা কথা জানিবলৈ দিছে -সঁচা কথা। প্ৰতিটো বস্তুৰে থকাৰ দৰেই ইণ্টাৰনেটৰো বহুখিনি কু-প্ৰভা আছে আমি যদি এই বেয়াখিনিও সমানেই গ্ৰহণ কৰোঁ, তেন্তে তেতিয়া কি ? বলৈ লে বহুতৰে ক্ষেত্ৰত সেয়াই হৈ আছে আমাৰ বহু ৰা-ছোৱালীয়ে মোবাইলৰ প্ৰতি আসক্ত হৈ বহু সময় অনিষ্ট কৰিছে বহু নকৰিবলগীয়া কামো হয়তো কৰিছে এইবোৰৰ পৰা সিঁহতক আঁতৰাই ৰাখি কোনো সৃষ্টিমূলক কামত আত্মনিয়োগ কৰিবলৈ শিকোৱাটো অভিভাৱকসকলৰ বাবে এটা ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে সেয়েহে  আমি অভিভাৱক সকলে বা শিক্ষক সকলে সুস্থ চিন্তাৰে ল’ৰা ছোৱালীক লৈ সচেতন হোৱা উচিতমানুহ বিলাকে লাহে লাহে আমাৰ অসমীয়া সংস্কৃতিৰ প্ৰতি বীতশ্ৰদ্ধ হৈ পৰিছে। নৱ-প্ৰজন্মৰ বহুতে আমাৰ কৃষ্টিৰ লগত জড়িত আচাৰ-অনুষ্ঠান, গীত মাত বোৰ নাজানে। তাৰ কাৰণ ' ইংৰাজী পঢ়াৰ প্ৰতি প্ৰবণতা বঢ়াৰ বাবে অসমী়যা পঢ়াৰ প্ৰতি আগ্ৰহ কমি যাবলৈ ধৰিছে। ইংৰাজী মাধ্যম সমূহত অসমৰ বুৰঞ্জীৰ কথা নাই। সাধুকথাৰ কিতাপ নাই। সাধুকথাও যে শিক্ষা লাভৰ এটা মূল অংগ সেই কথাটো এতিয়া বহুতে অনুধাৱন কৰিব নোৱাৰে। বিহুগীত বহুতে নাচায় আজিৰ নৱ- প্ৰজন্মই। পথাৰৰ বিহুগীত আজি নাইকীয়া 'ল। এতিয়া বাণিজ্যকৰণৰ বাবে বিহুগীতো বিহুগীত হৈ থকা নাই। পাশ্চাত্যৰ অনুকৰণত বিহুগীততো আধুনিক বাদ্য-যন্ত্ৰ ব্যবহাৰ কৰা হ’ল, থলুৱা বাদ্য তাল, ঢোল, পেঁপা, গগনা আদি নবজা 'ল। আৰু এই বোৰ নৱজালে সংস্কৃতিৰ প্ৰকৃত মাধুৰী কেনেকৈ বুজিব পাৰিব। আমাৰ সমাজৰ পৰা বৈৰাগী সকলে বজোৱা টোকাৰী গীত নোহোৱা 'ল। লোক-গাথাৰ কথাৰে কওঁ যে মুখে মুখে চলি অহা তেজীমলাৰ গীত, জনাগাভৰুৰ গীত, বদন বৰফুকনৰ গীত, বেউলা-লখিন্দাৰৰ গীত, তাৰা পটেশ্বৰীৰ গীত আদি আমাৰ আজিৰ সময়ত নোহোবা 'ল। মুখে মুখে চলি অহা কাহিনী গদ্যত কোৱা যেনে সাধুকথা আজিৰ নৱ-প্ৰজন্ম নজনা 'ল। গতিকে আমি যদি, সংস্কৃতিৰ লগত জড়িত হৈ বিভিন্ন ধৰণৰ শিক্ষা দিব পাৰো  তেতিয়াহলে আমাৰ 'ৰা-ছোৱালীয়ে ইয়াৰদ্বাৰা কেৱল বিদ্যায়তনিক শিক্ষাই নহয়, আন হাজাৰটা নজনা কথা জানিব পাৰে লগতে এজন আদৰ্শবান ব্যক্তি হিচাপে সুস্থ নিকা সমাজ জীৱন গঢ়ি  তুলিব পাৰিব। 

No comments:

Post a Comment