অসমৰ থলুৱা সামগ্ৰী সমুহৰ চাহিদা আৰু সম্ভাৱনাঃ
(অতুলনীয় অন্তৰীপত
২০১৯ জুন সংখ্যাত প্ৰকাশিত প্ৰবন্ধ)
দীপশিখা চলিহা, দেঁওমৰনৈ দৰং
অসম এখন উৎপাদনশীল ৰাজ্য। থলুৱা সামগ্ৰীৰ উৎপাদন অসমত যথেষ্ট পৰিমানে হয়, তথাপি পৰিকল্পিত বজাৰৰ অভাৱত ই অৰ্থনৈতিক স্বচ্ছলতা লাভ কৰিব পৰা নাই । বিভিন্ন সময়ত বিভিন্ন ৰাজ্যৰ পৰা অসম ভ্ৰমণলৈ আহি অসমৰ থলুৱা সাজ-পাৰ গহনা-গাঠুৰি পিন্ধি, খাদ্যভাষৰ সোৱাদ দেখি যি ভাৱ প্ৰকাশ কৰে তাক দেখি আমাৰ অনুভৱ হয় অসমখন সঁচাকৈ অতি মোহনীয় ৰাজ্য।
TET Qualified Forum,
Assam, Digital Education, SSA Assam, DEE, Assam, Sarba Sikhya
Abhijan, Samagra Sikhya, Assam, Child Education, TQF, Assam, Teaching
Learning Maeterial, TET, Assam TET, TET Qualified Forum, Assam, School
Education, Teacher, Teaching, Teacher Eligibility Test, Digital Education,
SSA Assam, DEE, Assam, Sarba Sikhya Abhijan, Samagra Sikhya, TET, Assam TET,
TET Qualified Forum, Assam, School, Education, Teacher, Teaching, Teacher
Eligibility Test, Information & Communication Technology, NISHTHA, National
Initiative for School Heads' and Teachers' Holistic Advancement
|
বৰ্তমান অসমত যদিও থলুৱা সামগ্ৰীৰ ব্যৱহাৰ কমি আহিছে তথাপি উৎপাদন কমা নাই। থলুৱা সামগ্ৰী বুলি কলে প্ৰথমে আহিব সাজ-পাৰ, গহনা-গাঠুৰি, বাচন বৰ্তন, থলুৱা পিঠা-পনা, মছলা জাতীয় সামগ্ৰী, থলুৱা মাছ, ফল-মুল, আচাৰৰ বাবে টেঙাজাতীয় ফল ইত্যাদি। সম্প্ৰতি অসমত প্ৰয়োজনীয় সামগ্ৰী অধিক পৰিমানত উৎপাদন নোহোৱা বাবেই আমি সেইবোৰ বহিঃৰাজ্যৰ পৰা আমদানি কৰিব কৰিব লগা হয়,কিন্তু বহিঃৰাজ্যৰ পৰা অনা হাইব্ৰীড বস্তুবোৰৰ কোনো গুনাগুন নাই।
থলুৱা সাজ-পাৰ,আ-অলংকাৰ বুলিলে অসমীয়া মেখেলা চাদৰৰ কথা কব লাগিব। পাটৰ মেখেলা চাদৰ অসম বিখ্যাত। সাধাৰণতে অসমীয়া বিয়া বাৰুত অসমীয়া জীয়ৰী-বোৱাৰীয়ে পাট-মুগাৰ মেখেলা চাদৰ পিন্ধে। এই সাজে এক গাম্ভীৰ্য প্ৰদান কৰে। সাজপাৰৰ পিছতে আহিবআ-অলংকাৰ। অসমীয়া সাজ পোছাকৰ লগত সদায় অসমীয়া গহনা পৰিধান কৰাতো প্ৰয়োজন। তেনে কৰিলে সোণত সুৱগা চৰোৱা যেন হয়। অসমীয়া থলুৱা অলংকাৰ হ'ল- কেৰুমনি থুৰীয়া, এইবিধ আগৰ মহিলাসকলে কাণত পিন্ধিছিল। জোনবিৰি, পদক এইবোৰ ডিঙিত পিন্ধে। মুঠিখাৰু- মুঠিখাৰু সাধাৰণতে ৰূপেৰে বনোৱা হয়। শেহতীয়াভাৱে বিয়া জোৰোণ এইবোৰত অসমীয়া মহিলাই থলুৱা সাজ-পাৰ গহনা ব্যৱহাৰ কৰা দেখা যায়। এইবোৰ অধিক উৎপাদন কৰিও অৰ্থনৈতিক স্বচ্ছলতা আনিব পাৰি।
অসমৰ মানুহৰ প্ৰধান খাদ্য হ'ল ভাত। গতিকে অসমৰ থলুৱা ধানৰ কথা কব লাগিব। শালি ধানৰ ভিতৰত হ'লঃ
১। বৰধান- বৰমেকুৰী, মালচৰী আৰু হালভা।
২। লাহি-
বালাম,
শুৱাগমণি,
লতাশালি।
৩। জহা-খৰিকাজহা, ক'লাজহা, মাণিকিমধুৰী জহা।
৪। বৰাধান-বগাবৰা, কঞা বৰা, ডাহি বৰা ইত্যাদি।
এইবোৰৰ পুষ্টিগুনো উল্লেখনীয়।
অসমত বহুতো থলুৱা পিঠা পনা আছে। সেইবোৰ ক্ৰমে তিল পিঠা, বৰপিঠা, তেল পিঠা, উৰহীয়া পিঠা, ককাল ভঙা পিঠা, নাঙল ধোৱা পিঠা, খোলাচপৰীয়া পিঠা ইত্যাদি। বৰ্তমান এইবোৰ পিঠা প্ৰায় নাইকীয়া হ'ব ধৰিছে। এইবোৰ পিঠা খাবলৈ সোৱাদযুক্ত হোৱাৰ উপৰিও ইয়াৰ পৰা কোনো ধৰনৰ অপকাৰ নাই। চাহৰ লগত এনে পিঠাৰ জুটিয়েই সুকীয়া।
অসমত বহুতো থলুৱা মাছ আছে। যেনে- পুঠি, খলিহনা, গৰৈ, চেং, শ'ল, কাৱৈ, শিঙি, মাগুৰ, মিছামাছ ইত্যাদি; থলুৱা মাছৰ পুষ্টিদায়ক গুন যথেষ্ট। এইবোৰৰ সোৱাদ অত্যন্ত আৰু এইবোৰৰ ঔষধি গুনো আছে।
থলুৱা টেঙাও কোনো গুনে কম নহয়। কমলা টেঙা,ৰবাব টেঙা, চকলা টেঙা, নেমু টেঙা, থেকেৰা টেঙা, কৰদৈ, ৰহদৈ, খোলোং টেঙা, ডৱা টেঙা ইত্যাদি। ইয়াৰ লগে লগে থলুৱা ফলমুল কিছুমান হ'ল কল, অমৃতা, মধুৰিয়াম, কঠাল, আনাৰস ইত্যাদি।
ইয়াৰ পিছত আহিব অসমৰ থলুৱা বাচন বৰ্তন। আগৰ দিনত এইবোৰৰ ব্যৱহাৰ বেচি আছিল। যেনে কাঁহৰ কাঁহী, বাটি, বাণবাটি, ঘটি, লোটা, তৌ, চৰিয়া, হেতা ইত্যাদি। এইবোৰ বাচন বৰ্তনত ব্যৱহাৰ কৰিলে এক প্ৰকাৰৰ সন্মান দিয়াৰ দৰে হয়। কাঁহৰ বাচনত ভাত খালে বিভিন্ন বেমাৰ -আজাৰ কমে। বিশেষকৈ পেটৰ ৰোগ কম হয়।
বৰ্তমান সময়ত আমি থলুৱা বস্তু ব্যৱহাৰৰ উপযোগীতাক অবহেলা কৰাৰ দৰে হৈছে। ফাষ্ট ফুড খাই যুৱ প্ৰজন্মই থলুৱা খাদ্য পাহৰি গৈছে। বৰ্তমান ল'ৰাছোৱালীয়ে ফাষ্টফুড খাই ভাত এৰাৰো উদাহৰণ আছে। ফাষ্টফুড আচলতে একো পুষ্টিকৰ খাদ্য নহয়। ফুটপাথত বহি সাধাৰণ ফল, টেঙা আদি বিক্ৰি কৰিও গুৱাহাটী চহৰত এচামে দৈনিক হাজাৰ টকালৈকে উপাৰ্জন কৰি আছে। আজিকালিৰ ল'ৰা ছোৱালীয়ে থলুৱা সাঁচ-পোচাক, খাদ্য, গহনা গাঠৰি, ফলমুল নাখাই বা ব্যৱহাৰ নকৰি প্ৰাচাত্যৰ বিভিন্ন বস্তুৰ প্ৰতি আসক্ত হৈ নিজস্বতা হেৰুৱাইছে। কিন্তু আমি জানিব লাগিব এই থলুৱা বস্তুবোৰ আচলতে প্ৰাকৃতিক আৰু স্বাস্থ্যসন্মত ।
No comments:
Post a Comment