Showing posts with label কম্পিউটাৰৰ বিষয়ে প্ৰাথমিক জ্ঞান. Show all posts
Showing posts with label কম্পিউটাৰৰ বিষয়ে প্ৰাথমিক জ্ঞান. Show all posts

Wednesday, 25 July 2018

কম্পিউটাৰৰ বিষয়ে প্ৰাথমিক জ্ঞান

কম্পিউটাৰৰ বিষয়ে প্ৰাথমিক জ্ঞান


 শিক্ষামূলক প্ৰবন্ধঃ
কম্পিউটাৰৰ বিষয়ে প্ৰাথমিক জ্ঞান

হেমন্ত কুমাৰ দাস


১৯শতিকাক আমি কম্পিউটাৰ বিজ্ঞান ইতিহাসৰ “সোণালী শতিকা” হিচাপে গণ্য কৰিব পাৰো। এই শতিকাৰে মাজভাগতে Charles Babbage (A mathematician, philosopher, inventor and mechanical engineer, UK)এ বিশ্বৰ প্ৰথম যান্ত্ৰিক কম্পিউটাৰটো সাজি উলিয়াইছিল; তেওঁ এই কম্পিউটাৰটোক  Difference Engine নামেৰে নামাকৰণ কৰিছিল। সেয়েহে Charles Babbageক “আধুনিক কম্পিউটাৰ চিষ্টেমৰ পিতৃস্বৰূপ” বুলিও অভিহিত কৰা হৈছিল।
Charles Babbage

কম্পিউটাৰ চিষ্টেম কাক বোলে?