চাওলুং চ্যু-কা-ফাঃ
চাওলুং চ্যু-কা-ফা, চুকাফা দিৱস বা অসম দিৱস সম্পৰ্কে কিছুকথাঃ
বৰ-অসম গঢ়াৰ ক্ষেত্ৰত
চুকাফাৰ অৱদানলৈ শ্ৰদ্ধা জনাই ২ ডিচেম্বৰ তাৰিখটো সমগ্ৰ অসমবাসীয়ে ১৯৮৭ চনৰ পৰা
‘‘অসম দিৱস” বা ’’চুকাফা দিৱস” হিচাপে পালন কৰি আহিছে। ১২২৮ চনৰ ২ ডিচেম্বৰ (১৬ আঘোণ)
তাৰিখে চাওলুং চ্যুকাফাই পাটকাই পৰ্বত পাৰ হৈ সৌমাৰ খণ্ডত ভৰি থোৱা ঐতিহাসিক দিনটোক
চিৰস্মৰণীয় কৰি ৰখাৰ মানসেৰে ছৈখোৱা অঞ্চলৰ ভীমকান্ত বুঢ়াগোহাঁই নামৰ এজন ব্যক্তিয়ে
১৯৭২ চনত আৰম্ভ কৰা এক প্ৰচেষ্টাৰ ফলত এই দিৱসৰ আৰম্ভণি হয়।
|
চাওলুং চ্যু-কা-ফা(চুকাফা):
চাওলুং চুকাফা (ইংৰাজীঃ Sukapha , সম্পূৰ্ণ নামঃ Chao
Lueng Sue ka pha , ৰাজত্বকালঃ ১২২৮-১২৬৮) মধ্যযুগীয় বৰ অসমৰ প্ৰথমজন চাওফা তথা টাই ৰাজ্য মৌঙ মাওৰ চাং বংশীয় চ্যু ফৈদৰ ৰাজকোঁৱৰ আৰু আহোম সাম্ৰাজ্যৰ প্ৰতিস্থাপক আছিল। মং মাওৰ শান ৰাজকুমাৰ চুকাফাই পাটকাই পৰ্বত পাৰ হৈ আহি ১২২৮ খ্ৰীষ্টাব্দত অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কৰে আৰু ১২৫৩ চনত চে-ৰাই-ডয়তত স্থায়ীকৈ ৰাজধানী পাতে। চুকাফাই প্ৰতিষ্ঠা কৰা সাম্ৰাজ্যই ৬১০ বছৰ ধৰি সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যাকাজোৰা আহোম সাম্ৰাজ্যৰ ভেটি প্ৰতিষ্ঠা কৰে। এই সময়ছোৱাত অসমত বাস কৰা সকলো জাতি-জনজাতিকে তেওঁ একত্ৰিত কৰে৷ সেয়ে বৰ অসম গঢ়াৰ ক্ষেত্ৰত অসম তথা অসমীয়া জাতিৰ বাবে চুকাফাৰ অৱদান সৰ্বস্ব। এনে কাৰণতে তেওঁৰ নামৰ আগতচাওলুং (চাও: ঈশ্বৰ , লুং: মহান) ব্যৱহাৰ হ'বলৈ ধৰে।

