Wednesday, 25 July 2018

কম্পিউটাৰৰ বিষয়ে প্ৰাথমিক জ্ঞান

কম্পিউটাৰৰ বিষয়ে প্ৰাথমিক জ্ঞান


 শিক্ষামূলক প্ৰবন্ধঃ
কম্পিউটাৰৰ বিষয়ে প্ৰাথমিক জ্ঞান

হেমন্ত কুমাৰ দাস


১৯শতিকাক আমি কম্পিউটাৰ বিজ্ঞান ইতিহাসৰ “সোণালী শতিকা” হিচাপে গণ্য কৰিব পাৰো। এই শতিকাৰে মাজভাগতে Charles Babbage (A mathematician, philosopher, inventor and mechanical engineer, UK)এ বিশ্বৰ প্ৰথম যান্ত্ৰিক কম্পিউটাৰটো সাজি উলিয়াইছিল; তেওঁ এই কম্পিউটাৰটোক  Difference Engine নামেৰে নামাকৰণ কৰিছিল। সেয়েহে Charles Babbageক “আধুনিক কম্পিউটাৰ চিষ্টেমৰ পিতৃস্বৰূপ” বুলিও অভিহিত কৰা হৈছিল।
Charles Babbage

কম্পিউটাৰ চিষ্টেম কাক বোলে?
কম্পিউটাৰ চিষ্টেম হৈছে এবিধ দ্ৰুতবেগী, নিখুত ইলেকট্ৰনিক যন্ত্ৰ। ই ব্যৱহাৰকাৰীৰ পৰা ইনপুট ডিভাইচ(কি-ব’ৰ্ড, মাউচ, স্কেনাৰ ইত্যাদি)ৰ জৰিয়তে তথ্য গ্ৰহণ কৰে, প্ৰগ্ৰাম (Software-নিৰ্দেশনাৰ সমষ্টি) অনুসৰি তথ্যৰ ওপৰত কাৰ্য (Process) কৰে আৰু ব্যৱহাৰকাৰীয়ে বিচৰা ধৰণে আউটপুট ডিভাইচ(মনিটৰ, স্পিকাৰ, প্ৰিণ্টাৰ ইত্যদি)ৰ জৰিয়তে তথ্যৰ যোগান ধৰে।


কম্পিউটাৰ চিষ্টেমৰ মূল অংশসমূহঃ
কম্পিউটাৰ চিষ্টেমৰ মূল অংশসমূহক আমি তিনিটা ভাগত ভাগ কৰিব পাৰোঃ
(ক) হাৰ্ডৱেৰ (Hardware): কম্পিটাৰৰ ভৌতিক, যান্ত্ৰিক, ইলেকট্ৰিক আৰু ইলেকট্ৰনিকচ ইত্যদি হাতেৰে চুব পৰা অংশকসমূহক হাৰ্ডৱেৰ বুলি কোৱা হয়।  যেনেঃ কি-ব’ৰ্ড, মাউচ, স্কেনাৰ, প্ৰিণ্টাৰ, স্পিকাৰ, চি.পি.ইউ.ৰ বিভিন্ন যন্ত্ৰাংশ ইত্যাদি।

(খ) চফটৱেৰ (Software): কম্পিউটাৰ বিভিন্ন প্ৰগ্ৰাম(কম্পিউটাৰৰ নিৰ্দেশনাৰ সমষ্টি; যিয়ে কম্পিউটাৰক কাৰ্য কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে)সমুহক চফটৱেৰ বুলি কোৱা হয়। যেনেঃ Microsoft Windows, BeOS, Unix, Linux, Mac OS ইত্যাদি বিভিন্ন অপাৰেটং চিষ্টেম প্ৰগ্ৰাম; Microsoft Office, Corel Application, Adobe Photoshop, Pagemaker, Tally, Pinnacle, Sound Forge, Busy ইত্যাদি বিভিন্ন এপ্লিকেশ্বন চফটৱেৰ।

(গ) লাইভ-ৱেৰ (Liveware): প্ৰগ্ৰামাৰ (কম্পিউটাৰৰ প্ৰগ্ৰেম লিখোতা), কম্পিউটাৰ বিশেষজ্ঞ, কম্পিউটাৰ পেশাজীৱি আৰু কম্পিউটাৰ ব্যৱহাৰকাৰীসকলক লাইফৱেৰ বুলি কোৱা হয়।

কম্পিউটাৰ চিষ্টেমৰ শ্ৰেণীবিভাজনঃ
যদিও কম্পিউটাৰ চিষ্টেমৰ শ্ৰেণীবিভাজন কৰাটো উজু নহয়; তথাপিও উদ্ভাৱনৰ সময়(প্ৰজন্ম), প্ৰযুক্তি, আকাৰ আৰু কাৰ্য ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰি কম্পিউটাৰ চিষ্টেমসমূহক শ্ৰেণীবিভাজন কৰিব পৰা যায়।

উদ্ভাৱনৰ সময়(প্ৰজন্ম)ৰ ভিত্তিত কম্পিউটাৰ চিষ্টেমৰ শ্ৰেণীবিভাজনঃ
প্ৰথম প্ৰজন্ম(১৯৪০-১৯৫৫) প্ৰথম প্ৰজন্মৰ  কম্পিউটাৰ চিষ্টেম সমূহত থাৰ্মনিক ভালভ প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছিল।
প্ৰথম প্ৰজন্মৰ  কম্পিউটাৰ চিষ্টেম সমূহৰ বৈশিষ্টঃ
-         অতি বৃহৎ আকাৰৰ আছিল (প্ৰায় এটা ঘৰৰ সমান আকৃতিৰ)।
-        এই কম্পিউটাৰ চিষ্টেম সমূহত ভেকুৱাম টিউৱ ব্যৱহাৰ কৰা হৈছিল; ইহঁতক চলাবলৈ প্ৰচুৰ পৰিমাণৰ বিদ্যুত শক্তিৰ প্ৰয়োজন হৈছিল ফলত কম্পিউটাৰ সমূহ সোনকালে গৰম হৈ পৰিছিল।
-         স্মৃতি বা সঞ্চয় শক্তি সীমিত আছিল।
-         গণনাশক্তিৰ গতি কম আছিল।
প্ৰথম প্ৰজন্মৰ  কম্পিউটাৰ চিষ্টেমৰ কেইটিমান উদাহৰণ - ENIAC, EDVAC, UNIVAC ইত্যাদি।

দ্বিতীয় প্ৰজন্ম(১৯৫৬-১৯৬৫) দ্বিতীয় প্ৰজন্মৰ  কম্পিউটাৰ চিষ্টেম সমূহত ট্ৰেনজিষ্টৰ  প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হৈছিল।
দ্বিতীয় প্ৰজন্মৰ  কম্পিউটাৰ চিষ্টেম সমূহৰ বৈশিষ্টঃ
প্ৰথম প্ৰজন্মৰ তুলনাত
-         আকাৰত সৰু আছিল (প্ৰায় ডাঙৰ টেবুল এখনৰ সমান আকৃতিৰ)।
-         নিৰ্ভৰযোগ্যতা বৃদ্ধি হৈছিল।
-         স্মৃতি বা সঞ্চয় শক্তি অধিক আছিল।
-         গণনাশক্তিৰ গতি অধিক আছিল।
দ্বিতীয় প্ৰজন্মৰ  কম্পিউটাৰ চিষ্টেমৰ কেইটিমান উদাহৰণ UNIVAC-III, IBM(International Business Machine)- 700, 1600 Series ইত্যাদি।

তৃতীয় প্ৰজন্ম(১৯৬৬-১৯৬৯) তৃতীয় প্ৰজন্মৰ  কম্পিউটাৰ চিষ্টেম সমূহত ট্ৰেনজিষ্টৰৰ পৰিবৰ্তে ইণ্টিগ্ৰেটেড চাৰ্কিত (IC) প্ৰযুক্তিৰ ব্যৱহৃত হৈছিল। যিয়ে এই কম্পিউটাৰ সমূহক আগৰ কম্পিউটাৰ সমুহতকৈ প্ৰায় ১০,০০০ গুণ অধিক ক্ষীপ্ৰ তুলিছিল।
তৃতীয় প্ৰজন্মৰ  কম্পিউটাৰ চিষ্টেম সমূহৰ বৈশিষ্টঃ
-         আকাৰত সৰু আছিল।
-         নিৰ্ভৰযোগ্যতা আৰু গণনাশক্তিৰ গতি বৃদ্ধি হৈছিল।
-         স্মৃতি বা সঞ্চয় শক্তি অধিক আছিল।
-         সৰল ইনপুট আৰু আউটপুট ডিভাইচৰ ব্যৱহাৰ হৈছিল।
 তৃতীয় প্ৰজন্মৰ  কম্পিউটাৰ চিষ্টেমৰ কেইটিমান উদাহৰণ IBM360, 370 Series PDB-8 Series ইত্যাদি।

চতুৰ্থ প্ৰজন্ম(১৯৭০-১৯৮৫) চতুৰ্থ প্ৰজন্মৰ পৰা কম্পিউটাৰ চিষ্টেম সমূহত মাইক্ৰ-প্ৰচেচৰ চিপ (Micro-Processor Chip) প্ৰযুক্তিৰ ব্যৱহাৰ হৈছিল। ১৯৭১ চনত ইনটেল কৰ্পোৰেচন নামৰ কোম্পানীটোৱে Intel-4004 নামৰে এটি মাইক্ৰ-প্ৰচেচৰ চিপ  প্ৰস্তুত কৰি উলিয়ায়।

চতুৰ্থ প্ৰজন্মৰ  কম্পিউটাৰ চিষ্টেমত ব্যৱহাৰ কৰা কেইটিমান মাইক্ৰ-প্ৰচেচৰ চিপৰ উদাহৰণ Intel-386, 486 Series, Pentium- I, II, III Series ইত্যাদি।

পঞ্চম প্ৰজন্ম(১৯৮৫- বৰ্তমানলৈ) প্ৰথম প্ৰজন্মৰ পৰা চতুৰ্থ প্ৰজন্মলৈ কম্পিউটাৰ বিজ্ঞানৰ ক্ষেত্ৰখন অতি দ্ৰুতভাৱে পৰিবৰ্তন হৈছিল। আজিকালি মানুহৰ দৈনন্দিন জীৱনৰ প্ৰায় সকলোবোৰ ক্ষেত্ৰতে কম্পিউটাৰ প্ৰযুক্তিৰ ব্যৱহাৰ কৰা দেখা যায়।  বৰ্তমানৰ পঞ্চম প্ৰজন্মৰ কম্পিউটাৰ চিষ্টেম সমূহত সমান্তৰালভাৱে কাৰ্যক্ষম হাৰ্ডৱেৰ আৰু কৃত্ৰিম বুদ্ধিমত্তা(Artificial Intelligence)ৰ চফটৱেৰ প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হয়।

কৃত্ৰিম বুদ্ধিমত্তা(Artificial Intelligence) কম্পিউটাৰ বিজ্ঞানৰ ক্ষেত্ৰখনৰ এটি উদ্ভূত শাখা য’ত কম্পিউটাৰসমুহক কৃত্ৰিমভাৱে মানুহৰ দৰে চিন্তা আৰু সিন্ধান্ত গ্ৰহণ কৰিব পৰা যান্ত্ৰিক শক্তি প্ৰদানৰ বাবে অধ্যয়ন আৰু পৰীক্ষা-নিৰীক্ষা আদি চলোৱা হয়।

প্ৰযুক্তিৰ ভিত্তিত কম্পিউটাৰ চিষ্টেমৰ শ্ৰেণীবিভাজনঃ
(ক) এনালগ কম্পিউটাৰঃ এনালগ কম্পিউটাৰ সমূহে ভৌতিক ধৰ্মৰ নিৰবিচ্চিন্ন জোখমাখৰ তথ্যসমুহক চিনাক্ত কৰিব পাৰে। এই কম্পিউটাৰসমূহে আউটপুট(ফলফল)সমুহ ৰেখাচিত্ৰ(Graph) বা সংখ্যাচিত্ৰ(Dials) আকাৰত প্ৰদৰ্শন কৰে। এই কম্পিউটাৰসমূহক ভল্টেজ, গতিবেগ, চাপ, উষ্ণতা ইত্যাদি ভৌতিক ধৰ্মৰ জোখমাখ লোৱাৰ বাবে ব্যৱহাৰ কৰা হয়।

(খ) ডিজিটেল কম্পিউটাৰঃ ডিজিটেল কম্পিউটাৰসমুহ হৈছে দ্ৰুতবেগী নিৰ্দেশনা দি(Programable) কাৰ্য কৰাব পৰা এবিধ ইলেক্ট্ৰনিক যন্ত্ৰ; যিয়ে তথ্যৰ ওপৰত গণনা, ফলাফলৰ মান নিৰূপণ আৰু তথ্য সঞ্চয় কৰা আদি কাৰ্য সম্পাদন কৰিব পাৰে। এই কম্পিউটাৰসমুহে তথ্য সমূহক বিদ্যুত ভল্টেজৰ পৃথক সংকেত “ON”(1) বা “OFF”(0) অৱস্থাত চিনাক্ত কৰি গণনা কৰিব পাৰে। ডিজিটেল কম্পিউটাৰসমুহে আখৰ, সংখ্যা, চিহ্ন আদি সকলোকে  Binary Digit 1 বা 0 ত চিনক্তকৰি গণনা কাৰ্য সম্পাদন কৰে।
 ` 
(গ) হাইব্ৰিড কম্পিউটাৰঃ এনালগ কম্পিউটাৰ আৰু ডিজিটেল কম্পিউটাৰ উত্তম কৌশলসমূহৰ একত্ৰিত কৰি হাইব্ৰিড কম্পিউটাৰ প্ৰস্তুত কৰা হয়। সেয়েহে হাইব্ৰিড কম্পিউটাৰে এনালগ কম্পিউটাৰ আৰু ডিজিটেল কম্পিউটাৰ দুয়োবিধ কম্পিউটাৰৰে দৰে কাৰ্য কৰিব পাৰে।

কাৰ্যক্ষমতা আৰু আকৃতিৰ ভিত্তিত কম্পিউটাৰ চিষ্টেমৰ শ্ৰেণীবিভাজনঃ
কাৰ্যক্ষমতা আৰু আকৃতিৰ ভিত্তিত কম্পিউটাৰ চিষ্টেমসমূহক আমি তলত উল্লেখ কৰা ধৰণে শ্ৰেণীবিভাজন কৰিব পাৰো
Super Computer --> Mainframe --> Mini Computer --> Micro Computer
In decreasing order of size & strength

(ক) চুপাৰ কম্পিউটাৰঃ চুপাৰ কম্পিউটাৰ হৈছে সাম্প্ৰতিক সময়ৰ আটাইতকৈ ডাঙৰ, দ্ৰুতবেগী আৰু অতি উচ্চ ক্ষমতাসম্পন্ন কম্পিউটাৰ চিষ্টেম। চুপাৰ কম্পিউটাৰ চিষ্টেমসমূহত কেইবাটাও প্ৰচেছিং ইউনিটে সমান্তৰাল ভাৱে কাৰ্য কৰে ফলত এই কম্পিউটাৰসমূহৰ গণনা শক্তি আৰু কাৰ্যক্ষমতা দ্ৰুতবেগী হয়। চুপাৰ কম্পিউটাৰসমূহ সাধাৰণতে বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা, গৱেষণা আদি কাৰ্যত ব্যৱহাৰ কৰা হয়।

(খ) মেইনফ্ৰেমঃ মেইনফ্রেম কম্পিউটাৰ হ’ল বৃহৎ বৃহৎ প্রতিষ্ঠানবিলাকত প্রাথমিকভাবে ব্যবহৃত কম্পিউটাৰ; মেইনফ্রেম কম্পিউটাৰৰ জৰিয়তে কঠিন প্ৰায়োগিক কাৰ্য, একলগে বহুতো তথ্যৰ ওপৰত কাৰ্য-সম্পাদন আৰু প্রক্রিয়াকৰণ কৰা হয়।

মেইনফ্রেম এই নামটো আহিছে ডাঙৰ ট্ৰাংক বা তৰপীয়া কোঠালি যুক্ত আলমাৰিৰ গঠন/আকৃতিৰ পৰা; ইয়াক কেন্দ্রীয় প্রক্রিয়াকৰণ/ প্ৰচেছিং ইউনিট বা মুখ্য স্মৃতি বা মেম’ৰি ৰখাৰ বাবে ব্যবহাৰ কৰা হৈছিল। পৰৱৰ্তী সময়ত এই নামটো কম ক্ষমতাসম্পন্ন কম্পিউটাৰৰ পৰা উচ্চ বানিজ্যিক ক্ষমতাৰ কম্পিউটাৰসমূহক পৃথক কৰাৰ বাবে ব্যবহাৰ কৰা হয়।

(গ) মিনি কম্পিউটাৰঃ মিনি কম্পিউটাৰ হ’ল সৰু আকাৰৰ কম্পিউটাৰৰ এটি শ্রেণী, যাক ১৯৬০ দশকৰ মধ্যভাগত প্ৰস্তুত কৰা হৈছিল; এই কম্পিটাৰ বিলাক আৰু আই.বি.এম. মেইনফ্রেম আৰু মজলীয়া আকাৰৰ কম্পিউটাৰ আৰু অন্যান্য সমসাময়িক প্রতিযোগী কম্পিয়টাৰৰ তুলনাত কম বিক্রি হৈছিল। ১৯৭০ চনৰ দ্যা নিউ ইৰ্ক টাইমচত প্ৰকাশিত এটি সমীক্ষা অনুসৰি মিনি কম্পিউটাৰ এনে এটি কম্পিউটাৰ যাৰ দাম ২৫০০০ ডলাৰতকৈ কম য’ত টেলিপ্রিণ্টাৰ সদৃশ ইনপুট আৰু আউটপুট যন্ত্র, ৪কে(4K) শব্দৰ মেম’ৰি আছে আৰু ই উচ্চস্তৰৰ কম্পিউটাৰ প্ৰগ্ৰামিং ভাষা (ফোৰট্রান, বেচিক) চলোৱাত সক্ষম। মিনি কম্পিউটাৰসমূহ চফটৱেৰ নক্সা আৰু অপাৰেটিং চিষ্টেমৰ সহায়ত এটি পৃথক বৈশিষ্ট্য গঠন কৰিবলৈ সক্ষম। এই নক্সা বিলাক নিয়ন্ত্রন, যন্ত্রোৎপাদন বা সঙ্গীত বিন্যাস, মানুহৰ পাৰস্পৰিক ক্রিয়া আৰু যোগাযোগ সূচীৰ বাবে প্ৰস্তুত কৰা হৈছিল। যিবিলাক গণনা আৰু সংৰক্ষণ কাৰ্যৰ পৰা পৃথক ভাৱে ব্যবহৃত হৈছিল। মিনি কম্পিউটাৰৰ দুই দশকৰ (১৯৬৫-১৯৮৫) সময়ত প্রায় ১০০টা মান কোম্পানী গঠন হৈছিল তাৰৰে ভিতৰত প্ৰায় আধা-ডজন মানহে টিকি আছে।

(ঘ) মাইক্র’কম্পিউটাৰ বা পাৰ্চনেল কম্পিউটাৰঃ এই কম্পিউটাৰত কেন্দ্ৰীয় প্ৰচেছিং ইউনিট (CPU) টো মাইক্র’ প্রচেচৰ । এই কম্পিউটাৰসমূহ এটা মাত্র প্রচেচৰ আৰু চিষ্টম ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হয়, যাতে সাধাৰণ কাম সমূহকৰিব পাৰি। এই কম্পিউটাৰসমূহ সাধাৰণতে স্কুল, অফিচ , ঘৰ , ব্যৱসায়িক প্ৰতিষ্ঠান ইত্যাদিত ব্যৱহ্ৰত হয় ।

মিনি কম্পিউটাৰৰ সূচনাৰ পিছত প্ৰস্তুত হোৱা মাইক্র’কম্পিউটাৰ সমূহ অধিক জনপ্রিয় হৈ উঠে। মিনি কম্পিউটাৰৰ পৃথক পৃথক যন্ত্রাংশৰ পৰিবৰ্তে মাইক্র’ কম্পিউটাৰসমূহত ব্যবহাৰ হয় মাইক্র’চিপ।

মাইক্র’প্রচেচৰ আৰু চেমিকণ্ডাক্টৰ মেম’ৰিৰ মূল্য লাহে লাহে হ্রাস হৈ গৈ থকাৰ ফলত মাইক্র’কম্পিউটাৰৰ মূল্যও লাহে লাহে হ্রাস হৈ গৈ থাকে। যাৰ ফলত মাইক্র’ কম্পিউটাৰ  এটি কিনা আৰু ব্যবহাৰ কৰা সকলোৰে বাবে সহজলভ্য হৈ পৰে।

মাইক্র’ কম্পিউটাৰ বা পাৰ্চনেল কম্পিউটাৰ সমূহক নিম্নউল্লেখিত ধৰণে শ্ৰেণী বিভাজন কৰিব পাৰোঃ
(ক)      ডেস্কটপ (Desktop)
(খ)       লেপটপ (Laptop)
(গ)       পামটপ (Palmtop)

ডেস্কটপ কম্পিউটাৰঃ “ডেস্কটপ কম্পিউটাৰ” হ’ল এবিধ ব্যক্তিগত কম্পিউটাৰ যাক দৈনন্দিন কাম-কাজত এটি বিশেষ স্থানত (সাধাৰণতে ডেস্ক বা টেবিল) ৰাখি ব্যবহাৰ কৰা হয়। ডেস্কটপ কম্পিউটাৰত সাধাৰণতে মনিটৰ, কি-বোৰ্ড, মাউচ আৰু এটি চি.পি.ইউ. বস্ক থাকে। এই চি.পি.ইউ.(CPU Central Processing Unit বক্সটোৰ ভিতৰতে কম্পিউটাৰটোৰ মূল অংশ বিলাক থাকে যেনেঃ পাৱাৰ সৰ্বৰাহকাৰী(SMPS), Motherboard, RAM(Random Access), Harddrive, Optical Drive ইত্যাদি। চি.পি.ইউ. বক্সটোৰ আকাৰ সাধাৰণতে উৰ্ধমুখী থিয় টাৱাৰ সদৃশ হয় তথাপিও অনুভূমিক আকাৰৰ চি.পি.ইউ. বক্সো থাকে। ডেস্কটপ কম্পিউটাৰৰ শ্রেণীত সাধাৰনতে হোম কম্পিউটাৰ আৰু ৱাৰ্কষ্টেচন কম্পিউটাৰ বিলাক ধৰা হয়।

লেপটপ কম্পিউটাৰঃ লেপটপ বা নোটবুক হ’ল এবিধ বহনযোগ্য ব্যক্তিগত কম্পিউটাৰ ই দেখাত এটি সৰু চুটকেছ(Clamshell) আকৃতিৰ যাক অতি সহজতে কঢ়িয়াই লৈ ফুৰিব পাৰি। লেপটপ বিভিন্ন কৰ্মক্ষেত্ৰত ব্যবহত্ৰ কৰা হয় যেনে অফিচ বা ব্যৱসায়িক কৰ্মক্ষেত্ৰত, শিক্ষা বা ব্যক্তিগত কৰ্ম বা বিনোদনৰ ক্ষেত্ৰত।

এটি লেপটপ কম্পিউটাৰত ডেস্কটপ কম্পিউটাৰৰ সমস্ত উপাদান আৰু সকলো ইনপুটবিলাক একত্রিত ভাৱে সংযোগ কৰা থাকে। এটি যন্ত্ৰৰ ভিতৰতে মনিটৰ, স্পিকাৰ, কিবোৰ্ড আৰু টাচপেড বা ট্ৰেকপেড থাকে। লেপটপ কম্পিউটাৰৰ মডেল, প্রকাৰভেদে হাৰ্ডৱেৰৰ ভিন্নতা লক্ষ্য কৰা যায়।

পামটপ কম্পিউটাৰঃ পামটপ কম্পিউটাৰ ক্ষুদ্ৰকাৰ বেটেৰী পৰিচালিত কম্পিউটাৰ যি মানুহৰ হাতৰ তালুৰ মাজতে ধৰে। এইবিলাকক PDA (Personal Digital Assistant) বুলিও কোৱা হয়। এই পামটপ কম্পিউটাৰসমূহ সাধাৰণতে ব্যৱসায়িক কাম-কাজৰ সতে জড়িত ব্যক্তিসকলে ব্যৱহাৰ কৰা দেখা যায়। এই কম্পিউটাৰ বিলাক ব্যক্তিৰ যোগাযোগৰ তথ্য সাঁচি ৰখা, ডাইৰী, ব্যৱসায়িক তথ্য সঞ্চয় কৰা, ইণ্টাৰনেট চাৰ্ফিং কৰা, ই-মেইল পঠিওৱা, চোৱা ইত্যাদি কামত ব্যৱহাৰ কৰা হয়।

বাইনাৰী চিষ্টেমঃ
বাইনাৰী চিষ্টেম বা পদ্ধতি হ’ল গণিতৰ এটি অংশ য’ত প্ৰতিটো সংখ্যা আৰু আখৰ উপস্থাপন কৰিবলৈ কেৱল “0” আৰু “1” অংক দুটি ব্যৱহাৰ কৰা হয়; ইহঁতৰ প্ৰতিটোকে একো একোটা বিট(BIT=> BInary digiT) বুলি কোৱা হয়।

উদাহৰণস্বৰুপেঃ
0=0000, 1=0001, 2=0010, 3=0011, 4=0100, 5-0101, 6=0110, 7=0111, 8=1000 9=1001 a=1010, b=1011, c=1100, d=1101 ইত্যাদি।

(ক) BIT: বাইনাৰী পদ্ধতিত সংখ্যা আৰু আখৰ উপস্থাপন কৰিবলৈ ব্যৱহাৰ কৰা “0” আৰু “1” অংক দুটিৰ প্ৰতিটোকে একো একোটা বিট(BIT=> BInary digiT) বুলি কোৱা হয়।

(খ) Nibble: এটি Nibble হৈছে নিৰ্দিষ্ট কেইটিমান BITৰ সমষ্টি; যেনেঃ 4(চাৰিটা)টা BIT।
(গ) Byte: এটি Byte হৈছে নিৰ্দিষ্ট কেইটিমান BITৰ সমষ্টি যেনে 8 BIT, 16 BIT, 32 BIT, 64 BIT, 128 BIT ইত্যাদি। ই কম্পিউটাৰৰ ধাৰণ আৰু কাৰ্য ক্ষমতাৰ জোখ-মাখৰো একক।
সাধাৰণতে আমি 8 BITক আমি 1 Byte হিচাপে ধৰো।
            1 BIT                           =          1 Byte
            1024 Bytes                 =          1 KB (Kilo Byte)
            1024 KB                      =          1 MB (Mega Byte)
            1024 MB                     =          1 GB (Giga Byte)
            1024 GB                     =          1 TB (Tera Byte)

কম্পিউটাৰ হাৰ্ডৱেৰ (Hardware)ৰ সতে পৰিচয়ঃ
আমি ইতিমধ্যে আমাৰ আলোচনীৰ খনৰ আগৰ সংখ্যা কেইটিৰ পৰা কম্পিউটাৰ কাক বোলে, কম্পিউটাৰ চিষ্টেমৰ মূল অংশ, কম্পিউটাৰ চিষ্টেমৰ শ্ৰেণী বিভাজন, বিভিন্ন প্ৰকাৰৰ কম্পিউটাৰ চিষ্টেমৰ বিষয়ে জানিব পাৰিছে। এতিয়া আমি আপোনালোকক কম্পিউটাৰ হাৰ্ডৱেৰ (Hardware)ৰ সতে থূলমূল ভাৱে পৰিচয় কৰাই দিব বিচাৰিছোঁ।

আমি সাধাৰণতে কম্পিটাৰৰ ভৌতিক, যান্ত্ৰিক, ইলেকট্ৰিক আৰু ইলেকট্ৰনিকচ ইত্যাদি হাতেৰে চুব আৰু দেখিব পৰা পৰা অংশকসমূহকে হাৰ্ডৱেৰ বুলি কওঁ।  যেনেঃ কি-ব’ৰ্ড, মাউচ, স্কেনাৰ, প্ৰিণ্টাৰ, স্পিকাৰ, চি.পি.ইউ.ৰ বিভিন্ন যন্ত্ৰাংশ ইত্যাদি।

কম্পিউটাৰ হাৰ্ডৱেৰ অংশ সমূহক দুটা বহল ভাগত ভাগ কৰিব পাৰিঃ
(ক) Central Processing Unit(CPU)
(খ)  Peripherals

(ক) Central Processing Unit(CPU): কম্পিউটাৰৰ মূখ্য কাৰ্যকাৰী অংশ Central Processing Unitৰ কাম হ’ল কম্পিউটাৰৰ প্ৰগ্ৰাম-নিৰ্দেশনা অনুসৰি ব্যৱহাৰকাৰীৰ পৰা তথ্য সংগ্ৰহ কৰা, তথ্যৰ ওপৰত কাৰ্য কৰা আৰু গোটেই কম্পিউটাৰ চিষ্টেমটোক পৰিচালনা আৰু নিয়ন্ত্ৰণ কৰি কাৰ্যক্ষম কৰি ৰখা। আমি এই ইউনিটটোক কম্পিউটাৰ চিষ্টেমৰ “ব্ৰেইন” বুলি কব পাৰো।
CPUক আমি তলত উল্লেখিত ধৰণেৰে শ্ৰেণীবিভাজন কৰিব পাৰো
·        Control Unit(CU)
·        Memory Unit(MU)
·        Arithmetic and Logic Unit(ALU)

Control Unit(CU): Control Unit(CU)টোক Processorৰ বুলিও কোৱা হয়। এই ইউনিটটোৰ মূখ্য কাম হ’ল গোটেই কম্পিটাৰ চিষ্টেমৰ কাৰ্যসমূহ পৰিচালনা আৰি নিয়ন্ত্ৰন কৰা। ই  Memory Unitৰ পৰা প্ৰগ্ৰামৰ নিৰ্দেশনাবোৰ গ্ৰহণ কৰি মেচিনৰ ভাষালৈ পৰিবৰ্তন কৰে আৰু নিয়ন্ত্ৰন চিগনেল প্ৰস্তুত কৰে; কম্পিউটাৰৰ বাকী হাৰ্ডৱেৰ অংশ সমূহে এই নিয়ন্ত্ৰন চিগনেল অনুসৰি কাৰ্য কৰে। Control Unit(CU)বা Processorৰ কাৰ্য ক্ষমতা Hertz(Hz) এককত জোখা হয়
1024 Hz                      =          1 KHz (Kilo Hertz)
            1024 KHz                   =          1 MHz (Mega Hertz)
            1024 MHz                   =          1 GHz (Giga Hertz)
            1024 GHz                   =          1 THz (Tera Hertz)

Memory Unit(MU): Memory Unit(MU)ক আমি কম্পিটাৰ চিষ্টেমৰ ইনপুট তথ্য, কাৰ্যকৰা তথ্য, প্ৰগ্ৰাম-নিৰ্দেশনা আৰু আউটপুট তথ্যৰ ভঁৰাল বুলি কব পাৰো। ইয়াৰ ধাৰণ ক্ষমতাক সাধাৰণতে BIT আৰু Byte এককত জোখা হয়।

Memory Unit(MU)ক সাধাৰণতে তলত উল্লেখ কৰা ধৰণেৰে শ্ৰেণীবিভাজন কৰা হয়
·        Random Access Memory(RAM)
·        Read Only Memory(ROM)

Random Access Memory(RAM): RAMক কম্পিটাৰ চিষ্টেমৰ মূখ্য মেম’ৰি বুলি কোৱা হয়। ই যিটো কাৰ্য চলি থাকে তাৰ প্ৰগ্ৰাম-নিৰ্দেশনা আৰু তথ্য সমূহ ক্ষন্তেকীয়া ভাৱে সঞ্চয় কৰি ৰাখে। কম্পিটাৰ চিষ্টেমে লিখা আৰু পঢ়া দুয়োবিধ তথ্য সঞ্চয়ৰ বাবে এই মেম’ৰি ব্যৱহাৰ কৰা। কিন্তু RAM মেম’ৰি ক্ষণস্থায়ী; অৰ্থাৎ বিদ্যুৎ সংযোগ বন্ধ বা কম্পিউটাৰ বন্ধ কৰি দিয়াৰ লগেলগে ইয়াত সঞ্চিত তথ্যসমূহ মচ খাই যায়।

Read Only Memory(ROM): কম্পিটাৰ চিষ্টেমে ROMত থকা তথ্যসমূহ পঢ়িবহে পাৰে; ইয়াত একো লিখিব নোৱাৰে। ROM স্থায়ী মেম’ৰি; অৰ্থাৎ বিদ্যুৎ সংযোগ বন্ধ বা কম্পিউটাৰ বন্ধ কৰি দিলেও ইয়াত সঞ্চিত তথ্যসমূহ মচ খাই নাযায়।  কম্পিটাৰ চিষ্টেম এটি চুইচ অন কৰি দিয়াৰ লগেলগে ই নিজেই কিছুমান কাৰ্যকৰে যেনেঃ POST(Power On Self Test) ইয়াত সংযোগ থকা বিভিন্ন হাৰ্ডৱেৰ অংশসমূহ ঠিকে আছে নে? নাই পৰীক্ষা কৰা ইত্যাদি। এই প্ৰগ্ৰাম-নিৰ্দেশনাসমূহ ROMত সাঁচি ৰখা হয়।

Arithmetic and Logic Unit(ALU): ALU মূখ্য কাম হ’ল কম্পিটাৰ চিষ্টেমৰ বিভিন্ন গাণনিক কাৰ্য যেনেঃ যোগ, বিয়োগ, পূৰণ, হৰণ, ডাঙৰ-সৰু-সমান ইত্যাদি সম্পাদন কৰা।

পেৰিফেৰালচ(Peripherals): বিভিন্ন কামকাজত সহায়ৰ বাবে কম্পিউটাৰৰ Central Processing Unitৰ সতে যিবোৰ যন্ত্ৰ-পাতি সংযোগ কৰা হয় তাকে পেৰিফেৰালচ বুলি কোৱা হয়।

ইনপুট/ আউটপুট ডিভাইচঃ কম্পিউটাৰক তথ্য যোগান ধৰিবলৈ বাবে ইনপুট ডিভাইচ আৰু কম্পিটাৰৰ পৰা কাৰ্য সম্পাদনৰ ফলাফল(আউটপুট) পোৱাৰ বাবে আউটপুট ডিভাইচ ব্যৱহাৰ কৰা হয়।

ইনপুট/ আউটপুট ডিভাইচঃ কম্পিউটাৰক তথ্য যোগান ধৰিবলৈ বাবে ইনপুট ডিভাইচ কি-বৰ্ড, মাউচ, স্কেনাৰ, জয়ষ্টিক, বাৰ-কোড ৰিডাৰ ইত্যাদি ব্যৱহাৰ কৰা হয়।
(ক) কি-বৰ্ডঃ কি-বৰ্ড হৈছে কম্পিউটাৰত সচৰাচৰ ব্যৱহাৰ হোৱা অতি জনপ্ৰিয় আহিলা। কি-বৰ্ডৰ কি সমূহক তলত উল্লেখ কৰা ধৰণে শ্ৰেণীভুক্ত কৰিব পাৰি
- ফাংচন কিঃ কি-বৰ্ডৰ ওপৰত থকা F1ৰ পৰা F12 লৈ থকা এই কি সমূহক ফাংচন কি বুলি কোৱা হয়। কম্পিউটাৰৰ প্ৰগ্ৰাম অনুসৰি বিশেষ কাৰ্য কিছুমান সম্পাদন কৰিবলৈ এই কি সমূহৰ ব্যৱহাৰ কৰা হয়।

- এলফা-নিউমাৰিকঃ কি-বৰ্ডত থকা Aৰ পৰা Zলৈ, 0ৰ পৰা 9লৈ, আৰু ~, !, @, #, $, %, ^, &, *, (, ), -, +, _, =, {, }, |, [, ], \. ; ., : .’, ”, <, >, ?, / ইত্যাদি চিহ্ন কি সমূহক একেলগে এলফা-নিউমাৰিক কি বুলি কোৱা হয়।

- বিশেষ কিঃ কি-বৰ্ডত Esc, Tab, Caps Lock, Shift, Ctrl, Alt, Back Space, Delete(/Del), Home, End, PgUp, PgDn, Num Lock, Prnt Scr, Scroll Lock ইত্যাদি লিখা থকা কি সমূহক বিশেষ কি বুলি কোৱা।
- এৰো কিঃ কাঁড় চিহ্ন যুক্ত কি সমূহক এৰো কি বুলি কোৱা হয়।

- নাম্বাৰ কি-পেডঃ কি বোৰ্ডৰ সোঁফালে থকা সংখ্যাযুক্ত কি সমূহক একেলগে নাম্বাৰ কি-পেড বুলি কোৱা হয়। Num Lock কি টো অন থাকিলেহে এই কি-পেডৰ সংখ্যা সমূহে কাম কৰে।

কি-বোৰ্ডৰ ব্যৱহাৰঃ
(১) বৰ-ফলা/ সৰু-ফলাৰ আখৰ কেনেকৈ টাইপ কৰিপঃ কি-বৰ্ডৰ সোঁ-ওপৰফালে Caps Lock লাইট এটি আছে; এই লাইটটো জ্বলি থকা অৱস্থাত কি-বোৰ্ডৰ আখৰৰ বাতন বোৰ টিপিলে বৰ-ফলা(কেপিটেল)ৰ আখৰ টাইপ কৰা যায় আৰু লাইটটো বন্ধ থকা অৱস্থাত কি-বোৰ্ডৰ আখৰৰ বাতন বোৰ টিপিলে সৰু-ফলা(স্মল)ৰ আখৰ টাইপ কৰা যায়। Caps Lock বাতনটো টিপি Caps Lock লাইট অন/ অফ কৰিব পাৰি।
(২) দুটাকৈ চিহ্নযুক্ত বাতনৰ ব্যৱহাৰঃ সাধাৰণতে দুটা চিহ্নযুক্ত বাতন টিপিলে তলৰ আখৰটো আহে। ওপৰৰ আখৰটো আনিবলৈ হলে Shift হেচি ৰাখি দুটা চিহ্নযুক্ত বাতন টিপিলে ওপৰৰ আখৰটো আহে।
(৩) শব্দৰ মাজত খালি ঠাই কেনেকৈ এৰিবঃ দুটা শব্দৰ মাজত খালি ঠাই এৰিবলৈ প্ৰথম শব্দটো টাইপ কৰাৰ পিছত স্পেচৰ ডাল এবাৰ হেচি দিব লাগে।

(খ) মাউচঃ মাউচ হৈছে এবিধ নিৰ্দেশাত্মক পইণ্টিং ডিভাইচ; সাধাৰণতে মাউচত দুটি সোঁ আৰু বাওঁ দুটি বাতন আৰু এটি চকা সদৃশ স্ক্ৰল বাতন থাকে।
সাধাৰণতে মাউচ পৰিচালনা কৰাৰ সময়ত ব্যৱহাৰ হোৱা কিছুমান শব্দঃ
(১) ক্লিকঃ মাউচৰ বাওঁ বাতনত এটি ছুটি হেঁচা।
(২) ডাবল ক্লিকঃ মাউচৰ বাওঁ বাতনত অতি কম সময়ৰ ব্যৱধানত দুটি ছুটি হেঁচা
(৩) ৰাইট-ক্লিকঃ মাউচৰ সোঁ বাতনত এটি ছুটি হেঁচা।
(৪) ড্ৰেগিং: মাউচৰ বাওঁ বাতনত হেঁচি ধৰি মাউচৰ পইণ্টাৰ ডাল অন্য স্থানলৈ স্থানান্তৰিত কৰা ।

(গ) স্কেনাৰঃ স্কেনাৰ হৈছে এবিধ ইনপুট আহিলা; কিতাপ-পত্ৰ, ছবি ইত্যাদিৰ তথ্য ছবি আকাৰত কম্পিউটাৰত সুমুৱাবলৈ স্কেনাৰ ব্যৱহাৰ কৰা হয়।

আউটপুট ডিভাইচঃ কম্পিটাৰৰ পৰা কাৰ্য সম্পাদনৰ ফলাফল(আউটপুট) পোৱাৰ বাবে কম্পিউটাৰত মনিটৰ, প্ৰিণ্টাৰ ইত্যাদি আউটপুট ডিভাইচ ব্যৱহাৰ কৰা হয়।
(ক) Visual Display Unit(VDU): কম্পিউটাৰত সংযোগ কৰা ভি.ডি.ও. বা মনিটৰে আমাক কাৰ্য সম্পাদনৰ ফলাফল(আউটপুট) দেখুৱায়।

(খ) প্ৰিণ্টাৰঃ কম্পিটাৰৰ পৰা কাৰ্য সম্পাদনৰ ফলাফল(আউটপুট) সমূহ প্ৰিণ্ট আকালে পাবলৈ কম্পিউটাৰৰ সতে প্ৰিণ্টাৰ ব্যৱহাৰ কৰা হয়।

সঞ্চয় আহিলা(Storage Devices): কম্পিউটাৰত ব্যৱহাৰ হোৱা মুখ্য মেম’ৰি RAM ক্ষণস্থায়ী; অৰ্থাৎ বিদ্যুৎ সংযোগ বন্ধ বা কম্পিউটাৰ বন্ধ কৰি দিয়াৰ লগেলগে ইয়াত সঞ্চিত তথ্যসমূহ মচ খাই যায়। আৰু কম্পিটাৰ চিষ্টেমে ROMত থকা তথ্যসমূহ পঢ়িবহে পাৰে; ইয়াত একো লিখিব নোৱাৰে। সেয়েহে কম্পিউটাৰ চিষ্টেমত তথ্য-পাতি, অপাৰেটিং চিষ্টেম, এপ্লিকেশ্বন প্ৰগ্ৰাম ইত্যাদিৰ তথ্য সাঁচি ৰাখিবলৈ গৌণ মেম’ৰি(সঞ্চয় আহিলা) যেনেঃ হাৰ্ডডিস্ক(Hard disk), Pen Drive, CD, DVD ইত্যাদি ব্যৱহাৰ কৰা হয়। 

কম্পিউটাৰ চফটৱেৰ (Software)ৰ সতে পৰিচয়ঃ
কম্পিউটাৰত কাৰ্য সম্পাদন কৰিবলৈ ব্যৱহাৰ কৰা বিভিন্ন প্ৰগ্ৰাম(কম্পিউটাৰৰ নিৰ্দেশনাৰ সমষ্টি; যিয়ে কম্পিউটাৰক কাৰ্য কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে)সমুহক চফটৱেৰ বুলি কোৱা হয়। যেনেঃ Microsoft Windows, BeOS, Unix, Linux, Mac OS ইত্যাদি বিভিন্ন অপাৰেটং চিষ্টেম প্ৰগ্ৰাম; Microsoft Office, Corel Application, Adobe Photoshop, Pagemaker, Tally, Pinnacle, Sound Forge, Busy ইত্যাদি বিভিন্ন এপ্লিকেশ্বন চফটৱেৰ। কম্পিউটাৰৰ হাৰ্ডৱেৰ অংশসমূহে নিজে নিজে একো কৰিব নোৱাৰে, কাৰ্য সম্পাদন কৰিবলৈ হাৰ্ডৱেৰ অংশসমূহে নিৰ্দেশনা পাব লাগিব; চফটৱেৰে নিৰ্দেশনা প্ৰদান কৰি হাৰ্ডৱেৰ অংশসমূহক কাৰ্যক্ষম কৰি তোলে।

(ক) চফটৱেৰ পেকেজঃ এটি চফটৱেৰ পেকেজ হৈছে এটি কম্পিউটাৰ প্ৰগ্ৰামৰ সমষ্টি যিয়ে কম্পিউটাৰ ব্যৱহাৰকাৰী সকলক এটি নিৰ্দিষ্ট কাৰ্য সম্পাদন কৰাত সহায় কৰে। চফটৱেৰ পেকেজ সমূহক দুটা ভাগত ভগাৱ পাৰি
- চিষ্টেম চফটৱেৰ
- এপ্লিকেশ্বন চফটৱেৰ

(i) চিষ্টেম চফটৱেৰঃ চিষ্টেম চফটৱেৰ হৈছে বিভিন্ন প্ৰগ্ৰাম আৰু সহায়কাৰী প্ৰগ্ৰামৰ সমষ্টি যিয়ে বিভিন্ন এপ্লিকেশ্বন প্ৰগ্ৰাম খোলা, কম্পাইলিং কৰা, হাৰ্ডৱেৰ ইত্যাদি নিয়ন্ত্ৰণ, পৰিচালনা কৰাত সহায় কৰে।

অপাৰেটিং চিষ্টেম(Operating System): এটি অপাৰেটিং চিষ্টেম(Operating System - OS) হৈছে কম্পিউটাৰ প্ৰগ্ৰামৰ সমষ্টি যিয়ে কম্পিউটাৰ ব্যৱহাৰকাৰী সকলক কম্পিউটাৰৰ বিভিন্ন হাৰ্ডৱেৰ অংশক নিয়ন্ত্ৰণ আৰু কম্পিউটাৰ চিষ্টেম এটি পৰিচালনা কৰাত সহায় কৰে। কম্পিউটাৰ চিষ্টেম এটি কাৰ্যক্ষম হবলৈ হলে তাত ন্যুনতম এটি অপাৰেটিং থাকিবই লাগিব। যেনেঃ MS-DOS, Microsoft Windows(95, 98, XP, 2000, 7, 8, 10 Series) , BeOS, Unix, Linux, Mac OS ইত্যাদি।

ভাষা প্ৰচেচৰ(Language Processor): ভাষা প্ৰচেচৰ প্ৰগ্ৰাম সমূহ ROMত সঞ্চিত কৰা থাকে। আমি আগতেই কৈ আহিছো যে কম্পিউটাৰ চিষ্টেমসমূহে বাইনাৰী ভাষা(মেচিনৰ ভাষা)ত লিখা নিৰ্দেশসমূহহে বুজি পায়। ভাষা প্ৰচেচৰ(Language Processor) প্ৰগ্ৰামসমূহে কম্পিউটাৰ চিষ্টেমক অন্য ভাষাত লিখা মূল প্ৰগ্ৰামক বাইনাৰী ভাষা(মেচিনৰ ভাষা)লৈ অনুবাদ(পৰিবৰ্তন) কৰাত সহায় কৰে।

(ii) এপ্লিকেশ্বন চফটৱেৰঃ এপ্লিকেশ্বন চফটৱেৰসমূহ কিছুমান নিৰ্দিষ্ট সমাধান কৰিবলৈ ব্যৱহাৰ কৰা হয়; এই কাৰ্যসমূহ ব্যৱসায়িক, প্ৰশাসনিক, বৈজ্ঞানিক ইত্যাদি বিভিন্ন ক্ষেত্ৰৰ পৰা আহিব পাৰে।
যেনেঃ
-         Microsoft Word, Word Perfect, Open Word ইত্যাদি Word Processing কাৰ্য সম্পাদন কৰাৰ ববে।
-         Tally, Excel, ACE, Busy, Smart Suit ইত্যাদি Finacial Accounting কাৰ্য সম্পাদন কৰাৰ ববে।
-         Corel Draw, Adobe Photoshop ইত্যাদি Graphics Design কাৰ্য সম্পাদন
কৰাৰ বাবে।
-      dBase, FoxPro, Acess, Oracle ইত্যাদি Data Base Management System(DBMS) কাৰ্য সম্পাদন কৰাৰ বাবে
-       Adobe Premire, Pinnacle Studio, Ulead Video Studio ইত্যাদি Video Editing কাৰ্য সম্পাদন কৰাৰ বাবে
-         Sound Forge, Acid, Anvil Studio, H2O ইত্যাদি Sound Editing কাৰ্য সম্পাদন কৰাৰ বাবে

কম্পিউটাৰ ভাইৰাছঃ কম্পিউটাৰ ভাইৰাছ হৈছে মানৱ সৃষ্ট প্ৰগ্ৰাম যিয়ে কম্পিউটাৰ ব্যৱহাৰকাৰীৰ অজ্ঞাতেই কম্পিউটাৰ চিষ্টেমত সোমাই ইয়াত থকা আন প্ৰগ্ৰামসমূহক আক্ৰমণ কৰি সেই প্ৰগ্ৰামৰ নিৰ্দেশক সলনি কৰি দিব পাৰে। ই কম্পিউটাৰ চিষ্টেমত সোমাই সহজেই এটা প্ৰগ্ৰামৰ পৰা আন এটা প্ৰগ্ৰামলৈ বিয়পিব পাৰে; ই-মেইল, পেন-ড্ৰাইভ ইত্যাদিৰ জৰিয়তে এটা চিষ্টেমৰ পৰা আন এটা চিষ্টেমলৈ বিয়পি যাব পাৰে। ই আক্ৰমণ কৰা কম্পিউটাৰ চিষ্টেমসমূহত থকা আন প্ৰগ্ৰাম আৰু তথ্যসমূহ নষ্ট কৰি দিব পাৰে।

প্ৰথম কম্পিউটাৰ ভাইৰাছটো হৈছে “ব্ৰেইন”, ইয়াক প্ৰস্তুত কৰিছিল ১৯৮৬ চনত পাকিস্থানী ভাতৃদ্বয় আমজাদ ফাৰুক আলভি আৰু ৱাচিত ফাৰুক আলভিয়ে। কম্পিউটাৰ বিজ্ঞানৰ ইতিহাসৰ বাবে এয়া এক ক’লা অধ্যায়।

অপাৰেটিং চিষ্টেম(Operating System): এটি অপাৰেটিং চিষ্টেম(Operating System - OS) হৈছে বিভিন্ন ধৰণৰ কম্পিউটাৰ প্ৰগ্ৰামৰ সমষ্টি যিয়ে কম্পিউটাৰ ব্যৱহাৰকাৰী সকলক কম্পিউটাৰৰ বিভিন্ন হাৰ্ডৱেৰ অংশক নিয়ন্ত্ৰণ আৰু কম্পিউটাৰ চিষ্টেম এটি পৰিচালনা কৰাত সহায় কৰে। কম্পিউটাৰ চিষ্টেম এটি কাৰ্যক্ষম হবলৈ হলে তাত এটি ন্যুনতম অপাৰেটিং থাকিবই লাগিব।

কম্পিউটাৰৰ ক্ষেত্ৰখনত বিভিন্ন ধৰণৰ অপাৰেটিং চিষ্টেম আছে যেনেঃ MS-DOS, Microsoft Windows(95, 98, XP, 2000, 7, 8, 10 Series) , BeOS, Unix, Linux, Mac OS ইত্যাদি।

মাইক্ৰ’ছফট উইণ্ডোজ (Microsoft Windows): বৰ্তমানৰ কম্পিউটাৰৰ ক্ষেত্ৰখনত বহুলভাৱে প্ৰচলিত এটি অপাৰেটিং চিষ্টেম হৈছে মাইক্ৰ’ছফট কৰপোৰেশ্বনে উদ্ভাৱন কৰা মাইক্ৰ’ছফট উইণ্ডোজ। ই এটি গ্ৰাফিকেল ইউজাৰ ইণ্টাৰফেচ(Graphical User Interface-GUI) অপাৰেটিং চিষ্টেম। ই কম্পিউটাৰ ব্যৱহাৰকৰীৰ সতে তথ্য বিনিময় কৰিবলৈ আইকন, ছবি, আখৰ, মেনু, কাৰ্চৰ আদি চিত্ৰলেখ উপাদন(Graphical Elements) ব্যৱহাৰ কৰে।

টোকাঃ গ্ৰাফিকেল ইউজাৰ ইণ্টাৰফেচ(Graphical User Interface-GUI) পদ্ধতিটো উদ্ভাৱন কৰিছিল Xerox Park (জেৰক্স পাৰ্ক) নামৰ কোম্পানী এটাই তেওঁলোকৰ কোম্পনীৰ Xerox Alto কম্পিউটাৰৰ বাবে।
কম্পিউটাৰ হাৰ্ডডিস্ক

অপাৰেটিং চিষ্টেম, এপ্লিকেশ্বন চফটৱেৰ আৰু ব্যৱহাৰীৰৰ তথ্য সমূহ কম্পিউটাৰ চিষ্টেম এটিৰ হাৰ্ডডিস্কৰত ফাইল আকাৰে চিত্ৰলেখ হিচাপত সঞ্চিত কৰা থাকে। কম্পিউটাৰৰ হাৰ্ডডিস্কক আমি ড্ৰাইভ গোট(Partition)ত ভাগ কৰিব পাৰো আৰু ড্ৰাইভ গোটৰ প্ৰতিটোকে এটি অনন্য ড্ৰাইভ আখৰেৰে সুচিত কৰা হয় যেনেঃ C:, D:, E:, F:.. ইত্যাদি।
কম্পিউটাৰত বেলেগ বেলেগ ধৰণৰ তথ্য সঞ্চয় কৰাৰ বাবে পৃথক পৃথক ধৰনৰ ফাইল ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে টেস্ক্ট ফাইল আখৰ ব টেস্ক্ট আৰু বিট-মেপ ফাইল ছবি, ফটো আদি সঞ্চয় কৰাৰ বাবে ব্যৱহাৰ কৰা হয়।

কম্পিউটাৰ ফাইলৰ গঠনঃ কম্পিউটাৰ ফাইল নামৰ দুটা অংশ থাকে মূল নাম, সংযোজিত নাম (Extension Name) আৰু দুয়োটা নামকে এটি ডট(.)ৰে পৃথক কৰা হয়। সংযোজিত নামটোৱে ফাইলটো কোনটো এপ্লিকেশ্বন চফটৱেৰত প্ৰস্তুত কৰা বা কি এপ্লিকেশ্বন প্ৰগ্ৰামৰ সতে সংযোজিত তাক সূচায় অৰ্থাৎ আমি ফাইল এটি সংযোজিত নামটো চাই কব পাৰো যে ফাইলটোত কেনেকুৱা ধৰণৰ তথ্য থাকিব পাৰে যেনেঃ .jpg, .bmp, .tif ছবি, গ্ৰফিকচ তথ্য, .txt সাধাৰণ আখৰ, .doc, .docx মাইক্ৰ’চফট Word ধৰণৰ Word Processor প্ৰগ্ৰামত বনোৱা তথ্যৰ ফাইল, .xls, xlsx মাইক্ৰ’চফট Excel ধৰণৰ Spreadsheet প্ৰগ্ৰামত বনোৱা তথ্যৰ ফাইল, .mp3 অডিও তথ্যৰ ফাইল, .mpg, mp4, 3gp., .mkvঅডিও তথ্যৰ ফাইল ইত্যাদি।
MS-DOS ৰ দৰে পূৰ্বৰ অপাৰেটিং চিষ্টেমসমূহত ফাইল নামৰ মূল নামত সৰ্বাধিক ৮টা আৰু সংযোজিত নাম(Extension Name)ত সৰ্বাধিক ৩টা আখৰেৰে নাম দিব পৰা গৈছিল। বৰ্তমানৰ নতুন টেকনলজি ফাইল চিষ্টেমট(New Technology File System NTFS)ৰ অপাৰেটিং চিষ্টেমসমূহত ফাইল নামত সৰ্বাধিক ২৫৬টা আখৰৰে থাকিব পাৰে।

ডাইৰেক্টোৰী বা ফোলডাৰঃ ডাইৰেক্টোৰী বা ফোলডাৰ হৈছে কম্পিউটাৰৰ সঞ্চয় আহিলাৰ কোঠালি সদৃশ; পৰস্পৰৰ মাজত সম্পৰ্ক থকা ফাইলসমূহ একেলগে পৰিপাতিকৈ সঞ্চয় কৰিবলৈ আমি ডাইৰেক্টোৰী বা ফোলডাৰৰ ব্যৱহাৰ কৰো।

টোকাঃ আমি ফাইল বা ডাইৰেক্টোৰী /ফোলডাৰৰ নাম দিয়াৰ সময়ত সদায় অনন্য আৰু অৰ্থপূৰ্ণ নাম দিবলৈ প্ৰয়াস কৰা উচিত।

Microsoft Windowsৰ বিভিন্ন অংশৰ নাম আৰু সাধাৰণতে ব্যৱহাৰ হোৱা কিছুমান শব্দঃ
(ক) ডেস্কটপঃ মনিটৰৰ যিখিনি অংশত Microsoft Windows অপাৰেটিং চিষ্টেমৰ মূল পৰ্দা খন দেখা পোৱা যায়, সেইখিনি অংশকে ডেস্কটপ বুলি কোৱা হয়।

(খ) আইকণঃ Microsoft Windows অপাৰেটিং চিষ্টেমৰ ডেস্কটপত দেখা পোৱা সৰু সৰু ছবিৰ অংশবোৰেই আইকণ। আইকণ সমুহে কোনো ফাইল, ফোলডাৰ বা প্ৰগ্ৰামক সূচায়। যেনেঃ
(১) My Computer: My Computer আইকণে কম্পিউটাৰ ব্যৱহাৰকাৰী সকলক কম্পিউটাৰ এটাৰ সঞ্চয় আহিলা সমূহত(হাৰ্ড ডিস্ক, চিডি-ডিভিডি, পেনড্ৰাইভ ইত্যাদিত) সাঁচি ৰখা তথ্য সমূহ চোৱা আৰু ব্যৱস্থাপনা কৰাত সহায় কৰে। 
(২) Recycle Bin: Recycle Bin হৈছে কম্পিউটাৰ চিষ্টেমৰ পেলোনীয়া বস্তু থোৱা পাত্ৰ সদৃশ। কম্পিউটাৰৰ পৰা মচি পেলোৱা ফাইল বা ফোলডাৰ সমূহ প্ৰথমে এই Recycle Bin লৈ যায়। আমি যদি Recycle Binত থকা ফাইল বা ফোলডাৰ এটা মচি বা ডিলিট কৰি দিওঁ, তেতিয়া ই স্থায়ীভাৱে কম্পিউটাৰ চিষ্টেমৰ পৰা মচ খাই বা ডিলিট হৈ যাব।

(গ) টাস্কবাৰঃ টাস্কবাৰ হৈছে Microsoft Windows অপাৰেটিং চিষ্টেমৰ আয়ত আকাৰৰ দীঘলীয়া বাৰ সদৃশ এটি দৃশ্য মান অংশ, যিয়ে বৰ্তমানত চলি থকা সক্ৰিয়/ নিষ্ক্ৰিয় (Active/ Inactive) প্ৰগামসমূহ দেখুৱায়। ই তাৰিখ আৰু সময়ৰ লগতে সঁচৰাচৰ ব্যৱহৃত প্ৰয়াম কিছুমান দেখুৱায় যিবোৰক আমি মাউচৰ ক্লিকৰ জৰিয়তে খুলি লব পাৰো।

Application Program Windowsৰ সাধাৰণ অংশ সমূহঃ

(ক) টাইটেল বাৰঃ Application Program Windowsৰ টাইটেল বাৰে প্ৰগ্ৰামটোৰ নাম আৰু বৰ্তমান খোলা হৈ থকা প্ৰগ্ৰামটোৰ তথ্যৰ ফাইলটোৰ নামটো দেখুৱায়। প্ৰগ্ৰামটোৰ সোঁ কোণত তিনিটা বাতন থাকে
(১) Minimize Button: Minimize Buttonত ক্লিক কৰিলে Application Program Windowsটো সৰু হৈ টাস্কবাৰলৈ গুচি য়ায়।
(২) Maximize/ Restore Button: Maximize/ Restore Buttonত ক্লিক কৰিলে Application Program Windowsটো এবাৰ সম্পূৰ্ণ স্ক্ৰিন আকাৰৰ হয় আৰু এবাৰ ক্লিক কৰিলে ব্যৱহাৰকাৰীয়ে নিৰ্ধাৰণ কৰি লোৱা আকাৰলৈ যায়।
(৩) Close Button: Close Buttonত ক্লিক কৰিলে Application Programটো বন্ধ হৈ যায়।

(খ) মেনু বাৰঃ টাইটেল বাৰৰ তলতেই মেনু বাৰৰ অৱস্থান। মেনু বাৰত File, Edit, View, Help ইত্যাদি বিভিন্ন মেনু পেড থাকে আৰু Application Programত বিভিন্ন কাৰ্য সম্পাদন কৰাৰ বাবে সহায়ক নিৰ্দেশসমূহ এই মেনু পেডবোৰত থাকে।

(গ) ডোকুমেণ্ট উইণ্ডো (ওৱাৰ্ক এৰিয়া): Application Program এটিৰ এই অংশটোৱে কম্পিউটাৰ ব্যৱহাৰকৰীক Application Programটোত কাৰ্য কৰাত সহায় কৰে।

(ঘ) স্ক্ৰল বাৰঃ স্ক্ৰল বাৰে কম্পিউটাৰ ব্যৱহাৰকৰীক ডোকুমেণ্ট উইণ্ডো (ওৱাৰ্ক এৰিয়া) খন তল-ওপৰ কৰাত আৰু সোঁফালে-বাওঁফালে নিয়াত সহায় কৰে।

Dialogue Box(ডাইলগ বক্স): Microsoft Windows আৰু Application Program সমূহে কম্পিউটাৰ ব্যৱহাৰকাৰীৰ পৰা তথ্য গ্ৰহণ আৰু তথ্য দেখুওৱাৰ বাবে ডাইলগ বস্ক মাধ্যম ব্যৱহাৰ কৰে।
Dialogue Box Windowsৰ সাধাৰণ অংশ সমূহঃ
(ক) টেক্সট বক্সঃ টেক্সট বক্স সমুহে কম্পিউটাৰ ব্যৱহাৰকাৰীক আখৰ টাইপ কৰাৰ সুবিধা প্ৰদানৰ জৰিয়তে তথ্য গ্ৰহণ কৰে। যেনেঃ ফাইল/ ফোলডাৰ, কমাণ্ড ইত্যাদি।
(খ) লিষ্ট বক্সঃ লিষ্ট বক্সে এখন লিষ্ট মনিটৰত দেখুয়ায় আৰু মাউচ ক্লিকৰ জৰিয়তে আমি লিষ্টৰ পৰা বিষয়বস্তু এটি বাচনি কৰি লব পাৰো।
(গ) ড্ৰপ-ডাউন-লিষ্ট বক্স
(ঘ) চেক বক্স
(ঙ) ৰেডিঅ’ বাটন
(চ) পুচ-বাটন
(ছ) টেব

Microsoft Windowsৰ সাধাৰণ Application Program:
(ক) পেইণ্টঃ Microsoft Windowsৰ পেইণ্ট প্ৰগ্ৰামটোৱে সাধাৰণ ছবি(বিট মেপ) অঁকা আৰু চোৱাত সহায় কৰে।
(খ) নোটপেডঃ নোটপেড প্ৰগ্ৰামটোৱে সাধাৰণ ASCII(American Standard Code for Information Interchange) টেক্সট ফাইল লিখা, সম্পাদনা কৰা আৰু চোৱাত সহায় কৰে।
(গ) ওৱাৰ্ডপেডঃ ওৱাৰ্ডপেড হৈছে Microsoft Windowsৰ এটি সৰু ওৱাৰ্ড প্ৰোচেছিং প্ৰগ্ৰাম। ই সাধাৰণ ড’কোমেণ্ট ফাইল লিখা, সম্পাদনা কৰা আৰু চোৱাত সহায় কৰে। ওৱাৰ্ডপেড ড’কোমেণ্ট ফাইলৰ আখৰত আমি বিভিন্ন আখৰ ডিজাইন, আকাৰ, ৰং আৰু পাৰাগ্ৰাফৰ ষ্টাইল আদি ব্যৱহাৰ কৰিব পাৰো। আমি ওৱাৰ্ডপেড ড’কোমেণ্টৰ সতে ছবিও সংলগ্ন কৰিব পাৰো।
(ঘ) কেলকুলেটৰঃ Microsoft Windowsৰ কেলকুলেটৰ প্ৰগ্ৰামটোৱে বিভিন্ন গাণিতিক গণনা কাৰ্য সম্পাদন কৰাত সহায় কৰি। এই প্ৰগ্ৰামটোৱে প্ৰায় সচৰাসৰ ব্যৱহৃত ইলেকট্ৰনিক কেলকুলেটৰৰ দৰে কাৰ্য কৰে। কেলকুলেটৰ প্ৰগ্ৰামটোৰ দুটা মুড থাকে সাধাৰণ আৰু বৈজ্ঞানিক।
(ঙ) Windows মিডিয়া প্লেয়াৰঃ Windows মিডিয়া প্লেয়াৰ প্ৰগ্ৰামটোৱে আমাক গান শুনা আৰু ভি.ডি.অ’. ছবি চোৱাত সহায় কৰে।

(ধন্যবাদ)

1 comment: