Thursday 23 January 2020

তথ্য আৰু যোগাযোগ প্ৰযুক্তি(ICT)ৰ আহিলাসমূহৰ শ্ৰেণীকৰণ ধাৰণা


তথ্য আৰু যোগাযোগ প্ৰযুক্তি(ICT)ৰ আহিলাসমূহৰ শ্ৰেণীকৰণ ধাৰণাঃ
(Classification of ICT- Information Communication Technology Device)
হেমন্ত কুমাৰ দাস
শিকন আৰু শিক্ষণৰ প্ৰতি লক্ষ্য ৰাখি আপুনি শ্ৰেণীকক্ষত ব্যৱহাৰৰ বাবে আপুনি বিভিন্ন কৌশল, কাৰ্যাৱলী প্ৰস্তুত কৰে আৰু প্ৰয়োগ কৰে। বিষয়বস্তুৰ প্ৰকৃতি আৰু শিক্ষাৰ্থীৰ শিকনৰ ধৰণৰ ওপৰত নিৰ্ভৰ কৰি তথ্য আৰু যোগাযোগ প্ৰযুক্তি(ICT)ৰ আহিলাসমূহে শিকন প্ৰক্ৰিয়াত ভিন্নমুখী ভূমিকা গ্ৰহণ কৰিব পাৰে। এই ক্ষেত্ৰত উপলব্ধ তথ্য আৰু যোগাযোগ প্ৰযুক্তি(ICT)ৰ আহিলাসআমূহৰ শ্ৰেণীকক্ষত বিভিন্ন ভুমিকা আছে। এই আহিলাসমূহক আমি বহলভাৱে তলত উল্লেখ  কৰাৰ দৰে চাৰিটা শ্ৰেণীত অন্তৰ্ভুক্ত কৰিব পাৰোঁ।

TET Qualified Forum, Assam, Digital Education, SSA Assam, DEE, Assam, Sarba Sikhya Abhijan, Samagra Sikhya, Assam, Child Education, TQF, Assam, Teaching Learning Maeterial, TET, Assam TET, TET Qualified Forum, Assam, School Education, Teacher, Teaching, Teacher Eligibility Test, Digital Education, SSA Assam, DEE, Assam, Sarba Sikhya Abhijan, Samagra Sikhya, TET, Assam TET, TET Qualified Forum, Assam, School, Education, Teacher, Teaching, Teacher Eligibility Test, Information & Communication Technology, NISHTHA, National Initiative for School Heads' and Teachers' Holistic Advancement
(ক) তথ্য প্ৰদানকাৰী আহিলা
(খ) পৰিস্থিতি আহিলা
(গ) সংগঠনমূলক আহিলা আৰু
(ঘ) যোগাযোগমূলক আহিলা।

উপৰোক্ত তালিকাত থকা আহিলাসমূহৰ বিভিন্ন ব্যৱহাৰ আছে। এতিয়া এই আহিলা সমূহৰ বিষয়ে কিছু আলোচনা কৰোঁ আহক
(ক) তথ্য প্ৰদানকাৰী আহিলাঃ
এই তথ্য প্ৰদানকাৰী আহিলাসমূহৰ দ্বাৰা বৃহৎ তথ্য ভাণ্ডাৰ পাঠ, শব্দ, গ্ৰাফিকচ ভিডিঅ’ ৰূপৰ প্ৰদান কৰা হয়। উদাহৰণ স্বৰূপে, তথ্য প্ৰদানকাৰী আহিলাৰ অন্তৰ্ভুক্ত এক আহিলা হৈছে ৱৰ্ল্ড ওৱাইড ৱেব(WWW/ World Wide Web)ত অন্তৰ্ভুক্ত মাল্টিমিডিয়া বিশ্বকোষ। এই তথ্য প্ৰকাশকাৰী আহিলাসমূহ আপুনি তথ্য সংগ্ৰহৰ বাবে ব্যৱহাৰ কৰিব পাৰে। এই আহিলাসমূহে বাস্তৱভিত্তিক অভিজ্ঞতা প্ৰদান কৰিব নোৱাৰিলেও ইয়াৰ দ্বাৰা বিমূৰ্ত ৰূপত অনেক  তথ্য প্ৰদান কৰিব পৰা যায়। ধৰি লোৱা হ’ল আপুনি সমাজ বিজ্ঞানত “গণতন্ত্ৰ”ৰ ধাৰণাটোৰ বিষয়ে শিকাব বিচাৰিছে।  এই ক্ষেত্ৰত আপুনি শিক্ষাৰ্থীসকলক বিভিন্ন শাসন বা ব্যৱস্থাৰ বিষয়ে তথ্য সংগ্ৰহ কৰিবলৈ দিব পাৰে; তথ্য আৰু যোগাযোগ প্ৰযুক্তি(ICT)ৰ আহিলা ইণ্টাৰনেটৰ জৰিয়তে শিক্ষাৰ্থীসকলক চৰকাৰ বা শাসন ব্যৱস্থা সম্পৰ্কে বিভিন্ন তথ্য সংগ্ৰহ কৰিবলৈ দিব পাৰে।


(খ) পৰিস্থিতি ভিত্তিক আহিলাঃ
কিছুমান তথ্য আৰু যোগাযোগ প্ৰযুক্তি(ICT) আহিলাৰ দ্বাৰা প্ৰতিক্ৰম, খেলা আৰু বস্তু ইত্যাদিৰ ভিত্তিত বাস্তৱৰ অবিকল ৰূপত কৃত্ৰিমভাৱে এটি পৰিস্থিতিৰ তৈয়াৰ কৰি পৰ্যবেক্ষণ আৰু অনুশীলনৰ যোগেদি শিক্ষাৰ্থীসকল প্ৰতক্ষ্য অভিজ্ঞতাৰ লগত প্ৰায় সাদৃশ্যমূলক অভিজ্ঞতা উপলব্ধ কৰা হয়। এই আহিলাসমূহে শিক্ষাৰ্থীসকলক মূলতঃ বিমূৰ্ত ধাৰণা সমূহ বুজি পোৱাত সহায় কৰে। ধৰিলোৱা হ’ল আপুনি শিক্ষাৰ্থীক ৰক্ত সঞ্চালন প্ৰক্ৰিয়াৰ বিষয়ে পাঠদান কৰিব বিচাৰিছে। এই ক্ষেত্ৰত আপুনি যদি ইউ টিউব, ভিডিঅ’ ক্লিপ, বিশেষভাৱে তৈয়াৰ কৰা ডিভিডি ইত্যাদিৰ সহায় লৈ পাঠদান কৰে তেন্তে আপোনাৰ শিক্ষাৰ্থীসকলে শিৰা, উপশিৰাত ৰক্ত সঞ্চালন, হৃদপিণ্ডৰ কাম ইত্যাদি ৰক্ত সঞ্চালনৰ লগত জড়িত বিভিন্ন দৈহিক ক্ৰিয়াসমূহ পৰ্যবেক্ষণ কৰিবলৈ সক্ষম হ’ব।

(গ) সংগঠনমূলক আহিলাঃ
সংগঠনমূলক তথ্য আৰু যোগাযোগ প্ৰযুক্তি(ICT) আহিলাসমূহ ব্যক্তিৰ অভিজ্ঞতাৰ সংগঠন, প্ৰয়োগকৰণ আৰু দৃশ্যৰূপ প্ৰদানৰ বাবে ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে ৱেব অথৰিটি প্ৰয়োগ ব্যৱস্থাৰ দ্বাৰা ব্যক্তিক নিজৰ “ৱেব পেজ” প্ৰস্তুত কৰা হয় আৰু সমগ্ৰ বিশ্বতে নিজৰ বিভিন্ন ধ্যান ধাৰণা সমূহ আনৰ লগত আদান প্ৰদান কৰিব পাৰে। ইয়াৰ যোগেদি আপোনাৰ গঠনমূলক ধাৰণা/ তথ্যসমূহ আপোনাৰ লগৰীয়া আৰু শিক্ষক সকলোকে সাঙুৰি সমগ্ৰ বিশ্বতে বিয়পি পৰিব পাৰে। সংগঠনমূলক আন কিছুমান আহিলাৰ উদাহৰণ হৈছে মাইন্দ টুল, যিবিলাক কম্পিউটাৰ ডাটাবেচ, স্প্ৰেডচিট, শব্দাৰ্থিক, নেটৱৰ্ক প্ৰগ্ৰাম, এক্সপাৰ্ট চিষ্টেম, মডেলিং টুল, মাইক্ৰ’ ৱৰ্ল্ড আৰু হাইজাৰ মিডিয়া, অথৰিং আহিলা, যাৰ জৰিয়তে শিক্ষাৰ্থীসকলে নিজৰ জ্ঞান উপস্থাপন আৰু সৃষ্টি কৰিব পাৰে। এই আহিলাসমূহৰ ক্ষেত্ৰত ব্যৱহৃত সংগঠন শব্দটোৰ অৰ্থ হৈছে এই আহিলাসমূহৰ সাহায্যত নিৰ্দেশনা দানৰ উদ্দেশ্যত ব্যৱহাৰ কৰিব পৰা বা বাস্তৱবিত্তিক বিষয় বা বস্তু প্ৰস্তুত কৰি উলিউৱা।

 
(ঘ) যোগাযুগমুলক আহিলাঃ 
যোগাযোগ আহিলাসমূহৰ যোগেদি আমাৰ ধাৰণা, জ্ঞান ও দৃষ্টিভংগীসমূহ আদান প্ৰদান কৰিব পৰা যায়। কিন্তু ইয়াৰে কিছুমানৰ বাবে যথেষ্ট সময়ৰ প্ৰয়োজন। উদাহৰণস্বৰূপে তথ্য প্ৰদানৰ ক্ষেত্ৰত ডাক ব্যৱস্থাত যথেষ্ট সময়ৰ প্ৰয়োজন হয়। টেলিফোন ব্যৱহাৰৰ দ্বাৰা যোগাযোগৰ সময় হ্ৰাস কৰিব পৰা যায় যদিও ই দুজন মানুহৰ মাজতেইঅ সীমাবদ্ধ হৈ থাকে। কিন্তু আমি যোগাযোগ প্ৰযুক্তি আহিলাৰ ব্যৱহাৰ কৰি কেই চেকেণ্ডমানৰ ভিতৰতে বৃহৎ সংখ্যক লোকৰ লগত যোগাযোগ স্থাপন কৰিব পাৰোঁ। এইধৰণৰ যোগাযোগ আহিলাসমূহৰ উদাহৰণ হৈছে ই-মেইল, ইলেট্ৰনিক বুলেটিন বৰ্ড, চ্যাট, টেলি কনফাৰেনচিং আৰু ইলেট্ৰনিক হোৱাইট বৰ্ড ইত্যাদি। এই তথ্য আৰু যোগাযোগ প্ৰযুক্তি(ICT)ৰ আহিলাসমূহক Web-2.0 বুলি কোৱা হয়। এই আহিলাসমূহৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য টোকা, ছবি বা শব্দৰ যোগেদি দলীয়ভাৱে সমান্তৰাল বাৰ্তালাপৰ সুযোগ প্ৰদান কৰা। এই আহিলাসমূহ হৈছে এনে কিছুমান ব্যৱস্থা যাৰ দ্বাৰা নৈসৰ্গিক বাধা অতিক্ৰম কৰি শিক্ষক আৰু শিক্ষাৰ্থী অথবা শিক্ষাৰ্থীসকলৰ মাজত পাৰস্পৰিক যোগাযোগ স্থাপন সম্ভৱ হৈ উঠে।

1 comment: