Sunday, 15 March 2020

অন্তৰীপ-অতুলনীয়ৰ সন্ধানত ২০২০ মাৰ্চ/ সংখ্যা


অন্তৰীপ-অতুলনীয়ৰ সন্ধানত২০২০ মাৰ্চ/ সংখ্যা
সন্মানীয় সতীৰ্থসকল,
বিশ্বজুৰি মহামাৰী ৰূপলোৱা কৱ'না ভাইৰাছ অৰ্থাৎ নভেল কৰ'না ভাইৰাছ (COVID-19 ক ভাৰতত "বিপৰ্যয়" ঘোষণা কৰা হৈছে। আতংকিত নহৈ সজাগতা আৰু স্বাস্থ্যসন্মত পাৰিপাৰ্শিক ব‌ৱহাৰে এই ৰোগ নিৰাময় কৰিব পৰা যায়। ইয়াৰ বিষয়ে সবিশেষ জানিবলৈ 6913347770/ 6913347771/ 6913347773/ 6913347774 আদি নম্বৰত যোগাযোগ কৰিব পাৰে।


Monday, 9 March 2020

ফাকুৱা উৎসৱ আৰু ইয়াৰ তত্ত্ব কথা

ফাকুৱা উৎসৱ আৰু ইয়াৰ তত্ত্ব কথাঃ
দৌল বা হোলী উৎসৱ হৈছে ঋতুকালীন ৰং আৰু আনন্দৰ উৎসৱ এই দৌল উৎসৱক ভাৰতবৰ্ষৰ ভিন্ন জাতি-সম্প্ৰদায়ৰ হিন্দু ধৰ্মাৱলম্বী লোকে বিভিন্ন নামেৰে পালন কৰা দেখা যায় এই উৎসৱক হোলী, ফাকুৱা, ফলগু উৎসৱ, বসন্তোৎসৱ, মদনোৎসৱ, হোলিকা দাহন আৰু দেউল উৎসৱ আদি নামেৰে বিভিন্ন ৰাজ্যত পালন কৰা হয় ওড়িশা, বিহাৰ, পশ্চিমবংগ আদিতো বিভিন্ন নামেৰে আনন্দৰ উৎসৱ পালন কৰে

ভাৰতীয় ধৰ্মীয় দৰ্শনত কৃষ্ণঞ্চৰিত্ৰৰ মাজেদি সাহিত্য-সংস্কৃতিৰ বিকাশ সাধন কৰাৰ লগতে

Sunday, 8 March 2020

সচাঁ প্ৰশংসাই আমাৰ জীৱনৰ গতি সলনি কৰে


সচাঁ প্ৰশংসাই আমাৰ জীৱনৰ গতি সলনি কৰে
দিবাকৰ ৰেণু, সহঃশিক্ষক, ২৪৩১ নং ইলশামাৰী প্ৰাঃবি, ধুবুৰী।
(TQF, Assamৰ গোটৰ ই-আলোচনী অতুলনীয় অন্তৰীপত প্ৰকাশিত প্ৰবন্ধ)
 “সচাঁ প্ৰশংসাই আমাৰ জীৱনৰ গতি সলনি কৰে,
আমাৰ দ্বাৰাই পৃথিৱীখন ধুনীয়াকৈ গঢ়ে।”

Saturday, 29 February 2020

শিক্ষা বিপ্লৱৰ প্ৰয়োজনীয়তা


শিক্ষা বিপ্লৱৰ প্ৰয়োজনীয়তাঃ

সাম্প্ৰতিক কালত শিক্ষা সাৰ্বজনীন যদিও শিক্ষা শব্দটোৰ এটা সৰ্বজন গ্ৰহণীয় সংজ্ঞা দিয়া টান। শিক্ষাৰ অৰ্থ ব্যাপক, ব্যাপক ইয়াৰ পৰিধিও। শিক্ষা আজীৱনব্যাপী হোৱা এক বিৰামহীন প্ৰক্ৰিয়া। তৎসত্ত্বেও, আহৃত জ্ঞানৰ প্ৰয়োগ কৌশল আয়ত্তকৰণকহে প্ৰকৃত শিক্ষা আখ্যা দিয়া হৈছে।

প্ৰচলিত শিক্ষা ব্যৱস্থাৰ আসোঁৱাহ আজি এক বহুচৰ্চিত বিষয়। এই সম্পৰ্কে ব্যাখ্যা নকৰিও দৃঢ়ভাৱে ক’ব পাৰি যে বৰ্তমান পৰিস্থিতিত সৰ্বগ্ৰাসী ৰূপ পৰিগ্ৰহ কৰা নিবনুৱা সমস্যা আৰু তাৰ পশ্চাৎ প্ৰতিক্ৰিয়াসমূহ তথাকথিত ‘চাৰ্টিফিকেট সংস্কৃতি’ৰে কুফল। সমস্যাজৰ্জৰ বাস্তৱৰ পটভূমিত সেয়ে আনুষ্ঠানিক শিক্ষাই এনে পৰিকল্পনা, ব্যৱস্থা, নিৰ্দেশনাৰ পোষকতা কৰা উচিত যি শিক্ষা গ্ৰহণ কৰি মানুহ মাত্ৰেই জীৱিকা নিৰ্বাহৰ দিশত আত্মনিৰ্ভৰশীল হ’ব পাৰে। কিয়নো, প্ৰথমে জীৱিকা নিৰ্বাহৰ বাবে উপযুক্ত বৃত্তি বাছি লোৱাই ব্যৱহাৰিক অৰ্থত জীৱনৰ প্ৰথম লক্ষ্য। সেয়ে এই কথাত বোধহয় কাৰো দ্বিমত নাথাকিব। আনহাতে প্ৰশ্ন হয় অন্ন, বস্ত্ৰ, বাসস্থান মানুহৰ জীৱনৰ প্ৰাথমিক প্ৰয়োজনকেইটাকে আহৰণক্ষম কৰি তুলিব নোৱাৰা পৰম্পৰাগত শিক্ষাৰ মূল্যই বা কিমান? আৱশ্যকেই বা কি?

আমাৰ শিক্ষা ব্যৱস্থাৰ সৈতে বাস্তৱমুখী, ব্যৱহাৰিক জ্ঞানৰ ব্যাপক সংযোগহীনতাৰ ফলশ্ৰুতিত আজি শিক্ষাৰ মান নিম্নমুখী। শিক্ষাক লৈ আজি সকলো চিন্তিত। জ্ঞান আৰু প্ৰজ্ঞাৰ সুষম সমন্বয় সাধন নোহোৱাত সমাজ ব্যৱস্থা জৰাগ্ৰস্ত হৈ পৰিছে। দিনক দিনে সমাজৰ স্বাস্থ্যৰ অৱনতি ঘটিছে। পৰম্পৰাগত শিক্ষাই শিক্ষাৰ্থীৰ বোধশক্তি উপযুক্ত স্থানত সদ্ব্যৱহাৰ কৰিবলৈ শিকোৱাৰ পৰিৱৰ্তে নিৰ্দিষ্ট লক্ষ্যবিহীন আৰু চাকৰিমুখাপেক্ষী কৰি তুলিছে, যিটো এতিয়া চৌদিশে জলজল-পট্পট্। ইয়াৰ ফলত উদ্ভৱ হোৱা এশ-এবুৰি সমস্যাত বিধ্বস্ত হৈছে আমাৰ সমাজ, ৰাজ্য, ৰাষ্ট্ৰ। জীৱন আৰু জীৱিকাৰ কৰ্মক্ষেত্ৰ নিৰ্ধাৰণত আশানুৰূপ সহায় নোহোৱা গতানুগতিক শিক্ষাৰ ক্ষেত্ৰত সংস্কাৰ সাধনৰ প্ৰাসংগিকতাও সেইখিনিতে।

সাম্প্ৰতিক শিক্ষাত বাস্তৱ জীৱনৰ সৈতে সংগতিপূৰ্ণ তথা যুগসাপেক্ষ পৰিৱৰ্তন সাধনৰ দ্বাৰা মানৱ সম্পদৰ বিৰাট অপচয় ৰোধ কৰাটো সদ্যহতে সমাজৰ বাবে অত্যন্ত অপৰিহাৰ্য আৰু গুৰুত্বপূৰ্ণ পদক্ষেপ হৈ পৰিছে। সমাজৰ প্ৰতিজন সদস্যৰে মনত এই চেতনা জাগ্ৰত হোৱাৰ সময় ইতিমধ্যে উকলি গৈছে। শ্ৰমবিমুখতাৰ উদ্ৰেককাৰী চাকৰিনিৰ্ভৰ নিবনুৱা সৃষ্টিকাৰী শিক্ষা ব্যৱস্থাৰ বিপৰীতে আমাক লাগিব কঠোৰ পৰিশ্ৰমী হ’বলৈ উদ্গণি যোগোৱা, ভৱিষ্যৎ কৰ্মজীৱনৰ বৃত্তি সম্পৰ্কীয় প্ৰায়োগিক নিৰ্দেশনাপুষ্ট আকৰ্ষণীয় শিক্ষা। দেশপ্ৰেম, কৰ্তব্যনিষ্ঠা আৰু শ্ৰম-সংস্কৃতিৰ উত্তৰণকাৰী, মানুহৰ ব্যৱহাৰিক জীৱন আৰু অৰ্থনৈতিক প্ৰয়োজনৰ উপযোগী কৰ্মমুখী শিক্ষা পদ্ধতি। সংকটপূৰ্ণ বাস্তৱ জীৱনৰ ঘনঘোৰ অমানিশা নাশি ত্ৰুটিপূৰ্ণ শিক্ষাই সৃষ্টি কৰা কৰ্মবিমুখ নাগৰিকক আলোকৰ সন্ধান দিব পৰা অৰ্থকৰী বিদ্যা। স্বনিৰ্ভৰশীল জনসম্পদ গঠনেৰে জাতীয় জীৱনৰ প্ৰকৃত বুনিয়াদ ৰচিবলৈ সক্ষম হোৱা প্ৰকৃত শিক্ষা। তেনে শিক্ষাৰে শিক্ষিত হৈ প্ৰত্যেক মানুহে কৰ্মাৰ্জিত ব্যৱহাৰিক জ্ঞানৰ মূল্যবোধেৰে, মানুহৰ মৰ্যাদাৰে, উদ্যোগী ৰূপত জীয়াই থকাৰ সংস্কৃতি গঢ়াত নিশ্চিতভাৱে অৱতীৰ্ণ হ’ব পাৰিব বুলি আমাৰ বিশ্বাস।
(সংগ্ৰহীত)

Friday, 28 February 2020

আকৌ ঘুৰি আহিছে কৃষ্ণ সংস্কৃতি


আকৌ ঘুৰি আহিছে কৃষ্ণ সংস্কৃতি!

(ই-আলোচনী অন্তৰীপ অতুলনীয়ৰ সন্ধানতত প্ৰকাশিত প্ৰবন্ধ)

বিগত কেইবাবছৰৰ পৰাই ভাৰতত চৌদিশে কৃষ্ণ সংস্কৃতিৰ বতাহ বৃদ্ধি হোৱা দেখিছো।   ইতিবাচক দিশ বুলিও কব পাৰি। কৃষ্ণ নাম বিজৰিত কথাবোৰহে সাহিত্য-সংস্কৃতিটো বেছি দেখিছো। আনকি কৃষ্ণ বাহনৰ নামেৰে ইণ্ডোনেছিয়াত বিমানঘাটি আৰু বিমান পৰিবহনৰ নাম (Garuda Indonesia Airlines and Garuda Airport) দিয়া হৈছে, জনামতে বিভিন্ন ঠাইত বিশ্ববিদ্যালয় তথা মহাবিদালয় কৃষ্ণ নামেৰে পতাৰো জোৱাৰ উঠিছে। নহলেনো, ঝাৰখণ্ডত ৰেল ষ্টেচনৰ নাম কৃষ্ণ নামেৰে ৰখাৰ সিদ্ধান্ত লয় নে?(বংশীধৰ  ষ্টেছন)। ইয়াৰোপৰি উত্তৰপ্ৰদেশতো কৃষ্ণ নামে ষ্টেছন পাতিছে, নাম দিছে জয়-ৰাধে ষ্টেছন। অলপতে এটা সমীক্ষাত পঢ়িলো সকলো দেৱ-দেৱতাৰ ভিতৰতে কৃষ্ণ ভক্তৰ সংখ্যা বেছি হেনো পৃথিৱীত হয়তু সেয়ে বিগত তিনিবছৰ জাকজমককৈ কেইবাদিন জুৰি ভাৰতত তথা অসমত জন্মাষ্টমী পতাও দেখি আহিছো। একেদৰে বিগত বছৰবোৰত কৃষ্ণ চৰিত্ৰক লৈ ছয় হেজাৰ গ্ৰন্থ ৰচিত  হৈছে।  উদাহৰণ স্বৰূপে আমাৰ অসমীয়াতে প্ৰকাশ হৈছে কেইবাখনো গ্ৰন্থ: মানুহ  কৃষ্ণ, ভগৱান কৃষ্ণ, কৃষ্ণ নাম লৈয়ো অনুপাম, ৰাজনীতিজ্ঞ কৃষ্ণ, সৰ্বত্ৰে কৃষ্ণ, লৈয়োক মুখে কৃষ্ণ গুন নাম, কৃষ্ণ নামেৰে ভাৰতবৰ্ষত সোতৰখন মাহেকীয়া আলোচনী আছে, সেয়া 'লঃ কৃষ্ণ কথামৃত, যদুনন্দন, কৃষ্ণ আলোক, ৰসময়ী কৃষ্ণ আদি। কৃষ্ণ নামেৰে বৰ্তমানলৈ ছিৰিয়েল সম্প্ৰচাৰিত হৈছে কেইবাখনো। কৃষ্ণ কানহাইয়া, বৃন্দাবনেৰ কৃষ্ণ আদিঅৱশ্যে ভাৰতীয় সংস্কৃতিত কৃষ্ণ উপলব্ধতা নতুন নহয়। আমাৰ জোতিপ্ৰসাদ আগৰৱালাদেৱে তাহানিতে কৈছিল ভাৰতীয় সংস্কৃতি কৃষ্ণ সংস্কৃতি বুলি