হেৰাই গ'ল গৰখীয়া সেঁৱা
সদানন্দ শইকীয়া, খান্দাজান, দৰং
(TQF, Assamৰ গোটৰ ই-আলোচনী অতুলনীয় অন্তৰীপত
প্ৰকাশিত প্ৰবন্ধ)
গৰু হিন্দুসকলৰ বাবে এক পূজনীয়, পবিত্ৰ জন্তু। বৈদিক যুগৰ পৰাই গৰুক ছোৱা-চিতা কৰিবলৈ গৰখীয়াসকল ব্যস্ত থকাৰ কথা কোনে নাজানে? গৰুৰ সৰ্বতোপ্ৰকাৰৰ উপকাৰৰ বাবেই গৰখীয়াসকলে গৰুক অতীজৰে পৰা আপদাল কৰাৰ পৰম্পৰা ভাৰতীয় সংস্কৃতিত দেখা যায়। আনকি গৰখীয়া সকলৰ সন্মানৰ বাবেই ভাৰতৰ বিভিন্ন ঠাইত গৰখীয়া দৌল, গৰখীয়া মন্দিৰ, গৰখীয়া সভা আদি অনুষ্ঠিত কৰি আহিছে। কৃষি সংস্কৃতিৰ লগত অতীজৰে পৰা গৰু জৰিত হৈ আহিছে। মাটি চহাবলৈ গৰুৰে হাল বোৱাৰ লগতে গৰুৰ মল-মূত্ৰ উভয়েই কৃষিত উন্নত জৈৱিক সাৰ হিচাপে ব্যৱহৃত হৈ আহিছে। একেদৰে গৰুৰ গাখীৰ পুষ্টিদায়ক খাদ্য।ইয়াৰোপৰি গৰুৰ শিং, ছাল,হাড় সকলোবোৰৰ পৰাই বিবিধ সামগ্ৰী বনোৱা হয়।ইমানবোৰ উপকাৰৰ বাবেই গৰু ভাৰতীয় সমাজত যুগে যুগে পুজিত হৈ আহিছে।
TET Qualified Forum, Assam, Digital
Education, SSA Assam, DEE, Assam, Sarba Sikhya Abhijan, Samagra Sikhya,
Assam, Child Education, TQF, Assam, Teaching Learning Maeterial, TET, Assam
TET, TET Qualified Forum, Assam, School Education, Teacher, Teaching, Teacher
Eligibility Test, Digital Education, SSA Assam, DEE, Assam, Sarba Sikhya
Abhijan, Samagra Sikhya, TET, Assam TET, TET Qualified Forum, Assam, School,
Education, Teacher, Teaching, Teacher Eligibility Test, Information & Communication
Technology, NISHTHA, National Initiative for School Heads' and Teachers' Holistic
Advancement
|
আদিম কালৰ পৰাই বিশেষকৈ গ্ৰাম্য অঞ্চলত গৰখীয়া সকলক এক
সুকীয়া সন্মান জনাই অহা হৈছে ৷ হিন্দু ধৰ্মত ভগৱান শ্ৰীকৃষ্ণক যি আসন দিয়া হয় ঠিক তেনেকৈ গৰখীয়া সকলকো সেই একেই আসন দিয়া হয় ৷
কৃষ্ণৰ
গৰখীয়া ৰূপটোকেই অন্যতম শ্ৰেষ্ঠ ৰূপ বোলা হয়৷ আনকি গৰখীয়া সকলে দিয়া আৰ্শীবাদ ফলিয়াই বুলি আমাৰ সমাজত এটা পৰম্পৰা আছে। সেয়ে অতীজত গৰখীয়া সকলক গৃহস্থই মাতি আনি ভৰি হাত ধুৱাই নতুন বস্ত্ৰৰে আদৰ সম্ভাষণ জনাই আপ্যায়ন কৰি পূণ্য অৰ্জন কৰিবৰ প্ৰয়াস কৰিছিল।
গৰখীয়া সকলে মুকলি পথাৰত থকা গছৰ তলত গৰু-ম'হ
চৰাই মনৰ আনন্দতে বিবিধ গীত মাত গাই। তেওঁলোকৰ এই গীত মাতে গাঁৱৰ প্ৰতিজনকে অন্তৰ জয়
কৰে। গৰখীয়াৰ বাহীৰ মাত বা ম'হগোৱালৰ পেপাৰ সুৰীয়া মাতত বিহুগীতে নতুন ৰূপ পায়।
মানৱ জীৱনত গৰখীয়া সকলৰ অৱদান প্ৰশংসনীয়। পৃথিৱীৰ প্ৰতিজন মানুহেই এই গৰখীয়া সকলৰ ওচৰত চিৰঋণী। কোনো মানুহেই অকল কৃত্ৰিম খাদ্য খাই জীয়াই থকা নাই ৷ গৰখীয়া সকলে পথাৰত গৰু,মহ
চৰোৰাৰ ওপৰিও পথাৰত গৰুৰে হাল বাই সাৰুৱা মাটি চহ কৰি খেতিৰ বাবে উপযোগী কৰি তোলাত সহায় আগবঢ়াই আহিছে। হালৰ গৰু, গাখীৰ দিয়া গাই পোহপাল দি
গৰখীয়া সকলে আমাৰ কৃষিক্ষেত্ৰখন জাকতজিলিকা কৰি ৰাখি আহিছে ৷
মুঠতে গৰখীয়া সকল আমাৰ চহা খাতি খোৱা কৃষকৰ এক বিৰল উপকাৰী ব্যক্তি। ভগৱান শ্ৰীকৃষ্ণই গৰখীয়া হৈ যেনেকৈ সমগ্ৰ বৃন্দাবন জাকতজিলিকা কৰি ৰাখিছিল তেনেকৈ আমাৰ গৰখীয়া সকলেও আমাৰ গোটেই জাতিটোক মন
প্ৰাণ জীপাল কৰি ৰাখিছে। পিছে আজিকালি চৰনীয়া পথাৰ কমি যোৱাৰ সমান্তৰালকৈ আৰু গ্ৰাম্যাঞ্চলৰ পৰিয়ালসমূহে গৰু মহ পুহিবলৈ ইচ্ছাহীনতাৰ বাবে আজিকালি গৰখীয়া নাইকীয়া হৈ
আহিল। আগতে পাল পাতি পাতি এটা অঞ্চলৰ গৰুবোৰ দুৰৈৰ পথাৰলৈ গৰখীয়া সকলে চৰাবলৈ নিছিল৷ যাওতে তেওঁলোকে দিনৰ ভাত পানীৰ জোগাৰ এটাও লৈ গৈছিল।
গৰখীয়া সকলক সেঁৱা কৰাৰ উদ্দেশ্য প্ৰতি বছৰত কেইবাখনো গাঁও মিলিত হৈ আগতে বছৰেকত এবাৰ গৰখীয়া সভা অনুষ্ঠিত কৰা হয় ৷ গাঁৱৰ প্ৰতিজন মানুহে এই সভাত অংশগ্ৰহণ কৰি তেওঁলোকৰ পৰা আৰ্শীবাদ লয়। এয়াই গৰখীয়া সেৱাঁ আগৰ দিনত পথাৰৰ সোঁমাজত কিছুমান জোপোহা ছাঁ দিয়া গছ ৰোপন কৰি গৰখীয়া সকলক দুপৰ ৰ'দত জিৰাবলৈ ব্যৱস্থা কৰি দিছিল। সেই গছৰ তলত বহিয়েই বিহুগীতৰ সৃষ্টি হোৱা বুলি কোৱা হয়। আজিকালি এই সেৱাঁ বহু ঠাইত নাইকীয়া হ'ল যদিও বহু ঠাইত আজিও আছে।
Vaal lagil porhi...aagor kotha monot aahil
ReplyDelete