(প্ৰৱন্ধ)
ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ উৎপত্তি
✍ প্ৰীতি শিখা নাথ
ঈশ্বৰৰ শ্ৰেষ্ঠ সৃষ্টি হৈছে মানুহ। নৃত্যৰ উৎপত্তিৰ বিষয়ে অনুসন্ধান কৰিলে দেখা যায় যে
পৃথিৱীৰ বহুসংখ্যক বিজ্ঞানী একমত আছিল যে আদিম যুগত মানুহৰ যেতিয়া আনন্দ লাগিছিল তেতিয়া বিভিন্ন শব্দৰ উৎপত্তি হাতৰ তালি আৰু অংগী ভংগীৰে অংগ সঞ্চালন কৰিছিল। তেনে সময়ত সংগীতৰ বিষয়ে চিন্তা চৰ্চা কৰা বা উন্নতি সাধন কৰাৰ উপায় নাছিল। ঠিক সেই সময়চোৱাতে মানুহে অসভ্য আচৰণ কৰিবলৈ লৈছিল। মানুহবোৰ অতি হিংসাকুৰীয়া, লুভীয়া আৰু ইজনে সিজনৰ প্ৰতি ঈৰ্ষা পৰায়ণ হৈ পৰিছিল। মৰা- মৰি, কটা-কটি কৰি জীৱনৰ গতিপথ সলনি কৰি পেলাইছিল। অকল যে মানুহৰ মাজতে এনেকুৱা উৎপাতবোৰ হৈছিল তেনে নহয় দৈত্য ৰাক্ষস সকলৰ মাজতো খোৱা-কামোৰা, মৰা-মৰি আৰম্ভ হৈছিল। কথিত আছে যে পৃথিৱীৰ এনে অৱস্থা দেখি ইন্দ্ৰকে ধৰি আন
দেৱতা সকলো ভয় খাইছিল আৰু ভগৱান ব্ৰহ্মাৰ ওচৰত গৈ অনুৰোধ কৰিছিল যে তেওঁলোকক যেন এনে এটা পুতলা সৃষ্টি কৰি দিয়ে যেন যিটোৰ দ্বাৰা সিহঁতে দেখিবলৈ আৰু শুনিবলৈ পায়। তেওঁলোকৰ মন
যাতে ভাল পথেৰে পৰিচালিত হয়। ব্ৰহ্মাই সেইসময়ত দেৱতাসকলক বিদ্ৰুপ কৰি তেওঁলোকৰ অনুৰোধ মানিব বিচৰা নাছিল। যিহেতু তেওঁৱেই সকলোৰে স্ৰজনকৰ্তা। লগতে ইতিমধ্যে তেওঁ সকলোৰে জ্ঞানৰ অৰ্থে বেদ ৰচনা কৰি উলিয়াইছে। যাতে সকলোৱে সৎপথে পৰিচালিত হৈ
জ্ঞান অৰ্জন কৰিব পাৰে। যদি তেওঁলোকে বেয়া আচৰণ কৰিছে তাৰমানে তেওঁলোকে বেদৰ অপব্যৱহাৰ কৰিছে আৰু গুৰুত্ব দিয়া নাই। যত
নেকি সকলো জ্ঞানৰে উল্লেখ আছে আৰু বহুতো মানুহে তাৰ দ্বাৰা লাভৱান ইতিমধ্যে হৈছে। কিন্তু শূদ্ৰ সকল তাৰ পৰা বঞ্চিত হৈছিল। আনকি তেওঁলোকে শুনাটো বাধা আছিল। এনে অৱস্থাত এটাই উপায় আছিল যে পঞ্চম বেদ ৰচনা কৰা। যিখনৰ দ্বাৰা সকলো বৰ্ণৰ মানুহে উপকৃত হব পাৰিব।
ইন্দ্ৰই তেওঁৰ বুদ্ধি কৌশলৰ জৰিয়তে তেওঁৰ মনোভাৱ ভগৱানৰ ওচৰত দাঙি ধৰে। ব্ৰহ্মাই ইন্দ্ৰৰ কথামতে পঞ্চমখন বেদ ৰচনা কৰি উলিয়াইছিল। যাৰ নাম "নাট্যবেদ"। ব্ৰহ্মাই ঋকবেদৰ পৰা কলাৰ মূলভাৱ সাহিত্য লৈছিল, অভিনয় লৈছিল যৰ্জুৱ বেদৰ পৰা, সংগীত লৈছিল সাম বেদৰ পৰা আৰু শ্ৰুত অৰ্থ্যৎ শুনাটো লৈছিল অৰ্থৱ বেদৰ পৰা। ইন্দ্ৰক ব্ৰহ্মই এনে এজন ঋষি মুনি বাচি উলিয়াব দিছিল যিজন ঋষি বিদ্যানৰ লগতে কষ্ট কৰিব পাৰে।
অৱশেষত ভৰতমুনিক বাচি উলিয়াই এই
দায়িত্ব দিয়া হৈছিল। ভৰতমুনিয়ে তেওঁৰ এশ
শিষ্যক নাটক শিকাবলৈ ললে আৰু সেইখন শিৱৰ সন্মুখত প্ৰদৰ্শন কৰিবলৈ ঠিক কৰিলে। নাটকখন ভৰতমুনিয়ে নিজে বিৱৰণ দি গৈছিল। নাটকখনৰ নাম আছিল "ত্ৰিপুৰা দহন"(তিনিটা দৈত্য আৰু তেওঁলোকৰ ওলোমা নগৰ)। শিৱই নাটকখনত নৃত্যৰ শৈলী দেখি শলাগ লৈছিল আৰু নিজৰ শক্তিময় নৃত্য তাণ্ডৱ লগ
লগাবলৈ কৈছিল। সেয়ে ভৰতমুনিয়ে তাণ্ডুৰ পৰা তাণ্ডৱ নৃত্য আৰু আৰু পাৰ্বতীৰ পৰা মহিলাৰ লয়লাস "লাস্য" ভাৱ ভংগী শিকি লৈছিল।
ভৰতমুনিয়ে শিকোৱা এশ শিষ্য
আৰু পাৰ্বতীৰ পৰা উষাই আৰু উষাৰ পৰা সৌৰাষ্ট্ৰৰ গোপিনী সকলে এনেদৰে লাহে লাহে নৃত্য শিকিবলৈ আৰম্ভ কৰে। প্ৰাচীন ভাৰতত নৃত্য আৰু সংগীতৰ এক সুকীয়া মৰ্যাদা আছিল। মন্দিৰত দেৱদাসী সকলে ইয়াৰ বাহক বুলি স্বীকাৰ কৰিব লাগিব। লাহে লাহে নৃত্যই ৰাজ দৰবাৰত স্থান পায়। মোগলৰ ৰাজত্ব কালত আৰু ইংৰাজৰ শাসনৰ সময়ত শাস্ত্ৰীয় নৃত্য সমূহ বিপদগামী হৈছিল যদিও ভাৰতীয় সংগীতৰ আধ্যাত্মিকতাই ইয়াক বিলোপ হোৱাৰ পৰা ৰক্ষা কৰে। বৰ্তমান পশ্চিমীয়া সংগীতৰ প্ৰভাৱ পৰিলেওঁ বহু বিশিষ্ট নৃত্য বিদৰ কষ্ট আৰু সাধনাই ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ আৰু নৃত্যৰ সুকীয়া ধাৰা অক্ষুন্ন ৰাখিছে।
প্ৰধানতঃ ব্ৰহ্মাৰ পঞ্চম বেদৰ আধৰত আৰু ভৰতমুনিৰ নাট্যশাস্ত্ৰৰ মূল সূত্ৰ সমূহৰ দ্বাৰাই নৃত্যৰ বিকাশ হৈছে ।
বিঃদ্ৰঃ (গুগল আৰু জোনালী দেৱী গোস্বামীৰ ভাৰতনাট্যমৰ ইতিহাস কিতাপ খনৰ পৰা যুগুতোৱা)
No comments:
Post a Comment