অন্ধবিশ্বাস আৰু শিক্ষিত সমাজ
(অতুলনীয় অন্তৰীপ
২০১৯ নবেম্বৰ সংখ্যাত প্ৰকাশিত প্ৰবন্ধ)
“এইখন অসমতে এটাৰ পিছত এটা
অন্ধবিশ্বাসৰ ভয়াবহ কৰুণ কাহিনীয়ে কপাই আছে। বিভিন্ন প্ৰান্তত কিমান নিৰীহ পৰিয়ালৰ
প্ৰান গৈছে তাৰ হিচাব নাই। আসুৰিক প্ৰকৃতিৰ একোজন নৰপিশাছে বহুতো পৰিয়ালৰ দুৰ্দশাৰ
দিনত ভালৰ দিন মাতি অনাৰ নামত নৰবলিৰ দৰে অমানৱীয় কাৰ্য্যও সংঘটিত কৰিছে।”
বিন্দু কলিতা ৰাজবংশী, মংগলদৈ
দেশত মানুহ যিমানেই শিক্ষিত আৰু আধুনিক হৈছে সিমানেই কিন্তু অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ প্ৰভাৱেও আৱৰি পেলোৱা দেখা গৈছে। বৰ্তমান সমাজৰ অশিক্ষিত লোকসকলতকৈও শিক্ষিত লোকৰ মাজত অন্ধবিশ্বাসৰ গূৰুত্ব বহুত বেছি পৰিলক্ষিত হয়। এজন লোকে যিমানেই সুন্দৰ পোছাক পৰিধান নকৰক কিয়, সমাজৰ আগশাৰীত বহি যিমানেই উদাৰতাৰ ফুলঝাৰি নামাৰক কিয় তেওঁৰ হাতৰ পাচোটা আঙুলিত পিন্ধি থকা গ্রহৰত্ন আঙুঠিকেইটাই প্ৰকৃত পৰিচয় দাঙি ধৰে। সচেতন আৰু উদাৰ ব্যক্তি সকলে সেই কথা বুজি উঠে। দেশৰ বেচি সংখ্যক নেতাই প্ৰতিটোক্ষণৰ বাবে খোজ দিয়াৰ সময়ত ঈশ্বৰৰ পৰিবৰ্তে কোনোবা জ্যোতিষী অথবা কোনোবা মৌলৱীৰ আদেশত আগবাঢ়ে। নিজক প্ৰতিস্থা কৰাৰ স্বাৰ্থত। তাৰ বাবে লাখ টকা ব্যয় কৰিবলৈ অকনো কুন্ঠাবোধ নকৰে। এখন দেশ বা ৰাজ্যৰ বৰমুৰীয়া সকলেই যেতিয়া অন্ধবিশ্বাসত মোহিত হৈ থাকে তেতিয়া সেইখন দেশৰ সাধাৰণ ৰাইজে কেনেকৈ কু-সংস্কাৰ মুক্ত হৈ পোহৰ দেখিব।



