তথ্য আৰু যোগাযোগ প্ৰযুক্তি(ICT)ৰ
আহিলাসমূহৰ শ্ৰেণীকৰণ ধাৰণাঃ
(Classification of
ICT- Information Communication Technology Device)
✍ হেমন্ত কুমাৰ দাস
শিকন আৰু শিক্ষণৰ প্ৰতি লক্ষ্য ৰাখি আপুনি শ্ৰেণীকক্ষত
ব্যৱহাৰৰ বাবে আপুনি বিভিন্ন কৌশল, কাৰ্যাৱলী প্ৰস্তুত কৰে আৰু প্ৰয়োগ কৰে। বিষয়বস্তুৰ
প্ৰকৃতি আৰু শিক্ষাৰ্থীৰ শিকনৰ ধৰণৰ ওপৰত নিৰ্ভৰ কৰি তথ্য
আৰু যোগাযোগ প্ৰযুক্তি(ICT)ৰ আহিলাসমূহে শিকন প্ৰক্ৰিয়াত ভিন্নমুখী ভূমিকা গ্ৰহণ কৰিব
পাৰে। এই ক্ষেত্ৰত উপলব্ধ তথ্য আৰু যোগাযোগ প্ৰযুক্তি(ICT)ৰ আহিলাসআমূহৰ শ্ৰেণীকক্ষত
বিভিন্ন ভুমিকা আছে। এই আহিলাসমূহক আমি বহলভাৱে তলত উল্লেখ কৰাৰ দৰে চাৰিটা শ্ৰেণীত অন্তৰ্ভুক্ত কৰিব পাৰোঁ।
