হেৰাই
যাবলৈ ধৰা আমাৰ ঘৰুৱা আৰু থলুৱা ফলমূলঃ
(অতুলনীয় অন্তৰীপৰ
২০১৯ ডিচেম্বৰ সংখ্যাত প্ৰকাশিত প্ৰবন্ধ)
দিব্যজ্যোতি শইকীয়া
প্ৰকৃতিৰ চেনেহৰ জীয়ৰী অসমত এতিয়া ফলমূলৰ বতৰ আম, কঠাল, জাম, লেটেকু, পনিয়ল, মধুৰিআমেৰে ভৰি পৰিছে গোটেইখন। হাটে বজাৰেও ফলৰ সমাহাৰ। একেই দৃশ্য আমাৰ বাৰীবোৰতো। কাৰোবাৰ বাৰীখন যদি পকা আমৰ ঈষৎ ৰঙা-হালধীয়া ৰঙে জাতিষ্কাৰ কৰি ৰাখিছে, আন কাৰোবাৰ বাৰী আকৌ ক'লা জামু অথবা লেটেকুৰ ৰঙেৰে চালে চকুৰোৱা হৈ জকমকাই উঠিছে। আচলতে ফলমূল বছৰৰ বাৰ মাহেই থাকে। কিন্তু অসমত জেঠ, আহাৰ, শাওণ যেন ফলৰেই ভৰপক ঋতু। প্ৰকৃতিৰ ৰূপ, গুণ আৰু স্বভাৱ এই আটাইবোৰেই বিস্ময়কৰ! প্ৰকৃতিৰ স্বভাৱ খেয়ালী আৰু ৰূপ-গুণ অতুলনীয়। প্ৰকৃতিয়ে সসাগৰা পৃথিৱীত সকলো প্ৰয়োজনীয় বস্তুৱেই দান কৰিছে। প্ৰকৃততে সমস্ত প্ৰাণীকুলেই প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল। এইক্ষেত্ৰত তিলমাত্ৰও কাৰ্পণ্য নকৰাকৈ প্ৰকৃতিয়ে প্ৰাণীকুলৰ বাবে প্ৰয়োজনীয় সকলো বস্তৰে যোগান ধৰি আহিছে। নানা তৰহৰ ফলমূল মানৱ সমাজৰ প্ৰতি প্ৰকৃতিৰ এক অনন্য উপহাৰ।