Friday 28 February 2020

আকৌ ঘুৰি আহিছে কৃষ্ণ সংস্কৃতি

আকৌ ঘুৰি আহিছে কৃষ্ণ সংস্কৃতি!

(ই-আলোচনী অন্তৰীপ অতুলনীয়ৰ সন্ধানতত প্ৰকাশিত প্ৰবন্ধ)

বিগত কেইবাবছৰৰ পৰাই ভাৰতত চৌদিশে কৃষ্ণ সংস্কৃতিৰ বতাহ বৃদ্ধি হোৱা দেখিছো।   ইতিবাচক দিশ বুলিও কব পাৰি। কৃষ্ণ নাম বিজৰিত কথাবোৰহে সাহিত্য-সংস্কৃতিটো বেছি দেখিছো। আনকি কৃষ্ণ বাহনৰ নামেৰে ইণ্ডোনেছিয়াত বিমানঘাটি আৰু বিমান পৰিবহনৰ নাম (Garuda Indonesia Airlines and Garuda Airport) দিয়া হৈছে, জনামতে বিভিন্ন ঠাইত বিশ্ববিদ্যালয় তথা মহাবিদালয় কৃষ্ণ নামেৰে পতাৰো জোৱাৰ উঠিছে। নহলেনো, ঝাৰখণ্ডত ৰেল ষ্টেচনৰ নাম কৃষ্ণ নামেৰে ৰখাৰ সিদ্ধান্ত লয় নে?(বংশীধৰ  ষ্টেছন)। ইয়াৰোপৰি উত্তৰপ্ৰদেশতো কৃষ্ণ নামে ষ্টেছন পাতিছে, নাম দিছে জয়-ৰাধে ষ্টেছন। অলপতে এটা সমীক্ষাত পঢ়িলো সকলো দেৱ-দেৱতাৰ ভিতৰতে কৃষ্ণ ভক্তৰ সংখ্যা বেছি হেনো পৃথিৱীত হয়তু সেয়ে বিগত তিনিবছৰ জাকজমককৈ কেইবাদিন জুৰি ভাৰতত তথা অসমত জন্মাষ্টমী পতাও দেখি আহিছো। একেদৰে বিগত বছৰবোৰত কৃষ্ণ চৰিত্ৰক লৈ ছয় হেজাৰ গ্ৰন্থ ৰচিত  হৈছে।  উদাহৰণ স্বৰূপে আমাৰ অসমীয়াতে প্ৰকাশ হৈছে কেইবাখনো গ্ৰন্থ: মানুহ  কৃষ্ণ, ভগৱান কৃষ্ণ, কৃষ্ণ নাম লৈয়ো অনুপাম, ৰাজনীতিজ্ঞ কৃষ্ণ, সৰ্বত্ৰে কৃষ্ণ, লৈয়োক মুখে কৃষ্ণ গুন নাম, কৃষ্ণ নামেৰে ভাৰতবৰ্ষত সোতৰখন মাহেকীয়া আলোচনী আছে, সেয়া 'লঃ কৃষ্ণ কথামৃত, যদুনন্দন, কৃষ্ণ আলোক, ৰসময়ী কৃষ্ণ আদি। কৃষ্ণ নামেৰে বৰ্তমানলৈ ছিৰিয়েল সম্প্ৰচাৰিত হৈছে কেইবাখনো। কৃষ্ণ কানহাইয়া, বৃন্দাবনেৰ কৃষ্ণ আদিঅৱশ্যে ভাৰতীয় সংস্কৃতিত কৃষ্ণ উপলব্ধতা নতুন নহয়। আমাৰ জোতিপ্ৰসাদ আগৰৱালাদেৱে তাহানিতে কৈছিল ভাৰতীয় সংস্কৃতি কৃষ্ণ সংস্কৃতি বুলি

ধীৰেণ শইকীয়া, গুৱাহাটী

কৃষ্ণ কোন?বসুদেৱ যশোদাৰ পুত্ৰ, মথুৰাৰ অহংকাৰী ৰজা কংসৰ ভাগিন, মহাভাৰতীয় যুদ্ধৰ প্ৰধান উদোক্তা, ধৰাধামত দুষ্টক দমন শান্তক পালন কৰোঁতা, পঞ্চপাণ্ডৱৰ দৰে একান্ত ভকত সকলক ক্ষমতাৰ শীৰ্ষবিন্দুলৈ উত্তৰণ ঘটোৱা এটা ঐতিহাসিক চৰিত্ৰ ' কৃষ্ণ যাৰ জন্ম হৈছিল কংসৰ কাৰাগাৰত দৈৱকীৰ গৰ্ভত, জন্মৰ লগে লগে যিজন হৈছিল মাতৃভূমিৰ পৰা বিতাৰিত, বিপদ সংকুলতাৰে যাৰ বাল্যকাল পাৰ হোৱাৰ দৰে কৈশোৰকাল আৰু যৌৱনকালো গভীৰ উদ্বিগ্নতাৰে ভৰা সেইজন পৰমপুৰুষৰ ভাৰতভূমিত শান্তি-প্ৰতিষ্ঠাৰ বাবেই অৱতাৰ হৈছিল বুলি যুগে যুগে পূজিত হৈ আহিছে। সৃষ্টি, স্থিতি, প্ৰলয়ৰ অধিকাৰী বুলি যুগে যুগে পুজিত এইগৰাকী কৃষ্ণ নাম গুন স্মৰণ কীৰ্তন কৰিলে ঘোৰ কলিকালত জীৱই আচৰিতধৰণে মুক্তি লাভ কৰি কৃষ্ণতেই লীন যোৱাৰ সুযোগ মিলে। সেয়েহে কোৱা হয় এই কলি যুগত পাপী-তাপি, অপৰাধী সকলোৱে আন্তৰিকভাৱে কৃষ্ণ গুন, নাম শ্ৰৱন কীৰ্তন কৰিলে শান্তি পাব পাৰে বুলি বিশ্বাস কৰি আহিছে

কেনেকৈ ধবংস হৈছিল যদুকুল? 
কেনেকৈ ধবংস হৈছিল দ্বাৰকা? 
কৃষ্ণস্মৃতি বিজড়িত স্থানত প্ৰত্নতাত্বিক গৱেষণা, ভাৰত বৰ্ষত কোনে আনিলে কৃষ্ণ সংস্কৃতি?

বৃন্দাবন, মথুৰা, গোকুল আৰু দ্বাৰকাৰ লগত কৃষ্ণ ইতিহাস এশ শতাংশই জৰিত হৈ আছে জনামতে গোকুল আৰু বৃন্দাবনত কৃষ্ণ  দহ বছৰ আঠমাহ (জন্মৰ পৰা এঘাৰ বছৰলৈকে), মথুৰাত প্ৰায় এঘাৰ বছৰ(এঘাৰৰ পৰা বাইশজন বছৰলৈ) আৰু দ্বাৰকাত আটাইতকৈ বেছি বছৰ প্ৰায় এশ দুবছৰ(তেইশ বছৰৰ পৰা এশ পচিশ বছৰ পাঁচ মাহলৈকে) কাল কটাইছিল। কেদাৰ ৰাজ্যৰ বৃন্দা নামৰ ৰাজকন্যা এগৰাকীয়ে বহুবছৰ কৃষ্ণ বিষয়ে যিখন বনত বহি তপস্যা কৰিছিল সেইখনেই পৰৱৰ্ত্তী সময়ত  বৃন্দাৰ নামেৰে বৃন্দাবন হৈছিলগৈ। সৰু বৰ বাৰ খন বননিৰ সমষ্টি। বৰ্ত্তমান উত্তৰ প্ৰদেশত। গোকুল আৰু বৃন্দাবনৰ দূৰত্ব প্ৰায় পচিশ কিলোমিটাৰ। মথুৰা হৈছে গোকুলৰ পৰা পোন্ধৰ কিলোমিটাৰ দূৰৈৰ এখন পুন্যভূমি।১৯৬৩ চনৰ পৰা ২০০৭ চনলৈ কেইবাবাৰো দ্বাৰকা নগৰীৰ অৱশিষ্ট উদ্ধাৰৰ বাবে সাগৰৰ তলত খনন চলোৱা হৈছিল। Archalogical Survey of India আৰু National Institute of Oceanography যুটীয়া উদোগত ভালে খিনি অনুসন্ধান চলিছিল বুলি 'The Lost City Dwaraka' (author S.N. Rao) গ্ৰন্থখনত পোৱা যায়।  Thermolumination নামৰ  কাৰ্বন ডেটিঙেৰে চলোৱা পৰীক্ষাত দ্বাৰকা নগৰীখন খ্ৰীষ্ট পূৰ্ব ষোল্লৰ পৰা পোন্ধৰ শতিকাৰ বুলি প্ৰমানিত হয়। কৃষ্ণ আহবানত এদিন জলভাগ উঠি আহি দ্বাৰকা নগৰৰ সৃষ্টি হোৱাৰ পিছত  পুনৰ যদুবংশৰ পতনৰ আগে আগে প্ৰাকৃতিক  দুৰ্যোগৰ(সাগৰীয় ধুমুহা, উল্কাপিণ্ড, অতিকায় সাগৰীয় জীৱৰ আগমন, ধুমকেতুৰ পতন আদি) লগতে যদুবংশৰ নৈতিক চৰিত্ৰৰ অধ:পতন, খিয়লা-খিয়লি ভাব, পৰস্পৰ ষড়যন্ত্ৰ, যুঁজ-বাগৰ আদি বিভিন্ন কাৰণত দ্বাৰকা অৱশেষত নি:চিহ্ন হব লগা হৈছিল বুলি সন্দেহ কৰা হৈছে। খ্ৰীষ্ট পূৰ্ব ষোল্লৰ পৰা পোন্ধৰ শতিকাৰ ভিতৰত কৃষ্ণ  আৰৱ সাগৰৰ তলিৰ পৰা উদ্ধাৰ কৰা এই ভূমিতেই চৌদিশে বৃহৎ বৃহৎ কলেৱৰৰ শিলেৰে দ্বাৰকা নগৰীখন মজবুতকৈ বনোৱা হৈছিল। কেইবাগৰাকী ইতিহাসবিদে খ্ৰীষ্টপূৰ্ব  ১৪৪৩ চনত এই নগৰখন  সাগৰত ডুব যায় বুলি কয় 

সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত দক্ষিণ ভাৰতত প্ৰথম কৃষ্ণ চৰ্চাৰ আৰম্ভনি হয়, এই চৰ্চা কৰে আলৱাৰসকলে। দক্ষিণ ভাৰতত খ্ৰীঃ ষষ্ঠ-সপ্তম শতিকাত আলৱাৰ কবি সকলে কৃষ্ণ মহিমা বৰ্ণনা কৰা ভক্তিগীত বোৰে প্ৰথমে কৃষ্ণভক্তি এইখন ভাৰতবৰ্ষত প্ৰচাৰ কৰিছিল 

কৃষ্ণ আনুমানিক জীৱনকালঃকৃষ্ণ আনুমানিক জীৱনকাল বহুজনে বহু তথ্য ডাঙি ধৰিলেও বেছি সংখ্যকেই খ্ৰীঃ পূৰ্বাব্দ ৩২২৮-৩১০২ বুলি ঠাৱৰ কৰিছে। কুৰুক্ষেত্ৰ যুদ্ধৰ ছয়ত্ৰিশ বছৰ পিছত সমস্ত যদুকুলৰ নিপাতৰ লগতে কৃষ্ণয়ো ইহলীলা সম্বৰণ কৰে, তাৰ পিছৰ পৰাই পৃথিৱীত কলিযুগৰ আৰম্ভ হোৱা বুলি কয়

আৰ্য্যবৰ্ত্তত প্ৰতিদণ্ডী চিৰদিনলৈ নাইকিয়া কৰিবলৈকে জৰাসন্ধ আৰু শিশুপাল বধ কৰিছিল কৃষ্ণই। আচাৰ্য গৰ্গমুনি আৰু শিক্ষাগুৰু সনদীপ মুনিয়ে আৰ্যাৱৰ্তত শিৱ ভক্ত, বৃহদধৰ পুত্ৰ তথা  মগধ ৰাজ জৰাসন্ধৰ নেতৃত্বত গঢ়ি উঠা বৃহৎ সাম্ৰাজ্যবাদী শক্তিক অতি শীঘ্ৰে পদানত নকৰিলে ধৰ্ম,শান্তি আৰু মৈত্ৰী স্থাপন কৰি অখণ্ড ভাৰত গঢ়াৰ সপোন কৃষ্ণ সফল নহ' বুলি উল্লেখ কৰাত জৰাসন্ধ বধৰ প্ৰয়োজনীয়তা উপলব্ধি কৰে কৃষ্ণই। এই কাৰ্য্যৰ বাবে অৰ্জুন বা ভীমক বাছি ললে কৃষ্ণই। উল্লেখযোগ্য যে  সেইসময়ত ছিয়াশীজন(৮৬) ৰজাক পৰ্বতৰ গুহাত বন্দী কৰাৰ লগতে আৰু চৈধ্য জনক বন্দী কৰি একেলগে এশ বন্দী ৰজাক মন্দিৰত বলি দি পূজা কৰাৰ এক আসুৰিক আকাংক্ষা পুহি ৰাখিছিল জৰাসন্ধই। গতিকে ধৰ্ম ৰক্ষাৰ দিশৰ পৰাও জৰাসন্ধ বধ অতি প্ৰয়োজনীয় কথা আছিলেই কৃষ্ণৰ। গতিকে জৰাসন্ধক বধ কৰি আজন্ম শত্ৰুজনক পৃথিৱীৰ পৰা চিৰবিদায় জনোৱাৰ হেপাহ কাৰ্য্যকৰীকৰণ কৰিছিল শ্ৰীকৃষ্ণ ভীমৰ যোগেদি। জৰাসন্ধৰ দৰে আন এগৰাকী চেদী ৰাজ শিশুপালৰ হত্যাও(কাৰণ নৰকাসুৰক হত্যাৰ বাবে প্ৰাগজোতিষপুৰত ব্যস্ত থাকোতে জৰাসন্ধৰ প্ৰিয়পাত্ৰ 'বলৈ দ্বাৰকা নগৰী পুৰি চাৰখাৰ কৰিছিল  শিশুপালে) শ্ৰীকৃষ্ণ বাবে সেইসময়ত বৰ দৰকাৰী কথা আছিল বাবেই শিশুপালকো হত্যা কৰি নিজৰ লগতে দহৰ উপকাৰ সাধিছিল, ধৰ্মও ৰক্ষা পৰিছিল জনামতে, জৰাসন্ধ আৰু শিশুপাল বধৰ পাছৰ আৰ্য্যবৰ্ত্তত কৃষ্ণ প্ৰতিদণ্ডী চিৰদিনলৈ নাইকিয়া 'ল। বাকীবোৰ কথালৈ নগৈ জৰাসন্ধৰ লগত কৃষ্ণ শত্ৰুতা, গান্ধাৰীৰ কৃষ্ণ অভিশাপ, ৰহস্যময় পৰিবেশত যদুকুল ধ্বংস এই তিনিটা ঘটনালৈ চালেই সমগ্ৰ মহাভাৰতীয় ইতিহাস যে কৃষ্ণ কেন্দ্ৰীভূত তাক সহজে বুজিব পাৰি

No comments:

Post a Comment