শ্বহীদ প্ৰণামো তোমাকঃ
“অসম আন্দোলনৰ
প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰে ১৯৭৯ চনৰ ১০ ডিচেম্বৰত প্ৰাণ হেৰুৱাইছিল আৰু সেই
দিনটো অসমত শ্বহীদ দিৱস হিচাপে পালন কৰা হয়।”
১০ ডিচেম্বৰৰ দিনটো অসমত শ্বহীদ দিৱস হিচাপে পালন
কৰা হয়। অসম আন্দোলনৰ আৰম্ভণি কালতে, ১৯৭৯ চনৰ, এই দিনটোতে লোকসভা নিৰ্বাচনৰ মনোনয়ন
পত্ৰ দাখিলত বাধা দিবলৈ গৈ পুলিচৰ গুলীত প্ৰাণ আহুতি দিছিল খৰ্গেশ্বৰ তালুকদাৰে। সদৌ
অসম ছাত্ৰ সন্থাই (আছু) প্ৰতিবছৰে ১০ ডিচেম্বৰৰ এই দিনটোত ছয় বছৰীয়া অসম আন্দোলনত জীৱন
উৎসৰ্গা কৰা ৮৬০ জন শ্বহীদৰ স্মৃতিত শ্বহীদ দিৱস পালন কৰি আহিছে। বিগত কেইবছৰৰ পৰা
শ্বহীদ দিৱসত অসম চৰকাৰৰ তৰফৰ পৰাও অসম আন্দোলনত মৃত্যুবৰণ কৰা বীৰ শ্বহীদসকলক শ্ৰদ্ধাৰে
শ্ৰদ্ধাঞ্জলি জনাই অহা হৈছে।
অসম আন্দোলনৰ শ্বহীদসকলৰ নামঃ






