Tuesday 3 December 2019

অন্ধবিশ্বাস আৰু শিক্ষিত সমাজ

অন্ধবিশ্বাস আৰু শিক্ষিত সমাজ
(অতুলনীয় অন্তৰীপ ২০১৯ নবেম্বৰ সংখ্যাত প্ৰকাশিত প্ৰবন্ধ)
“এইখন অসমতে এটাৰ পিছত এটা অন্ধবিশ্বাসৰ ভয়াবহ কৰুণ কাহিনীয়ে কপাই আছে। বিভিন্ন প্ৰান্তত কিমান নিৰীহ পৰিয়ালৰ প্ৰান গৈছে তাৰ হিচাব নাই। আসুৰিক প্ৰকৃতিৰ একোজন নৰপিশাছে বহুতো পৰিয়ালৰ দুৰ্দশাৰ দিনত ভালৰ দিন মাতি অনাৰ নামত নৰবলিৰ দৰে অমানৱীয় কাৰ্য্যও সংঘটিত কৰিছে।”


বিন্দু কলিতা ৰাজবংশী, মংগলদৈ
দেশত মানুহ যিমানেই শিক্ষিত আৰু আধুনিক হৈছে সিমানেই কিন্তু অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ প্ৰভাৱেও আৱৰি পেলোৱা দেখা গৈছে বৰ্তমান সমাজৰ অশিক্ষিত লোকসকলতকৈও শিক্ষিত লোকৰ মাজত অন্ধবিশ্বাসৰ গূৰুত্ব বহুত বেছি পৰিলক্ষিত হয় এজন লোকে যিমানেই সুন্দৰ পোছাক পৰিধান নকৰক কিয়, সমাজৰ আগশাৰীত বহি যিমানেই উদাৰতাৰ ফুলঝাৰি নামাৰক কিয় তেওঁৰ হাতৰ পাচোটা আঙুলিত পিন্ধি থকা গ্রহৰত্ন আঙুঠিকেইটাই প্ৰকৃত পৰিচয় দাঙি ধৰে সচেতন আৰু উদাৰ ব্যক্তি সকলে সেই কথা বুজি উঠে দেশৰ বেচি সংখ্যক নেতাই প্ৰতিটোক্ষণৰ বাবে খোজ দিয়াৰ সময়ত ঈশ্বৰৰ পৰিবৰ্তে কোনোবা জ্যোতিষী অথবা কোনোবা মৌলৱীৰ আদেশত আগবাঢ়ে নিজক প্ৰতিস্থা কৰাৰ স্বাৰ্থত তাৰ বাবে লাখ টকা ব্যয় কৰিবলৈ অকনো কুন্ঠাবোধ নকৰে এখন দেশ বা ৰাজ্যৰ বৰমুৰীয়া সকলেই যেতিয়া অন্ধবিশ্বাসত মোহিত হৈ থাকে তেতিয়া সেইখন দেশৰ সাধাৰণ ৰাইজে কেনেকৈ কু-সংস্কাৰ মুক্ত হৈ পোহৰ দেখিব
TET Qualified Forum, Assam, Digital Education, SSA Assam, DEE, Assam, Sarba Sikhya Abhijan, Samagra Sikhya, Assam, Child Education, TQF, Assam, Teaching Learning Maeterial, TET, Assam TET, TET Qualified Forum, Assam, School Education, Teacher, Teaching, Teacher Eligibility Test, Digital Education, SSA Assam, DEE, Assam, Sarba Sikhya Abhijan, Samagra Sikhya, TET, Assam TET, TET Qualified Forum, Assam, School, Education, Teacher, Teaching, Teacher Eligibility Test, Information & Communication Technology, NISHTHA, National Initiative for School Heads' and Teachers' Holistic Advancement
উল্লেখযোগ্য যে এইখন অসমতে এটাৰ পিছত এটা অন্ধবিশ্বাসৰ ভয়াবহ কৰুণ কাহিনীয়ে কপাই আছে বিভিন্ন প্ৰান্তত কিমান নিৰীহ পৰিয়ালৰ প্ৰান গৈছে তাৰ হিচাব নাই আসুৰিক প্ৰকৃতিৰ একোজন নৰপিশাছে বহুতো পৰিয়ালৰ দুৰ্দশাৰ দিনত ভালৰ দিন মাতি অনাৰ নামত নৰবলিৰ দৰে অমানৱীয় কাৰ্য্যও সংঘটিত কৰিছে
    
বৰ্তমান ডাইনী হত্যাৰ দৰে অন্ধবিশ্বাস হৈছে সমাজৰ এটা ভয়াবহ আৰু লজ্জা জনক ব্যাধি ডাইনীৰ নামত কোনোবাই কাৰোবাক টুকুৰা টুকুৰ কৰি কাটিচে কোনোবাই আকৌ জীবন্তে জ্বলাই দিছে তেনেকুৱা গাৰ নোম শিয়ৰা কাহিনীয়ে বাৰে বাৰে মানৱসমাজক লজ্জানত কৰিছে  আটাইতকৈ মনকৰিবলগীয়া কথাটো হল ডাইনী হত্যাৰ আইনগত ব্যৱস্থা টোক কিছুমান লোকে নিজৰ হাতত তুলি সেই একেখিনি ভুলকে বাৰে বাৰে কৰি থকাটোহে এই সকলো ক্ষেত্ৰতে দেখা যায় যে আমি সকলোৱেই যেন কৰবাত অন্ধবিশ্বাসৰ বলি হৈ আছো
   
দেশৰ অৰ্থনৈতিক অৱস্থা আজি খুবেই শোচনীয় যোৱা পাচটা বছৰে ভয়াবহ ভাবে বাঢ়ি অহা নিবনুৱা সমস্যা সমাধানৰ পৰিবৰ্তে  অশুভ শক্তি নাশ কৰাৰ চেষ্টাতেই নে আন কিবা কাৰনত কেৱল পুজা পাতলৰ নামতেই কৌটি কৌটি  টকা অপচয় কৰিছে স্বয়ং চৰকাৰে এনেকুৱা অনুভৱ হৈ যেন সাধাৰণ ৰাইজে কৰিব পৰাত আৰু একোৱেই নাই
     
কু-সংস্কাৰ মুক্ত সমাজ ব্যৱস্থাইহে দেশৰ প্ৰগতি আনিব গ্ৰাম্যপ্ৰধান দেশখনত ইমান সহজতে অন্ধবিশ্বাস নিৰ্মূল কৰাটো অৱশ্যে বৰ সহজ কথা নহয় কিয়নো গ্ৰাম্য জীৱনত চলি অহা পৰম্পৰাগত ৰিতীসমূহৰ লগত অন্ধবিশ্বাস শব্দটো জৰিত হৈ আছে গতিকে এই বিষয়টো বৰ্তমান অতি গূৰুত্বপুৰ্ণ হৈ পৰিছে বিশেষকৈ জনগোষ্ঠীৰ লোকসকলে পৰম্পৰাগত লোকবিশ্বাস সমুহক অতি শ্ৰদ্ধা সহকাৰে পালন কৰে

দুখজনক ভাবে এই লোকসকলৰ মাজত সজাগতাৰ অভাৱ শিক্ষিত লোকৰো অভাৱ পৰম্পৰাগত লোকবিশ্বাস সমুহে এতিয়াও এইসকল লোকক আন্ধাৰত ৰাখি থৈছে তাৰ পৰা মুক্ত কৰিবলৈ এতিয়া লাগে মাথো শিক্ষিত লোকৰ নেতৃত্বত সজাগতা আৰু উদাৰতাৰ বিপ্লৱ
অন্ধবিশ্বাসে জাতিক ৰূগ্ন কৰি তুলিছে সু-চিন্তা ধাৰাত ব্যাঘাত জন্মাইছে এই ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা লৈছে যদিও শিক্ষিত লোকসকলৰ দায়িত্ব গধূৰ হৈ পৰিছে ইণ্টাৰনেটৰ যুগত ডাইনী হত্যা, নৰবলিৰ দৰে ঘটনা সংঘটিত হোৱাটো সচাকৈ পৰিতাপৰ কথা সাগৰৰ তলত ঘৰ সাজি,মংগল গ্ৰহত বসতি কৰিব ওলোৱা এইখন পৃথিৱীৰ বাসিন্দা হৈ আমি যদি মানুহক বলি দি ককালত মাডলী পিন্ধি নিকৃষ্ট চিন্তা ধাৰাৰে অন্ধকাৰ গুহাতে সোমাই থাকো তেনেহলে পৃথিৱীয়ে আমাক কোনোদিনেই নিচিনিব  কালৰ বুকুত নিচিহ্ন হম আমাৰ দৰে মানব জাতি আহকছোন আমি শিক্ষিত সকলে হাতত  এগছি বন্তি জ্বলাই সেইকলক পোহৰৰ বাট দেখুৱাও, যিসকলে অন্ধবিশ্বাসৰ কবলত পৰি ককবকাই আছে

No comments:

Post a Comment