Wednesday 4 December 2019

খং :এক সংক্ৰামক ব্যাধি


খং :এক সংক্ৰামক ব্যাধি
(অতুলনীয় অন্তৰীপ ২০১৯ নবেম্বৰ সংখ্যাত প্ৰকাশিত প্ৰবন্ধ)


খঙে মানুহৰ হিতাহিত জ্ঞানশূন্য কৰি সমুলাঞ্চে বুদ্ধি-বৃত্তি নাশ কৰেঅনিয়ন্ত্ৰিত হয় মগজু প্ৰাধান্য পাই আৱেগবিহ্বল মনটোইলাভ-লোকচানৰ কথা মগজুৰ পৰা কৰ্পূৰৰ দৰে উৰি যায় অনাকাংক্ষিত আৰু অনাদৃত বহু পৰিঘটনাৰ গুৰি বঠা ধৰে


  নৱ ডেকা, পূব-জ্যোতিনগৰ

খং! অতিকৈ চিনাকি এটি কুৰুচিপূৰ্ণ আৰু জ্বলাতন শব্দ আখৰুৱা বতৰৰ দৰে ক'ত, কেতিয়া কেনেকৈ উঠি যায় তাক তলকিবৈ নোৱাৰি সৰু সৰু কথাতে কেতিয়াবা বৰকৈ খং উঠা দেখা যায় কেতিয়াবা আকৌ কটু কথাটো খং উঠা দেখা নাযায় আচলতে মানুহ জনৰ সামগ্ৰিক পৰিবেশতন্ত্ৰটোৰ ওপৰত বহুখিনি নিৰ্ভৰশীল পৃথিৱীত এনেকুৱা এজন মানুহ নোলাব কিজানি যাৰ জীৱনত এদিনৰ বাবে এবাৰৰ কাৰনে হলেও খং উঠা নাই একে উশাহতে কব পাৰি সদ্যোজাত নবজাতকৰ পৰা আৰম্ভ কৰি মৃত্যু দুৱাৰডলিৰ ক্ষণ গণি থকা মুমূৰ্ষু ব্যক্তিলৈ কোনেও সাৰি নাযায় এই আপদীয়া খং নামৰ চণ্ডালটোৰ পৰা গতিকে খঙৰ তিতা-কেঁহা সোৱাদ নিজেও পাই আৰু আনকো সংক্ৰামক ব্যাধি ৰূপে বিয়পায় নিজেটো ধ্বংসৰ দেওলগা বতাহৰ বিষময় বা লয়ে লগতে আনকো বিষাক্ত বা লবলৈ বাধ্য কৰায় মুঠতে বন্দী বিহংগৰ দৰে ধৰফৰাই থাকিব 'গাত পৰে

TET Qualified Forum, Assam, Digital Education, SSA Assam, DEE, Assam, Sarba Sikhya Abhijan, Samagra Sikhya, Assam, Child Education, TQF, Assam, Teaching Learning Maeterial, TET, Assam TET, TET Qualified Forum, Assam, School Education, Teacher, Teaching, Teacher Eligibility Test, Digital Education, SSA Assam, DEE, Assam, Sarba Sikhya Abhijan, Samagra Sikhya, TET, Assam TET, TET Qualified Forum, Assam, School, Education, Teacher, Teaching, Teacher Eligibility Test, Information & Communication Technology, NISHTHA, National Initiative for School Heads' and Teachers' Holistic Advancement
সঁচাকৈয়ে খং এটা গুৰুপাকী আৰু বদহজমী শব্দ

খঙে মানুহৰ হিতাহিত জ্ঞানশূন্য কৰি সমুলাঞ্চে বুদ্ধি-বৃত্তি নাশ কৰেঅনিয়ন্ত্ৰিত হয় মগজু প্ৰাধান্য পাই আৱেগবিহ্বল মনটোইলাভ-লোকচানৰ কথা মগজুৰ পৰা কৰ্পূৰৰ দৰে উৰি যায় অনাকাংক্ষিত আৰু অনাদৃত বহু পৰিঘটনাৰ গুৰি বঠা ধৰে সংসাৰ সিন্ধুত জীৱন নামৰ টুলুঙা নাঁও খন ডুব ডুব হৈ যোৱাৰ উপক্ৰম হয়নিজৰ প্ৰিয়ভাজনৰ পৰাও নিলগত অৱস্থান কৰিব 'গাত পৰে যশ- মান সকলো অথলে যায় আনৰ চকুত তুচ্ছ- তাচ্ছিল্যৰ এটি ভাবৰ উদ্বেগ ঘটায় ছন্দপতন হয় জীৱনৰ বাংময় অনুভূতি সকলো সৃজনশীল কাৰ্য-কালাপ লোপ পায়ঋনাত্মক ভাবনা হৃদয়ৰ কোঁহে কোঁহে প্ৰবাহিত হৈ পংগু কৰি পেলাই নিজৰ কৰ্ম-কুশলতাক মনটোক আৱিষ্কাৰ কৰে এখন জীয়া মানুহৰ পৰিত্যক্ত মৰিশালীত

            খং আমাৰ পৰম শত্ৰু হিংস্ৰ জন্তুৰ হিংস্ৰতাৰ লগত ৰিজাব পাৰি ক্ৰোধৰ শত্ৰুতা যিদৰে হিংস্ৰ প্ৰাণীবোৰে দেখিলেই প্ৰাণ নাশৰ চেষ্টা চলাই ঠিক একেদৰে ক্ৰোধও তেনেই সহজ সৰল নিৰুপদ্ৰৱ জীৱনটোক আউল-বাউল লগাই লাংলাং-থাংথাং কৰি পেলায় সততে, স্বভাৱত উগ্ৰ প্ৰকৃতিৰ মানুহবোৰ অতন্ত: ক্ৰোধী হয় যদিও শান্ত প্ৰকৃতিৰ মাজতো খং তলে তলে সক্ৰিয় হৈ থাকেপানী পালে জ্বালামুখী উদ্গীৰণ হোৱাৰ দৰে অথাৎ সুপ্ত আগ্নেয়গিৰি খঙৰ বশৱৰ্তী হৈ ঠৰঙা বা ক্ৰুৰ বাক্যৰ বাণে আমাৰ সৰ্বোত্তম মিত্ৰকো চিৰদিনৰ বাবে পৰম শত্ৰু সজাৱ পাৰে নিজৰ লগতে আনৰ বয়-বস্তুৰ বিস্তৰ ক্ষতি সাধন ' পাৰে সু-সম্পৰ্কত ফাট মেলিব পাৰে,   আনকি  সুখে দুখে সাত জনম একেলগে থাকিম বুলি অংগীকাৰ লৈ হোৱা বিবাহৰো বিচ্ছেদ পৰ্যন্ত ' পাৰে

কোৱাত বাহুল্য যে ক্ৰোধাগ্নিয়ে নিজকহে বহুলাংশে দগ্ধ কৰে ক্ৰোধৰ পাত্ৰজনতকৈ মস্তিষ্কত বিৰূপ প্ৰভাৱ পেলায় উত্তেজনাৰ বশৱৰ্তী হৈ পৰাৰ বাবে স্নায়ুতন্ত্ৰৰ কাম-কাজ অসন্তুলিত হৈ পৰে অজীৰ্ন, হৃদয় স্পন্দন বৃদ্ধি, ৰক্তচাপ বৃদ্ধি, কলিজাৰ ৰোগ, শক্তিহীন হৈ হাত-ভৰি কপিবলৈ ধৰে আনকি নিজৰ সুন্দৰ আৰু শান্ত প্ৰকৃতিৰ মুখখনোও কুৎসিত হৈ পৰে ভাবিবলৈ ভয় হয় সেইজনেই এইজন মানুহ বুলি এক কথাত উমি উমি জ্বলা খঙৰ স্ফুলিংগত স্বকীয় আন্তঃসত্তাক সম্পূৰ্ণৰূপে দাহিত কৰি পেলায়  ক্ৰমশঃ বিয়পিবলৈ আৰম্ভ কৰে ক্ৰোধাগ্নিৰ সংক্ৰামক বীজাণু ক্ৰোধৰ পাত্ৰজনৰ দিশত পাত্ৰ জনৰ প্ৰকৃতি অনুসৰি লাহে লাহে অথবা তৰিৎ গতি সংঞ্চাৰিত হৈ পৰে বীজাণুৰ প্ৰভাৱ একেদৰে তেওঁ তেখেতৰ অনুচৰৰ ওপৰত ক্ৰোধাগ্নিৰ প্ৰভুত্ব বিস্তাৰ কৰে সেইদৰে এজন পৰা আনজনলৈ ক্ৰমান্বয়ে সংক্ৰমিত 'বলৈ ধৰে শিকলিৰ আৰ্হিতসামগ্ৰীক পৰিবেশকে প্ৰদূষিত কৰি পেলোৱা খং নামৰ বীজাণুটোক সংক্ৰামক ব্যাধি কাৰক বুলি একেমুখে স্বীকাৰ 'বলৈ অকণো চিন্তাৰ প্ৰয়োজন নাই বুলি ভবাৰ থল আছে

মানুহ সৃষ্টিকৰ্তাৰ সৰ্বোত্তম সৃষ্টি জীৱশ্ৰেষ্ঠ  মানুহ হৈ সৰ্বধ্বংসী খঙক যোগাভ্যাস, প্ৰাণায়ম, আধ্যাত্মিকতাৰ বাতাৱৰণেৰে আত্মঃনিয়ন্ত্ৰণৰ আওতাত আনি নিজৰ মানৱীয় পৰিচয়ক অক্ষুন্ন ৰাখো আহকঠাণ্ডা মগজুৰ নিভৃত কোণত আত্মসংযম, ধৈৰ্য আৰু দৃঢ়তাক প্ৰধান সম্পদ হিচাপে লৈ মনৰ মাজৰ পৰা খং নামৰ বিহলঙনি গছ জোপা উঘালি  দলিয়াই পেলাও আহক আৰু দুদিনীয়া জীৱনটোক ' গড়খাৱৈত পৰি কক্ বকাই থকাৰ পৰা বচাই এক নতুন পৰিমাত্ৰা প্ৰদান কৰোঁ জীৱনটো সঁচা অৰ্থত উপলব্ধি কৰোঁ ইতিবাচক চিন্তাৰে খং বিহীন জীৱনৰ দিশে আগবাঢ়ো আৰু চিঞৰি চিঞৰি কৈ যাওঁ
"খং-ৰাগ বিদায় ৰংবোৰ আদায়"




No comments:

Post a Comment