Monday 27 January 2020

ইণ্টাৰনেটৰ ধাৰণা

ইণ্টাৰনেটৰ ধাৰণাঃ
(Concept on Computer Internet)
ইণ্টাৰনেটৰ বনাম ৱেবঃ
১৯৮৯ চনত ইণ্টাৰনেটক বিশাল ৱৰ্লড্ৱাইড ৱেব(WWW) হিচাপে উন্মোচিত কৰা হৈছিল ৱেব বিশাল পৰিমানৰ সংগ্ৰহীত HTML পৃষ্ঠা যি ইণ্টঅৰনেট হাৰ্ডৱেৰৰ যোগেদি পৰিবাহিত কৰা হয় ৱৰ্ল ৱাইড ৱেব ইণ্টাৰনেটৰ এটা সৰু অংশ তথা ইণ্টাৰনেটে বহু ধৰণৰ অন্য বেলেগ তথ্যক সামৰি লয় যিবোৰ ৱেব পৃষ্ঠাতকৈ বেলেগ
TET Qualified Forum, Assam, Digital Education, SSA Assam, DEE, Assam, Sarba Sikhya Abhijan, Samagra Sikhya, Assam, Child Education, TQF, Assam, Teaching Learning Maeterial, TET, Assam TET, TET Qualified Forum, Assam, School Education, Teacher, Teaching, Teacher Eligibility Test, Digital Education, SSA Assam, DEE, Assam, Sarba Sikhya Abhijan, Samagra Sikhya, TET, Assam TET, TET Qualified Forum, Assam, School, Education, Teacher, Teaching, Teacher Eligibility Test, Information & Communication Technology, NISHTHA, National Initiative for School Heads' and Teachers' Holistic Advancement
ৱেব এটা চফটৱেৰ আহিলা বা সেৱা যি ইণ্টাৰনেটত ব্যৱহাৰ হয় ৱেব পৃষ্ঠাবোৰ বিভিন্ন তথ্য পাতিৰ সমষ্টি ইয়ে বিশ্বৰ বিভিন্ন তথ্যৰ কম্পিউটাৰৰ মাধ্যমৰে যোগান ধৰে ইণ্টাৰনেট আৰু ৱেবক দুটা ভিন্ন ৰুপ বুলি ব্যক্তি বিশেষে অভিহিত কৰে যিটো কাৰিকৰী দিশৰে চাব লে ভূল বুলি গণ্য কিয়নো ৱেব পৃষ্ঠাবোৰৰ দ্বাৰাই ইণ্টাৰনেট গঠিত

কি হয় ৱেৱ ./ ৱেৱ . আৰু অদৃশ্য ৱেব?
ৱেব .০:
যেতিয়া ১৯৮৯ চনত টিম বেনেৰাছ লিয়ে ৱৰ্ল ৱাইড ৱেব উন্মোচন কৰিছিল তেতিয়া কিছুমান সাধাৰণ Text আৰু Grafix ইলেক্ট্ৰনিকছৰ পত্ৰিকাৰ সমষ্টি আছিল ৱেবক এক সাধাৰণ তথ্য যোগাযোগ মাধ্যম হিচাপে গঠন কৰা হৈছিল আমি আজি এই সাধাৰণ পৰিস্ংখ্যামূলক আৰ্হিক ৱেব .0 অভিহিত কৰো আজিও নিযুত সংখ্যক ৱেব পৃষ্ঠা এতিয়াও সম্পূৰ্ণৰূপে পৰিসংখ্যামূলক আৰু ৱেব .0 সংজ্ঞা এতিয়াও প্ৰযোজ্য

ৱেব .0:
১৯৯০ চনৰ শেষৰ ফালে ৱেব ধাৰণাটো পৰিসংখ্যা উপাদানতকৈ এখোজ আগুৱাই বিভিন্ন মনোৰঞ্জনীয় সেৱা দিশলৈ অগ্ৰগতি প্ৰদান কৰা মাথো ৱেব পত্ৰিকা বা ৱেব পৃষ্ঠা সেৱা প্ৰদান কৰাৰ পৰিৱৰ্তে ৱেভে অনলাইন যোগে কিছুমান ছফটৱেৰৰ দ্বাৰা সাধাৰণ গ্ৰাহকক গ্ৰাহক সমন্ধীয় সেৱা দিবলৈ আৰম্ভ কৰে অনলাইন বেংক সুবিধা, ভিডিও গেম, চিয়েল মিডিয়া, বিভিন্ন -মেইল সেৱা আদি সেৱা ৱেব লাহে লাহে সামৰি লয় ২০০০ চনলৈকে এতিয়া এই সকলোবোৰ অনলাইন সেৱাক ৱেব .0 বুলি অভিহিত কৰে বৰ্তমান ফেচবুক, ই-ৱে, ফ্লিকাৰ আদি সেৱাই আমাক ৱেব .0 জীৱনৰ অপৰিহাৰ্য্য অংশ হৈ পৰিছে

অদৃশ্য ৱেব: 
অদৃশ্য ৱেব হৈছে ৱৰ্লড্ৱাইড ৱেবৰ তৃতীয় অংশ। কাৰিকৰীভাৱে ৱেব .0 য়ে সেই সকলোবোৰ উদ্দেশ্য প্ৰণোদিতভাৱে লুকাই থকা ৱেব পৃষ্ঠাৰ সমষ্টিকে বুজায় যাক আমি সাধাৰণতে নিয়মিতভাৱে ৱ্যৱহাৰ কৰা search engines বিচাৰি নাপাও সাধাৰণতে এই অদৃশ্য ৱেব পৃষ্ঠাবোৰ কোনো ব্যক্তিগত লোকৰ বা প্ৰতিষ্ঠানৰ গোপনীয় -মেইল, ৱেব পৃষ্ঠা, তথা বেংকৰ তথ্য আদিএই অদৃশ্য ৱেব পৃষ্ঠাবোৰ সাধাৰণতে আমাৰ সহজতে চকুত নপৰে তথা ইয়াক বিচাৰিবলৈ কিছুমান বিশেষ search engine সহায়ৰ আৱশ্যক হয়
 
ৱেবচাইট কি হয়?
যিকোনো ৱেবচাইট বিভিন্ন আন্তসংযোগী ৱেব পৃষ্ঠাৰে গঠিত যি hyperlink মাধ্যমৰে স্ংযোজিত হৈ আমাক আমাৰ ধৰণে ৱেব পৃষ্ঠাৰ উপাদানবোৰ বিচাৰি উলিয়াওত সহায়ক হয় আমি ৱেব-লিংকৰ মাধ্যমৰে বিভিন্ন প্ৰয়োজনীয় স্বাস্থ্য, শিক্ষা, যোগাযোগ ব্যৱস্থা, মনোৰঞ্জন স্ংগীত, ছবি আদি অনেক ধৰণৰ সেৱা লাভ কৰোঁ ইন্টাৰনেটত এনেকুৱা এক নিযুত বা তাতোকৈ ৱেব পৃষ্ঠা আছে যাৰ দ্বাৰা আপুনি আপোনাৰ মন পছ্ন্দৰ সেৱা লাভ কৰিব পাৰে

ৱেব ঠিকনাঃ
সকলো ৱেবচাইটৰে এক সুনিৰ্দিষ্ট ঠিকনা উপলব্ধ থাকে যাক আমি সাধাৰণতে URL বুলি কওঁ আমি যিকোনো এটা ৱেব পৃষ্ঠালৈ যাবলৈ লে সেই ৱেব পৃষ্ঠাটোৰ সুনিৰ্দিষ্ট ঠিকনাটো সেই search engine টোত ঠিকনা বাৰত লিখি দিব লাগিব

ইণ্টাৰনেটৰ ব্যৱহাৰঃ
ইণ্টাৰনেটত প্ৰধানভাৱে যোগাযোগ, শিক্ষা, তথ্যৰ আদান প্ৰদান, ৱ্যৱসায়, জ্ঞান আদি আহৰণৰ ক্ষেত্ৰত ব্যৱহাৰ হয়

ইণ্টাৰনেট কেৱল মাথো কোনো প্ৰতিষ্ঠান বা সংগঠনৰ কোনো তথ্য বা বিজ্ঞাপন প্ৰকাশ কৰাৰ অৰ্থতে ব্যৱহাৰ নহয় যিকোনো মানুহে কোনো ৱেবচাইট সৃষ্টি কৰি তেওঁৰ প্ৰয়োজনীয় তথ্য বা বিজ্ঞাপন সেই ৱেবচাইটত প্ৰকাশ কৰিব পাৰে

পৃথিৱীৰ অনেক লোকে ইণ্টাৰনেটৰ মাধ্যমৰে বিভিন্ন খবৰ, তথ্য বা বাতৰি আদি ঘৰতে বা কাৰ্য্যালত বা বিদ্যালয়তে বহি জানিব পাৰে

ইণ্টাৰনেট সমগ্ৰ বিশ্বৰ বিভিন্ন কম্পিউটাৰ নেটৱৰ্কৰ লগত জড়িত কম্পিউটাৰসমূহৰ এক উমৈহতীয়া মঞ্চ যাৰ মাধ্যমৰ দ্বাৰা বিভিন্ন তথ্যৰ আদান প্ৰদান কৰাত সহায় কৰে ইণ্টাৰনেট ব্যৱহাৰকাৰীয়ে ভিন্ন ধৰনৰ স্ংবাদ বা তথ্য ভিন্ন ধৰণেন ইয়াক প্ৰকাশ কৰিব পাৰে যেনে:

ইণ্টাৰনেট ব্যৱহাৰকাৰীয়ে যিকোনো সাধাৰণ কম্পিউটাৰ ব্যৱহাৰৰ যোগেদি নিজৰ জ্ঞান প্ৰকাশ কৰিব পাৰে আমি ইণ্টাৰনেটৰ মাধ্যমেদি -মেইলৰ দ্বাৰা অতি সহজে আমি পৰিয়াল, বন্ধু-বান্ধৱলৈ যিকোনো বাৰ্তা প্ৰেৰণ কৰিব পাৰো যিটো ডাক ব্যৱস্থাৰ দ্বাৰা চিঠি প্ৰেৰণ কৰা লগত একে আমি -মেইল বাৰ্তা মুহুৰ্ততে যিকোনো ঠাইলৈ প্ৰেৰণ কৰিব পাৰোঁ কোনো ডাক টিকটৰ আৱশ্যক নহয়

আমি যিকোনো বাৰ্তা ইণ্টাৰনেটৰ উপলব্ধ কৰিব পাৰোঁ আৰু যাক আনে চাব পাৰে আৰু তাৰ উত্তৰণ ঘটাব পাৰে
  • আমি ণ্টাৰনেটত বিভিন্ন ছবি, সংগীত আদি দেখিবলৈ সক্ষম হওঁ
  • আমি ইণ্টাৰনেটৰ মাধ্যমেদি দূৰণিবতীয়া শিক্ষা প্ৰদান তথা ৱেবত উপলব্ধ বিভিন্ন প্ৰশিক্ষন কাৰ্যসূচীত ভাগ পাৰোঁ


ইণ্টাৰনেটৰ বৈশিষ্টঃ
(ক) ভৌগলিকভাৱে বিস্তৃত ইণ্টাৰনেট ভৌগলিকভাৱে সমগ্ৰ পৃথিৱীতে বিস্তৃত্ব ইণ্টাৰনেটৰ এটা মূল বৈশিষ্ট যদি আমি কোনো এবাৰ ইণ্টাৰনেটৰ লগত যিকোনো ঠাইৰ পৰা যোগাযোগ স্থাপন কৰো তেন্তে আমি লগে লগে সমগ্ৰ পৃথিৱীৰ লগতে সংযোগ স্থাপন হৈ পৰিম

() ইণ্টাৰনেটৰ আকৃতিঃ ইণ্টাৰনেটৰ মূল আকৃতি কম্পিউটাৰ নেটৱৰ্ক ৱ্যৱস্থাৰ মাধ্যমৰ দ্বাৰা এক উত্তম যোগাযোগ ব্যৱস্থা কোনো ব্যক্তিৰ ব্যক্তিগত কম্পিউটাৰ বা নেটৱৰ্ক অচল অৱস্থা হলেও ইণ্টাৰনেটৰ ওপৰত ইয়াৰ কোনো প্ৰভাৱ নপৰে

(গ) বিশ্বযুৰি ইয়াৰ প্ৰসাৰতাঃ ইণ্টাৰনেটত যিকোনো তথ্য স্ংগীত, ছবি আদি আন অন্যলোকৰ বাবে উপলব্ধ কৰিবলৈ কম খৰচতে এক অতি উত্তম মাধ্যম ইণ্টাৰনেটৰ লগত যিকোনো ব্যক্তিয়েই যিকোনো ঠাইৰ পৰা স্ংযোগ কৰিব পাৰে ইয়াৰ দ্বাৰা পৃথিৱীৰ যিকোনো কম্পিউটাৰ লগত স্ংযোগ স্থাপন ঘটাব পাৰি আৰু বিভিন্ন মনোৰঞ্জন একেখন চকীতে বহী উপভোগ কৰিব পাৰি

ইণ্টাৰনেটৰ সুবিধাঃ

  • ইণ্টাৰনেটৰ বহুতো সুবিধা আছে সেইবোৰ
  • ইণ্টাৰনেট বিভিন্ন তথ্য আৰু বহল পৰিসৰৰ সংবাদৰ এক সমষ্টি
  • উপলব্ধ search engine বোৰ অতি দ্ৰুত আৰু শক্তিশালী
  • ইয়াক ব্যৱহাৰ কৰিবলৈ সহজ
  • শিক্ষাৰ্থীয়ে বিভিন্ন তথ্য ইয়াৰ দ্বাৰা সহজে পাৰি ইয়াৰ তথ্যৰ ব্যাপকতা দ্বাৰা
  • শিক্ষাৰ্থীসকল ইয়াৰ দ্বাৰা অনলাইন ব্যৱস্থাৰ দ্বাৰা নিজৰ যিকোনো কাৰ্য্য প্ৰকাশ কৰিব পাৰি
  • ইণ্টাৰনেটে ভিন ভিন শিক্ষণ প্ৰনালী সামৰি লয়
  • ৱেব মাধ্যমত প্ৰচাৰিত যিকোনো তথ্য সময়ৰ লগত পৰিৱৰ্তনশীলতা মানি লয় যিটো সাধাৰণতে কাগজৰ ক্ষেত্ৰত প্ৰকাশিত তথ্য প্ৰযোজ্য নহয়
  • যেতিয়া কোনো -মেইল বাৰ্তা কাৰোবালৈ বহু দূৰলৈ প্ৰেৰণ কৰা হয় ইয়াত কোনো ভেজাল বা বেমেজালি হোৱাৰ আংশাকা নাথাকে
  • ইয়াৰ দ্বাৰা শিক্ষাৰ্থীয়ে সমগ্ৰ পৃথিৱীৰ পুথিভঁৰালৰ লগত যোগাযোগ স্থাপন কৰিব পাৰে তথা নিজৰ উৎকৰ্ষ সাধন ঘটাব পাৰে

ইণ্টাৰনেট হৈছে এক বিশাল শ্ৰেণীকোঠা শিক্ষাৰ্থীৰ বাবে যথেষ্ঠ শিক্ষাৰ সমল উপলব্ধ যি সমল বিদ্যালয়ৰ পুথিভঁৰালৰ পুথিতকৈ উন্নত ইয়াৰ মাধ্যমৰ দ্বাৰা শিক্ষাৰ্থীয়ে বিভিন্ন দেশ-বিদেশৰ খবৰ, চৰকাৰী আঁচনি, বিজ্ঞানভিত্তিক খবৰ আদিৰ তথ্যৰ জ্ঞান লাভ কৰিব পাৰে তাৰোপৰি বিদ্যালয়ৰ উচ্চ পৰ্য্যায়ত ইয়াক যিকোনো project research ৰূপত ব্যৱহাৰ কৰিব পাৰে

ইণ্টাৰনেট এক অতি কাৰ্য্যকৰী যোগাযোগ তথা শিক্ষণ ব্যৱস্থা যাৰ দ্বাৰা শিক্ষাৰ্থীক বিভিন্ন উপযোগী শিক্ষা প্ৰদান কৰিব পাৰি ইয়াৰ মাধ্যমৰ দ্বাৰা শিক্ষাৰ্থীয়ে ব্যাপক ৰূপত কোনো বিশেষ বিষয়ত বিভিন্ন শিক্ষণ প্ৰযুক্তি বা প্ৰণালীৰ দ্বাৰা নিজৰ শৈক্ষিক আৰু মানসিক উৎকৰ্ষৰ বিকাশ সাধন কৰিব পাৰি

ইণ্টাৰনেটৰ
উপযোগীতাইণ্টাৰনেট এক সময় উপযোগী আহিলা যাৰ দ্বাৰা শিক্ষকে পাঠ্যক্ৰমৰ পৰিধি বিস্তৃত ৰূপত বিকাশ সাধন ঘটাব পাৰি এই শিক্ষণ প্ৰনালীৰ দ্বাৰা কিমান উপকৃত পাৰি সেইটো নিৰ্ভৰ কৰিব কিমান সহজতে আৰু কিমান সোনকালে শিক্ষকে সঠিক তথ্য স্ংগ্ৰহ কৰিব পাৰিব ইণ্টাৰনেটত তথ্য সন্ধান কৰাটো এই চেষ্ঠাৰ দ্বাৰা উন্নত কৰিব পাৰি বিদ্যাল্যয়ৰ যিকোনো পাঠ্যক্ৰমৰ তথ্য সঠিক উত্তৰ তথা সমপযোগী হৈছে নে নাই তাৰ সঠিক বিশ্লেষণ অধিক ব্যাপক বা শুদ্ধ ৰূপত ইয়াৰ দ্বাৰা লাভ কৰিব পাৰি ইণ্টাৰনেটত যিহেতু যিকোনো এটা বিষয়ৰ ওপৰত অধিক সংখ্যক উপাদান উপলব্ধ সেয়ে ইয়াৰ উচিত আৰু শুদ্ধ উত্তৰ বিচাৰিটো সহজ আৰু উপযোগী আহিলা
ইণ্টাৰনেট এনে এক যোগাযোগৰ মাধ্যম যাৰ দ্বাৰা শিক্ষক আৰু শিক্ষাৰ্থীয়ে নিজৰ যোগাযোগ কলাৰ উন্নত সাধন কৰিব পাৰি তাৰোপৰি ইণ্টাৰনেট ভাষাৰ ক্ষেত্ৰত দক্ষতা বৃদ্ধি কৰা এক প্ৰধান আহিলা -মেইল, ছাটিং, গ্ৰোপ আলোচনা আদি মাধ্যমৰ দ্বাৰা শিক্ষাৰ্থীয়ে সাধাৰণ লিখিত জ্ঞান লাভ কৰিবলৈ সক্ষম হয় ইয়ে শিক্ষকক নিজৰ শিক্ষণ শৈলীত ভিন্নতা অনাত সহায়ক কৰে যি সাধাৰণ শিক্ষণ শৈলীতকৈ পৃথক

ইণ্টাৰনেটৰ সম সহযোজন শিক্ষণ ব্যৱস্থাৰ সুবিধাই শিক্ষাৰ্থীৰ শিক্ষামূলক দক্ষতা বৃদ্ধি কৰাৰ সহায় কৰিছে ইয়ে বিভিন্ন দেশৰ, অঞ্চলৰ শিক্ষাৰ্থীৰ মাজত -মেইল, ছাটিং আদিৰ দ্বাৰা সংযোগ স্থাপন কৰি শিক্ষাৰ আদান প্ৰদান কৰাৰ ক্ষেত্ৰত যথেষ্ঠ অৰিহণা যোগাইছে এইদৰে ইন্টাৰনেট বৰ্তমান আন্ত:সমন্বয় মাধ্যমেদি শিক্ষা প্ৰদান কৰা এক প্ৰধান শৈলীৰুপে শিক্ষকে ব্যৱহাৰ কৰিব পাৰে

ব্যক্তিগত দিশ বহু শিক্ষাৰ্থী দক্ষতা বৃদ্ধি কৰে ইণ্টাৰনেটে তেওঁলোকে কম্পিউটাৰ লগত অভ্যস্ত তথা কম্পিউটাৰৰ এটা ক্লিকতে উপলব্ধ হোবা বিভিন্ন আকৰ্ষণীয় ছবি বা খবৰ লাভ কৰি সহজে আনন্দিত হয় অলপতে হৈ যোৱা এটা চাৰ্ভেই এটা কথা প্ৰতিপন্ন কৰিছে যে ৯০% শিক্ষাৰ্থীয়ে কম্পিউটাৰৰ লগত জড়িত ঘৰত অথবা বিদ্যালয়ৰ চৌহদত আনৰ লগত প্ৰত্যক্ষভাৱে যোগাযোগ কৰিব পৰা সুবিধাই শিক্ষাৰ্থীক ইয়াৰ প্ৰতি অধিক আগ্ৰ্হী কৰি তুলিছে আমি সাধাৰণতে দেখা পাওঁ যে, বহুতো লোকে বাইল গেম অথবা ছাটিং কৰি সময় অতিবাহিত কৰে দুৰ্ভাগ্যৱশত: বহুতো অভিভাৱকে এইটো বুজি নেপায় যে এইবোৰ কাৰ্য্যত যদি তেওঁলোকৰ সন্তান ব্যস্ত থাকে ইয়ে তেওঁলোকক কেতিয়াবা বিপদতো পেলাব পাৰে আনকি ভাৰততো বহুতো অভিভাৱকে এইটো নাজানে যে তেওঁলোকৰ সন্তানে ইণ্টাৰনেটত, কিদৰে কি কৰি সময় অতিবাহিত কৰে

আজি ইণ্টাৰনেটৰ বহল প্ৰচাৰৰ কথা লক্ষ্য ৰাখি ব্যক্তিগত তথ্য সুৰক্ষাৰ কথাটো শিক্ষাৰ্থীসকলে বুজাটো দৰকাৰ
শিক্ষাৰ্থীৰ গোপনীয়তা ভংগ হোৱাৰ সম্ভাৱনা থকা কিছুমান অনলাইন কাৰ্য্যবিধি

  • যেতিয়া বিভিন্ন অনলাইন -পত্ৰ, গেম আদি ডাউনলোড কৰা হয়
  • -মেইল পঞ্জীয়ন আদিৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা বিভিন্ন ব্যক্তিগত তথ্য
  • যেতিয়া বিনামূলীয়া গেম ডাউনলোড কৰোতে পঞ্জীয়ন কৰা হয়
  • চিয়েল নেটৱৰ্কিং চাইটত পঞ্জীয়ন মুহুৰ্তত যোগান ধৰা ব্যক্তিগত তথ্যৰ দ্বাৰা


গোপনীয়তাঃ 
কিছুমান ৱেবচাইটতে শিক্ষাৰ্থীক বিভিন্ন আৱশ্যকীয় ব্যক্তিগত তথ্য বিচাৰে যেনে, ঘৰৰ ঠিকনা, টেলিফোন ন্ং ইত্যাদি কিছুমান ৱেবচাইটৰ গ্ৰহণযোগ্যতাৰ ওপৰত ভিত্তি কৰি এই তথ্যবোৰ প্ৰদান কৰিব লাগে অনলাইন মাধ্যমত ইণ্টাৰনেটত নিজৰ গোপনীয় তথ্য প্ৰদান কৰিলে শিক্ষাৰ্থীয়ে ইয়াৰ ভয়ংকৰ পৰিণাম ভুগিব লাগিব লগাত পৰে যেনেঃ spam -মেইল আদি অপ্ৰয়োজনীয়ভাৱে লাভ কৰিব পাৰে গোপনীয়তা সুৰক্ষাৰ বিষয়টোও শিক্ষাৰ্থীয়ে নিজে তৈয়াৰ কৰা ৱেবচাইট তথা এই ৱেবচাইট প্ৰকাশ কৰাৰ ওপৰতো জড়িত হৈ আছে যিকোনো নিজৰ ছবি বা তথ্য এবাৰ ইণ্টাৰনেট প্ৰকাশ পালে কোনো দুষ্ট ব্যক্তিয়ে ইয়াক বেয়া ৰূপতো ব্যৱহাৰ কৰিব পাৰে

(তথ্যৰ উৎসঃ ইণ্টাৰনেট)

No comments:

Post a Comment