Showing posts with label TET Qualified Forum Assam. Show all posts
Showing posts with label TET Qualified Forum Assam. Show all posts

Wednesday, 8 January 2020

ধনাত্মক চিন্তাঃ৩


ধনাত্মক চিন্তাঃ৩ 
বৃহৎ সফলতা আৰু প্ৰকৃত সুখৰ গোপন ৰহস্য হৈছে: যিসকল ব্যক্তিয়ে সহায় বা উপকাৰৰ কোনো প্ৰতিদান, বিনিময় নিবিচাৰে; তেওঁলোকেই প্ৰকৃতাৰ্থত নিস্বাৰ্থ আৰু সুখী ব্যক্তি। আৰু তেওঁলোকেই জীৱনত একো একোজন মহান সফল হিচাপে পৰিগণিত হব পাৰিছে।

সহায় বা উপকাৰৰ প্ৰতিদান, বিনিময় বিচৰা মানেই স্বাৰ্থপৰতা, নিকৃষ্টতা, ঠেক মনোবৃত্তিৰ পৰিচয়।

Wednesday, 25 July 2018

কম্পিউটাৰৰ বিষয়ে প্ৰাথমিক জ্ঞান

কম্পিউটাৰৰ বিষয়ে প্ৰাথমিক জ্ঞান


 শিক্ষামূলক প্ৰবন্ধঃ
কম্পিউটাৰৰ বিষয়ে প্ৰাথমিক জ্ঞান

হেমন্ত কুমাৰ দাস


১৯শতিকাক আমি কম্পিউটাৰ বিজ্ঞান ইতিহাসৰ “সোণালী শতিকা” হিচাপে গণ্য কৰিব পাৰো। এই শতিকাৰে মাজভাগতে Charles Babbage (A mathematician, philosopher, inventor and mechanical engineer, UK)এ বিশ্বৰ প্ৰথম যান্ত্ৰিক কম্পিউটাৰটো সাজি উলিয়াইছিল; তেওঁ এই কম্পিউটাৰটোক  Difference Engine নামেৰে নামাকৰণ কৰিছিল। সেয়েহে Charles Babbageক “আধুনিক কম্পিউটাৰ চিষ্টেমৰ পিতৃস্বৰূপ” বুলিও অভিহিত কৰা হৈছিল।
Charles Babbage

কম্পিউটাৰ চিষ্টেম কাক বোলে?