Friday 20 December 2019

মাছ ধৰা থলুৱা সঁজুলি


মাছ ধৰা থলুৱা সঁজুলিঃ
খেৱালি জাল বা আচৰাঃ হাতেৰে বহলকৈ মেলি পানীলৈ দলিয়াই দিয়া হয় পিছত লাহেকৈ পাৰলৈ চপাই আনোতে জালৰ মূৰত থকা সৰু সৰু জেপবোৰত মাছবোৰ লাগি ধৰে
টঙি জালঃ জালখন টঙিৰে বহলকৈ মেলি পানীত পাতি থোৱা হয় মাজে মাজে পানীৰপৰা দাঙি জালত উঠা মাছবোৰ ধৰা হয় কেতিয়াবা এনে জালত তুঁহগুৰিৰ লাৰু একোটাও দিয়া হয়
TET Qualified Forum, Assam, Digital Education, SSA Assam, DEE, Assam, Sarba Sikhya Abhijan, Samagra Sikhya, Assam, Child Education, TQF, Assam, Teaching Learning Maeterial, TET, Assam TET, TET Qualified Forum, Assam, School Education, Teacher, Teaching, Teacher Eligibility Test, Digital Education, SSA Assam, DEE, Assam, Sarba Sikhya Abhijan, Samagra Sikhya, TET, Assam TET, TET Qualified Forum, Assam, School, Education, Teacher, Teaching, Teacher Eligibility Test, Information & Communication Technology, NISHTHA, National Initiative for School Heads' and Teachers' Holistic Advancement
ফাঁচি জালঃ পানীৰ সোঁত বৈ থকা অঞ্চলত পাতি থোৱা হয় জালত মাছবোৰ ফাঁচ খাই লাগি ধৰে

জাকৈঃ তিনিকোণীয়া মাছ ধৰা বাঁহৰ সঁজুলি বিশেষকৈ তিৰোতা আৰু গাভৰুসকলে ইয়াৰ ব্যৱহাৰ বেচিকৈ কৰে পানীৰ মাজেদি চলাই চলাই ওপৰলৈ দাঙি দাঙি মাছ ধৰা হয়


জুলুকিঃ বাঁহৰ সঁজুলি, ওখ প্ৰায় দুফুট প্ৰথমে বাঁহৰ কামি চাঁচি লৈ কামিবোৰ ওপৰৰপৰা আধাফুটমান এৰি তলৰডোখৰ বা ভাগ কৰি গোল গোল কাঠিৰ নিচিনাকৈ চাঁচি লোৱা হয় তাৰ পাছত কামি আৰু কাঠিবোৰ ইডালৰ লগত সিডাল ক্ৰমান্নয়ে বেত বা তাঁৰেৰে বান্ধি গাঁঠি গোলাকৃতি কৰি লোৱা হয় এনেকৈ গাঁঠি যাওঁতে ওপৰফালে সৰু আৰু তলফালে ক্ৰমান্নয়ে বহল কৰি অনা হয় ওপৰৰফালৰ গোলাকৃতিৰ ব্যাসাৰ্ধ প্ৰায় ছে.মি. আৰু তলফালৰ গোলাকৃতিৰ ব্যসাৰ্ধ প্ৰায় ২৫ ছে.মি. ওপৰফালে ধৰিবৰ সুবিধাৰ বাবে এটা মুঠনি দিয়া হয় জুলুকিৰে সাধাৰণতে সৰু মাছ চাব মাৰি মাছ ধৰা হয় ইয়াৰ বাবে প্ৰথমে গোবৰ আৰু তুঁহগুৰিৰ মিশ্ৰণেৰে বল আকৃতিৰ লাৰু বান্ধি লোৱা হয় এই লাৰুবোৰ নদী বা পথাৰৰ আঠুৱনী পানীত সৰু খুটি এটাৰে পুতি থৈ অহা হয় লাৰুটোৰ অৱস্থিতি জানিবৰ বাবে খুটিটো এক আঙুলমান পানীৰ ওপৰত ওলাই থকাকৈ পোতা হয় ইয়াৰ পাছত মাছে লাৰুটো খাবলৈ অহালৈ ১০/১৫ মিনিটমান অপেক্ষা কৰা হয়। তাৰ পাছত লাহেকৈ গৈ লাৰুটো আৰু মাছখিনি জুলুকিৰে চাব মাৰি ঢাকি ধৰা হয় তাৰ পাছত জুলুকিৰ ওপৰফালে হাত ভৰাই খেপিয়াই মাছখিনি সংগ্ৰহ কৰা হয়

চেপাঃ বাঁহৰ কাঠিৰে সঁজা এবিধ মাছ ধৰা যতনপানীৰ সৰু সোঁত বৈ থকা ঠাইত পাতি থোৱা হয়।

পলঃ বাঁহৰ সজুলি, জুলুকিতকৈ বহল ওখ প্ৰায় ফুট পল সাজিৰ বাবে প্ৰথমে বাঁহৰ কাঠি গোল গোলকৈ চাঁচি লোৱা হয়। তাৰ পাছত কাঠিবোৰ ইডালৰ লগত সিডাল ক্ৰমান্নয়ে বেত বা তাঁৰেৰে বান্ধি গাঁঠি গোলাকৃতি কৰি লোৱা হয় এনেকৈ গাঁঠি যাওঁতে ওপৰফালে সৰু আৰু তলফালে ক্ৰমান্নয়ে বহল কৰি অনা হয় ওপৰৰফালৰ গোলাকৃতিৰ ব্যাসাৰ্ধ প্ৰায় ছে.মি. আৰু তলফালৰ গোলাকৃতিৰ ব্যসাৰ্ধ প্ৰায় ৩৫ ছে.মি.। ওপৰফালে ধৰিবৰ সুবিধাৰ বাবে এটা মুঠনি দিয়া হয়। পলৰে সাধাৰণতে ডাঙৰ মাছ চাব মাৰি মাছ ধৰা হয়। পলৰে মাছ ধৰিবৰ বাবে বহুতো লোক একেলগে নদী বা বিলত নামে আৰু পলৰে ইফালে সিফালে চাব মাৰে। এনেদৰে চাব মাৰি ফুৰোতে কোনোবা পাকত ডাঙৰ মাছ পলটোৰ মাজত সুমাই পৰে

খালৈঃ মাছ থোৱা বাঁহৰ সঁজুলি, দেখিবলৈ কলহটোৰ দৰে, পেটটো পেতুৱা আৰু মুখ খন সৰু।

বৰশীঃ লো- আঁকুটা লগা মাছ ধৰা সঁজুলি

খোঁকাঃ দীঘল মাছ ধৰা বাঁহৰ সঁজুলি। মুখ খন বহল পিছলৈ ঠেক, দীঘল(১০০/১১০ ছে.মি.) আৰু বন্ধ। পানীৰ সৰু সোঁত বৈ থকা ঠাইত পাতি থোৱা হয়। মাছবোৰ সোঁতৰ কোবত খোকাৰ বহল মুখখনৰে সুমাই পিছৰ ঠেক অংশত লাগি ধৰেগৈ।

ঠুহাঃ বাঁহৰ কাঠিৰে এবিধ ঠেক মাছ ধৰা যতন

বানঃ বাঁহৰ কাঠি গাঁঠি সজা হয়। বাঁহৰ বেৰাৰ নিচিনা, ওখ প্ৰায় / ফুট সৰু নদীসমূসৰ সোঁতত পাতি থোৱা হয় বানৰ পাছফালে ধেনুভিৰিয়াকৈ এখন জালি বা কাপোৰ বান্ধি থোৱা হয় সোঁতৰ কোবত ভাঁহি অহা মাছবোৰ বানত লাগি বাধাপ্ৰাপ্ত হৈ জপিয়াই বানৰ পাছফালে পাতি থোৱা কাপোৰত পৰেগৈ। পাছত তাৰপৰাই মাছবোৰ ধৰা হয়।
(সংগৃহীত)

3 comments:

  1. পঢ়ি ভাল লাগিল। আগন্তুক সময়ত আকৌ ভাল ভাল লিখনী পাম বুলি আশা ৰাকিলো। অসমৰ আহি থকা আগন্তুক চাকৰিৰ খবৰ জানিবলৈ ইয়াত ক্লিক কৰক

    ReplyDelete
  2. এই পোস্টটো পঢ়ি আগৰ দিনৰ কথা মনত পৰিল । অসমৰ চাকৰিৰ খবৰ জানিবলৈ Assam Govt Job ত ক্লিক কৰক

    ReplyDelete