(প্ৰৱন্ধ)
ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ উৎপত্তি
✍ প্ৰীতি শিখা নাথ
ঈশ্বৰৰ শ্ৰেষ্ঠ সৃষ্টি হৈছে মানুহ। নৃত্যৰ উৎপত্তিৰ বিষয়ে অনুসন্ধান কৰিলে দেখা যায় যে
পৃথিৱীৰ বহুসংখ্যক বিজ্ঞানী একমত আছিল যে আদিম যুগত মানুহৰ যেতিয়া আনন্দ লাগিছিল তেতিয়া বিভিন্ন শব্দৰ উৎপত্তি হাতৰ তালি আৰু অংগী ভংগীৰে অংগ সঞ্চালন কৰিছিল। তেনে সময়ত সংগীতৰ বিষয়ে চিন্তা চৰ্চা কৰা বা উন্নতি সাধন কৰাৰ উপায় নাছিল। ঠিক সেই সময়চোৱাতে মানুহে অসভ্য আচৰণ কৰিবলৈ লৈছিল। মানুহবোৰ অতি হিংসাকুৰীয়া, লুভীয়া আৰু ইজনে সিজনৰ প্ৰতি ঈৰ্ষা পৰায়ণ হৈ পৰিছিল। মৰা- মৰি, কটা-কটি কৰি জীৱনৰ গতিপথ সলনি কৰি পেলাইছিল। অকল যে মানুহৰ মাজতে এনেকুৱা উৎপাতবোৰ হৈছিল তেনে নহয় দৈত্য ৰাক্ষস সকলৰ মাজতো খোৱা-কামোৰা, মৰা-মৰি আৰম্ভ হৈছিল। কথিত আছে যে পৃথিৱীৰ এনে অৱস্থা দেখি ইন্দ্ৰকে ধৰি আন
দেৱতা সকলো ভয় খাইছিল আৰু ভগৱান ব্ৰহ্মাৰ ওচৰত গৈ অনুৰোধ কৰিছিল যে তেওঁলোকক যেন এনে এটা পুতলা সৃষ্টি কৰি দিয়ে যেন যিটোৰ দ্বাৰা সিহঁতে দেখিবলৈ আৰু শুনিবলৈ পায়। তেওঁলোকৰ মন
যাতে ভাল পথেৰে পৰিচালিত হয়। ব্ৰহ্মাই সেইসময়ত দেৱতাসকলক বিদ্ৰুপ কৰি তেওঁলোকৰ অনুৰোধ মানিব বিচৰা নাছিল। যিহেতু তেওঁৱেই সকলোৰে স্ৰজনকৰ্তা। লগতে ইতিমধ্যে তেওঁ সকলোৰে জ্ঞানৰ অৰ্থে বেদ ৰচনা কৰি উলিয়াইছে। যাতে সকলোৱে সৎপথে পৰিচালিত হৈ
জ্ঞান অৰ্জন কৰিব পাৰে। যদি তেওঁলোকে বেয়া আচৰণ কৰিছে তাৰমানে তেওঁলোকে বেদৰ অপব্যৱহাৰ কৰিছে আৰু গুৰুত্ব দিয়া নাই। যত
নেকি সকলো জ্ঞানৰে উল্লেখ আছে আৰু বহুতো মানুহে তাৰ দ্বাৰা লাভৱান ইতিমধ্যে হৈছে। কিন্তু শূদ্ৰ সকল তাৰ পৰা বঞ্চিত হৈছিল। আনকি তেওঁলোকে শুনাটো বাধা আছিল। এনে অৱস্থাত এটাই উপায় আছিল যে পঞ্চম বেদ ৰচনা কৰা। যিখনৰ দ্বাৰা সকলো বৰ্ণৰ মানুহে উপকৃত হব পাৰিব।
