Monday, 20 January 2020

হেৰাই গ'ল গৰখীয়া সেঁৱা


হেৰাই ' গৰখীয়া সেঁৱা
সদানন্দ শইকীয়া, খান্দাজান, দৰং
(TQF, Assamৰ গোটৰ ই-আলোচনী অতুলনীয় অন্তৰীপত প্ৰকাশিত প্ৰবন্ধ)
গৰু হিন্দুসকলৰ বাবে এক পূজনীয়, পবিত্ৰ জন্তু। বৈদিক যুগৰ পৰাই গৰুক ছোৱা-চিতা কৰিবলৈ গৰখীয়াসকল ব্যস্ত থকাৰ কথা কোনে নাজানে? গৰুৰ সৰ্বতোপ্ৰকাৰৰ উপকাৰৰ বাবেই গৰখীয়াসকলে গৰুক  অতীজৰে পৰা আপদাল কৰাৰ পৰম্পৰা ভাৰতীয় সংস্কৃতিত দেখা যায়। আনকি গৰখীয়া সকলৰ সন্মানৰ বাবেই ভাৰতৰ বিভিন্ন ঠাইত গৰখীয়া দৌল, গৰখীয়া মন্দিৰ, গৰখীয়া সভা আদি অনুষ্ঠিত কৰি আহিছে। কৃষি সংস্কৃতিৰ লগত অতীজৰে পৰা গৰু জৰিত হৈ আহিছে। মাটি চহাবলৈ গৰুৰে হাল বোৱাৰ লগতে গৰুৰ মল-মূত্ৰ উভয়েই কৃষিত উন্নত জৈৱিক সাৰ হিচাপে ব্যৱহৃত হৈ আহিছে। একেদৰে গৰুৰ গাখীৰ পুষ্টিদায়ক খাদ্য।ইয়াৰোপৰি গৰুৰ শিং, ছাল,হাড় সকলোবোৰৰ পৰাই বিবিধ সামগ্ৰী বনোৱা হয়।ইমানবোৰ উপকাৰৰ বাবেই গৰু ভাৰতীয় সমাজত যুগে যুগে পুজিত হৈ আহিছে।
TET Qualified Forum, Assam, Digital Education, SSA Assam, DEE, Assam, Sarba Sikhya Abhijan, Samagra Sikhya, Assam, Child Education, TQF, Assam, Teaching Learning Maeterial, TET, Assam TET, TET Qualified Forum, Assam, School Education, Teacher, Teaching, Teacher Eligibility Test, Digital Education, SSA Assam, DEE, Assam, Sarba Sikhya Abhijan, Samagra Sikhya, TET, Assam TET, TET Qualified Forum, Assam, School, Education, Teacher, Teaching, Teacher Eligibility Test, Information & Communication Technology, NISHTHA, National Initiative for School Heads' and Teachers' Holistic Advancement
আদিম কালৰ পৰাই বিশেষকৈ গ্ৰাম্য অঞ্চলত গৰখীয়া সকলক এক সুকীয়া সন্মান জনাই অহা হৈছে হিন্দু ধৰ্মত ভগৱান শ্ৰীকৃষ্ণক যি আসন দিয়া হয় ঠিক তেনেকৈ গৰখীয়া সকলকো সেই একেই আসন দিয়া হয় কৃষ্ণ গৰখীয়া ৰূপটোকেই অন্যতম শ্ৰেষ্ঠ ৰূপ বোলা হয়৷ আনকি গৰখীয়া সকলে দিয়া আৰ্শীবাদ ফলিয়াই বুলি আমাৰ সমাজত এটা পৰম্পৰা আছে। সেয়ে অতীজত গৰখীয়া সকলক গৃহস্থই মাতি আনি ভৰি হাত ধুৱাই নতুন বস্ত্ৰৰে আদৰ সম্ভাষণ জনাই আপ্যায়ন কৰি পূণ্য অৰ্জন কৰিবৰ প্ৰয়াস কৰিছিল।

Tuesday, 14 January 2020

Atulaniya Antarip Jan-2020


অন্তৰীপ-অতুলনীয়ৰ সন্ধানত২০২০ জানুৱাৰী/ নৱবৰ্ষ সংখ্যা
সমূহ পঢ়ুৱৈ সমাজলৈ মাঘ-বিহু ও ইংৰাজী নৱবৰ্ষ ২০২০ৰ আন্তৰিক শুভেচ্ছা জনাই আমাৰ TET Qualifed Forum, Assam গ্ৰুপৰ মাহেকীয়া  -আলোচনীঅন্তৰীপ-অতুলনীয়ৰ সন্ধানত ২০২০ জানুৱাৰী মাহৰ সংখ্যাটি আগবঢ়ালোঁ। আশাঁকৰো পূৰ্বৰ সংখ্যাকেইটিৰ দৰে এইবাৰো আদৰি লব


অন্তৰীপ-অতুলনীয়ৰ সন্ধানত” ২০২০ জানুৱাৰী/ সংখ্যা

Wednesday, 8 January 2020

ধনাত্মক চিন্তাঃ৩


ধনাত্মক চিন্তাঃ৩ 
বৃহৎ সফলতা আৰু প্ৰকৃত সুখৰ গোপন ৰহস্য হৈছে: যিসকল ব্যক্তিয়ে সহায় বা উপকাৰৰ কোনো প্ৰতিদান, বিনিময় নিবিচাৰে; তেওঁলোকেই প্ৰকৃতাৰ্থত নিস্বাৰ্থ আৰু সুখী ব্যক্তি। আৰু তেওঁলোকেই জীৱনত একো একোজন মহান সফল হিচাপে পৰিগণিত হব পাৰিছে।

সহায় বা উপকাৰৰ প্ৰতিদান, বিনিময় বিচৰা মানেই স্বাৰ্থপৰতা, নিকৃষ্টতা, ঠেক মনোবৃত্তিৰ পৰিচয়।

Sunday, 29 December 2019

ধনাত্মক চিন্তাঃ ২


ধনাত্মক চিন্তাঃ ২ 
আমাৰ জীৱনৰ প্ৰতিটো কাৰ্যই তিনিটা স্তৰ অতিক্ৰমণ কৰিবলগীয়া হয় উপহাস, বিৰোধিতা আৰু পিচত গ্ৰহণযোগ্যতা। যিসকলে নিজকে তেওঁলোকৰ কাৰ্য সময়তকৈ আগত বুলি চিন্তন কৰে, তেওঁলোক ভ্ৰান্তধাৰণাৰ বলি হোৱাটো নিশ্চিত।