Sunday 1 December 2019

চাওলুং চ্যু-কা-ফা, চুকাফা দিৱস, অসম দিৱস সম্পৰ্কে কিছুকথা


চাওলুং চ্যু-কা-ফাঃ
চাওলুং চ্যু-কা-ফা, চুকাফা দিৱস বা অসম দিৱস সম্পৰ্কে কিছুকথাঃ
বৰ-অসম গঢ়াৰ ক্ষেত্ৰত চুকাফাৰ অৱদানলৈ শ্ৰদ্ধা জনাই ২ ডিচেম্বৰ তাৰিখটো সমগ্ৰ অসমবাসীয়ে ১৯৮৭ চনৰ পৰা ‘‘অসম দিৱস” বা ’’চুকাফা দিৱস” হিচাপে পালন কৰি আহিছে। ১২২৮ চনৰ ২ ডিচেম্বৰ (১৬ আঘোণ) তাৰিখে চাওলুং চ্যুকাফাই পাটকাই পৰ্বত পাৰ হৈ সৌমাৰ খণ্ডত ভৰি থোৱা ঐতিহাসিক দিনটোক চিৰস্মৰণীয় কৰি ৰখাৰ মানসেৰে ছৈখোৱা অঞ্চলৰ ভীমকান্ত বুঢ়াগোহাঁই নামৰ এজন ব্যক্তিয়ে ১৯৭২ চনত আৰম্ভ কৰা এক প্ৰচেষ্টাৰ ফলত এই দিৱসৰ আৰম্ভণি হয়।

চাওলুং চ্যু-কা-ফা(চুকাফা):
চাওলুং চুকাফা (ইংৰাজীঃ Sukapha , সম্পূৰ্ণ নামঃ Chao Lueng Sue ka pha , ৰাজত্বকাল১২২৮-১২৬৮) মধ্যযুগীয় বৰ অসমৰ প্ৰথমজন চাওফা তথা টাই ৰাজ্য মৌঙ মাওৰ চাং বংশীয় চ্যু ফৈদৰ ৰাজকোঁৱৰ আৰু আহোম সাম্ৰাজ্যৰ প্ৰতিস্থাপক আছিল মং মাওৰ শান ৰাজকুমাৰ চুকাফাই পাটকাই পৰ্বত পাৰ হৈ আহি ১২২৮ খ্ৰীষ্টাব্দত অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কৰে আৰু ১২৫৩ চনত চে-ৰাই-ডয়তত স্থায়ীকৈ ৰাজধানী পাতে। চুকাফাই প্ৰতিষ্ঠা কৰা সাম্ৰাজ্যই ৬১০ বছৰ ধৰি সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যাকাজোৰা আহোম সাম্ৰাজ্যৰ ভেটি প্ৰতিষ্ঠা কৰে। এই সময়ছোৱাত অসমত বাস কৰা সকলো জাতি-জনজাতিকে তেওঁ একত্ৰিত কৰে৷ সেয়ে বৰ অসম গঢ়াৰ ক্ষেত্ৰত অসম তথা অসমীয়া জাতিৰ বাবে চুকাফাৰ অৱদান সৰ্বস্ব। এনে কাৰণতে তেওঁৰ নামৰ আগতচাওলুং (চাও: ঈশ্বৰ , লুং: মহান) ব্যৱহাৰ 'বলৈ ধৰে
TET Qualified Forum, Assam, Digital Education, SSA Assam, DEE, Assam, Sarba Sikhya Abhijan, Samagra Sikhya, Assam, Child Education, TQF, Assam, Teaching Learning Maeterial, TET, Assam TET, TET Qualified Forum, Assam, School Education, Teacher, Teaching, Teacher Eligibility Test, Digital Education, SSA Assam, DEE, Assam, Sarba Sikhya Abhijan, Samagra Sikhya, TET, Assam TET, TET Qualified Forum, Assam, School, Education, Teacher, Teaching, Teacher Eligibility Test, Information & Communication Technology, NISHTHA, National Initiative for School Heads' and Teachers' Holistic Advancement
চুকাফাৰ জীৱনবৃত্তঃ
আহোমসকল মংগোলীয় গোষ্ঠীৰ অন্তৰ্গত দক্ষিণ-পূব-এছিয়াৰ বৃহৎ জাতিৰ এটা শাখা। খ্ৰীষ্টীয় অষ্টম শতিকাৰ আৰম্ভণিতে টাই যুৱৰাজ পি-লকুৱে ছখন ক্ষুদ্ৰ ৰাজ্য জয় কৰি একত্ৰিত কৰে। ফলত টাই ৰাজ্য নানাচাও বৃহৎ সাম্ৰাজ্যত পৰিণত হয়। এই সাম্ৰাজ্যৰ পৰিধি ভাৰতৰ মগধ পৰ্যন্ত বিস্তৃত আছিল। লগতে ব্ৰহ্মদেশৰ উত্তৰ ভাগ আৰু অসমৰ কিছু অংশত এই সাম্ৰাজ্য অন্তৰ্ভুক্ত আছিল। এই সাম্ৰাজ্য কালক্ৰমত ভাগি পুনগঠিত হৈ মুঙ-ৰি-মুং-ৰামৰাজ্যত পৰিণত হয়। চীনদেশৰ য়ুন্নান প্ৰদেশৰ দক্ষিণ-পশ্চিমৰ কিছু অংশ, ওপৰৰ ব্ৰহ্মদেশ আৰু থাইলেণ্ডৰ কিছু অংশ সামৰি এই ৰাজ্য গঠিত হৈছিল। পূৰ্বতে এই ঠাই জনশূন্য আছিল। এই জনশূন্য ঠাইলৈ প্ৰব্ৰজন কৰি অহা টাই মংগোলীয়সকলৰ নায়ক আছিল খুনলুং আৰু খুনলাই নামৰ দুজন ভাই-ককাই। খুনলুঙে ভায়েকক মুঙ-খু-মঙ্-য়াও নামৰ পৃথক ৰাজ্য এখন প্ৰতিষ্ঠা কৰি দি নিজে মুঙ-ৰি-মুং-ৰামৰ ৰজা হয়।

খুনলাই প্ৰতিষ্ঠা কৰা মুঙ-ৰি-মুং-ৰাম ৰাজ্যৰে চাও-চাং-মুনৰ পুত্ৰ চাও-চাং-ন্যেউৱে দক্ষিণ দিশৰ ৰাজ্য মাও-লুং জয় কৰিবলৈ যুদ্ধ যাত্ৰা কৰে। কিন্তু যুদ্ধৰ বাবে প্ৰস্তুত নথকাত মাও-লুঙৰ ৰজা খুন-পাং-খামে নিজ ভনীয়েক নাং-'ঙব্লক-খাম-চেউক চাও-চাং-ন্যেউলৈ বিয়া দি সন্ধিৰ প্ৰস্তাৱ আগবঢ়ায়। পিছত চাও-চাং-ন্যেউক মাও-লুঙৰ কৰতলীয়া ৰজা পাতি চাও-ফা (ৰজা) উপাধি দিয়ে। নাং-'ঙব্লক-খাম-চেউক গৰ্ভত চাও-চাং-ন্যেউৰ তিনি সন্তানৰ জন্ম হয়। ছুজৎ ফা, ছুখাম-ফা আৰু কনিষ্ঠ চুকাফা। চুকাফাৰ জন্মৰ আগতে মাক আহি পিতৃগৃহত আছিল বাবে পুঠায়েকৰ ঘৰতে চুকাফাৰ জন্ম হৈছিল। চুকাফাই ১৯ বছৰ কাল নিছায়েক খুন-পাং-খামৰ ঘৰত আছিল আৰু জন্মৰ পৰা চফল ডেকা বয়সলৈকে পিতৃৰ ৰাজ্যলৈ যোৱা নাছিল। ১২২০ চনত খুন-পাং-খামৰ মৃত্যু হোৱাত তেওঁৰ দুই পুত্ৰই পেহাক চাও-চাং-ন্যেউৰ ৰাজ্য অধিকাৰ কৰে। এই যুদ্ধত চুকাফাৰ ডাঙৰ ককায়েক ছুজৎ ফাক বধ কৰা হয়। পিছত মাও-লুংৰ ৰজাই চুকাফাক '-মিৎ-কুপ-ক্লি-নয়ৰ ৰজা নিয়োগ কৰে। এনেদৰে তলতীয়া ৰজা হিচাপে ১৮ বছৰ কাল থকাৰ পিছত এখন স্বাধীন ৰাজ্যৰ কথা ভাবি চুকাফাই গোপনে যা-যোগাৰ আৰম্ভ কৰে। এই সময়তে জুন-লুং নামৰ আন এখন ৰাজ্য জয় কৰিবৰ বাবে মাও-লুঙৰ ৰজা ছু-খান-ফাই চুকাফাক সহায় কৰিবলৈ আমন্ত্ৰণ জনালে। কিন্তু চুকাফাই সহায় নকৰাত তেওঁক বন্দী কৰিবলৈ আগবাঢ়ি আহিল। কিন্তু চুকাফাই নিজৰ মাতুল পক্ষীয় ভাইৰ লগত যুদ্ধ নকৰি ৰাজ্য '-মিৎ-কুপ-ক্লি-নয় পৰিত্যাগ কৰে আৰু নতুন ঠাইৰ সন্ধানত যাত্ৰা কৰে।

চুকাফাৰ আগমন আৰু বৰ অসমৰ ভেটি স্থাপনঃ
চুকাফাই নতুন ৰাজ্যৰ সন্ধানত যাত্ৰা কৰাৰ সময়ত প্ৰথম অৱস্থাত সৰু ককায়েক ছু-খাম-ফাৰ নৰা ৰাজ্যত কিছুদিন আশ্ৰয় লয়। স্বৰাজ্য এৰি অহাৰ সময়ত চুকাফাই লগত ইষ্টদেৱতা চুমদেউ, মংগল চোৱাত ব্যৱহাৰ কৰা কুকুৰা চৰাই, তিনিগৰাকী ৰাণী- আই মে চাও লো, নাংচেন-চুম-ফা আৰু য়িলো-কে-চি-চুম-ফা, দুজন পাত্ৰ মন্ত্ৰী, পাঁচজন কোঁৱৰ, চাৰিজন ৰাজপুৰোহিত, দুজন বাইলুং আহিছিল। লগতে ১০৮০ সৈনিক, ৩০০ ঘোঁৰা, খাম, পেং নামৰ এটা দঁতাল হাতী আৰু এজনী মাখুন্দী হাতী ককায়েক ছু-খাম-ফাই চুকাফাক নৰা ৰাজ্যৰ দক্ষিণ-পশ্চিম দিশে থকা দেশখন জয় কৰিবলৈ পৰামৰ্শ দিয়ে। চুকাফাই মাকৰ লগত নিছায়েকৰ ৰাজ্যত থাকোতেই নিছায়েকৰ পুত্ৰ কোঁৱৰ চাম-লুং-ফাই সৌমৰপীঠলৈ যুদ্ধাভিযান চলাই ১২১৫ খ্ৰীষ্টাব্দত মণিপুৰ আৰু কাছাৰৰ কিছু অংশ অধিকাৰ কৰিছিল। এই অভিযানৰ বিষয়ে চুকাফাই সকলোখিনি জানিছিল। সেয়ে তেওঁ সৌমাৰ বা মুহ-দুন-চুন-খাম জয় কৰাটোকে নিশ্চিত কৰে৷ সেয়ে চুকাফাই নৰা ৰাজ্যৰ পৰা হংকং উপত্যাকাৰে পাটকাই পৰ্বত পাৰ হৈ আহে।

১২২৮ খ্ৰীষ্টাব্দৰ আঘোণ মাহৰ ১৬ তাৰিখে চুকাফাই সৌমাৰপীঠৰ টি-পাম (টি-ঠাই, পাম-চাপৰি) বুঢ়ীদিহিঙেৰে উজাই আহি উপস্থিত হয় আৰু ইয়াতেই তেওঁ নতুন এখন স্বাধীন ৰাষ্ট্ৰৰ সোপান ৰচনা কৰে। টি-পামত চুকাফাই বছৰ কাল থাকে। ইয়াৰ পিছত অভয়াপুৰীলৈ আহি তিনি বছৰ থাকেহি। ইয়াৰ পৰা 'লগুৰি আৰু হাবুঙলৈ আহে। হাবুঙত বানপানীয়ে আমনি দিয়াত দিহিং নৈৰে ভটিয়াই গৈ দিখৌমুখ পায় আৰু ইয়াৰ পৰা দিখৌ নৈৰে উজাই দৰিকা আৰু নামদাং নৈ অতিক্ৰম কৰি চন্তকত উপস্থিত হয়। চন্তকত দুবছৰ থাকি পুনৰ দিখৌৰে ভটিয়াই শিমলুগুৰি পালেগৈ। ইয়াত কিছু দিন থাকি চুকাফাই কাষৰীয়া অঞ্চলবোৰ পৰ্যবেক্ষণ কৰে আৰু তেওঁলোকৰ লগত সহৃদয়তা স্থাপন কৰি নিজৰ ৰাজ্যৰ সীমা বহলাই নিয়ে। পিছত শিমলুগুৰিৰ পৰা অলপ দূৰত থকা পাহাৰীয়া ওখ ঠাইত ৰাজধানী পাতি থিতাপি লয়। এই ওখ ৰাজধানীখনৰ নাম দিয়ে চে-ৰাই-দয় (চে- নগৰ, ৰাই- জিলিকি থকা, দয়- পৰ্বত) অৰ্থাৎ পৰ্বতৰ ওপৰত জিলিকি থকা নগৰ৷ পিছলৈ মুখ বাগৰি চে-ৰাই-দয় চৰাইদেউত পৰিণত হয়। অতি বীৰত্ব আৰু বিচক্ষণতাৰে চুকাফাই ৩৯ বছৰ মাহ ১৪ দিন ৰাজত্ব কৰি বিশাল আহোম সাম্ৰাজ্যৰ পাতনি মেলে।

স্বৰ্গদেউ চুকাফাই টাই মংগোলীয় ভাষা-কৃষ্টি-সংস্কৃতিৰ লগত থলুৱা ভাষা-কৃষ্টি-সংস্কৃতিৰ সমন্বয় ঘ্টাত উৎসাহ যোগাইছিল। এই দূৰদৰ্শী বদান্যতাৰ ফলতেই টাই ভাষাৰ ঠাইত এক নতুন সমন্বয়ৰ ভাষা অসমীয়া ভাষা ৰাজকীয় ভাষা হৈ পৰিছিল। চুকাফাৰ আন এক বৃহৎ অৱদান ' বুৰঞ্জী ৰচনা। স্বৰ্গদেউ চুকাফাই তেওঁৰ যাত্ৰা-পথত হোৱা সকলো ঘ্টনা আৰু দেউধাই-মহন-বাইলুং পণ্ডিতসকলক লিখিবলৈ কোৱাৰ পৰাই অসম বুৰঞ্জীৰ আৰম্ভণি বুলিব পাৰি। তেওঁ সমসাময়িক অসমত বসবাস কৰা আৰু ৰাজ্য শাসন কৰা মৰাণ, বৰাহী, কছাৰী, নগা, চুতীয়া আদি সকলো জাতি-জনগোষ্ঠীকে একত্ৰিত কৰি পৰস্পৰৰ মাজত বিবাহ আৰু খোৱা-বোৱাৰ ব্যৱস্থা কৰি দিছিল। লগতে বিভিন্ন উপাধি প্ৰদান কৰি সকলো প্ৰজাকে ৰাজ্যশাসনত অংশগ্ৰহণ কৰাৰ সুবিধা প্ৰদান কৰি দিছিল। যাৰ ফলত অসমত শইকীয়া, বৰা, হাজৰিকা, বৰুৱা, ফুকন আদি নানান উপাধিৰ সৃষ্টি হৈছিল আৰু বামুণ, কলিতা, লালুং, কোচ সকলোৱে এই উপাধি লাভ কৰিছিল। সাতৰাজ মাৰি একৰাজ কৰা চাওলুং চুকাফাই ' যথাৰ্থভাৱে অসম আৰু অসমীয়াৰ পিতৃপুৰুষ আৰু বৃহত্তৰ অসমীয়া জাতিৰ জনক। ১২৬৮ চনত চুকাফাৰ মৃত্যু হয়

চুকাফা দিৱস বা অসম দিৱসঃ
বৰ-অসম গঢ়াৰ ক্ষেত্ৰত চুকাফাৰ অৱদানলৈ শ্ৰদ্ধা জনাই ২ ডিচেম্বৰ তাৰিখটো সমগ্ৰ অসমবাসীয়ে ১৯৮৭ চনৰ পৰা ‘‘অসম দিৱস” বা ’’চুকাফা দিৱস” হিচাপে পালন কৰি আহিছে। ১২২৮ চনৰ ২ ডিচেম্বৰ (১৬ আঘোণ) তাৰিখে চাওলুং চ্যুকাফাই পাটকাই পৰ্বত পাৰ হৈ সৌমাৰ খণ্ডত ভৰি থোৱা ঐতিহাসিক দিনটোক চিৰস্মৰণীয় কৰি ৰখাৰ মানসেৰে ছৈখোৱা অঞ্চলৰ ভীমকান্ত বুঢ়াগোহাঁই নামৰ এজন ব্যক্তিয়ে ১৯৭২ চনত আৰম্ভ কৰা এক প্ৰচেষ্টাৰ ফলত এই দিৱসৰ আৰম্ভণি হয়।
(তথ্য সংগ্ৰহঃ ইণ্টাৰনেট)

No comments:

Post a Comment