খং :এক সংক্ৰামক ব্যাধি
(অতুলনীয় অন্তৰীপ ২০১৯ নবেম্বৰ সংখ্যাত
প্ৰকাশিত প্ৰবন্ধ)
খঙে মানুহৰ হিতাহিত জ্ঞানশূন্য কৰি সমুলাঞ্চে বুদ্ধি-বৃত্তি নাশ কৰে। অনিয়ন্ত্ৰিত হয় মগজু। প্ৰাধান্য পাই আৱেগবিহ্বল মনটোই। লাভ-লোকচানৰ কথা মগজুৰ পৰা কৰ্পূৰৰ দৰে উৰি যায়। অনাকাংক্ষিত আৰু অনাদৃত বহু পৰিঘটনাৰ গুৰি বঠা ধৰে।
|
✍ নৱ ডেকা, পূব-জ্যোতিনগৰ
খং! অতিকৈ চিনাকি এটি কুৰুচিপূৰ্ণ আৰু জ্বলাতন শব্দ। আখৰুৱা বতৰৰ দৰে ই
ক'ত,
কেতিয়া কেনেকৈ উঠি যায় তাক তলকিবৈ নোৱাৰি। সৰু সৰু কথাতে কেতিয়াবা বৰকৈ খং উঠা দেখা যায়। কেতিয়াবা আকৌ কটু কথাটো খং উঠা দেখা নাযায়। আচলতে মানুহ জনৰ সামগ্ৰিক পৰিবেশতন্ত্ৰটোৰ ওপৰত বহুখিনি নিৰ্ভৰশীল। পৃথিৱীত এনেকুৱা এজন মানুহ নোলাব কিজানি যাৰ জীৱনত এদিনৰ বাবে এবাৰৰ কাৰনে হলেও খং উঠা নাই। একে উশাহতে কব পাৰি সদ্যোজাত নবজাতকৰ পৰা আৰম্ভ কৰি মৃত্যু দুৱাৰডলিৰ ক্ষণ গণি থকা মুমূৰ্ষু ব্যক্তিলৈ কোনেও সাৰি নাযায় এই আপদীয়া খং নামৰ চণ্ডালটোৰ পৰা। গতিকে খঙৰ তিতা-কেঁহা সোৱাদ নিজেও পাই আৰু আনকো সংক্ৰামক ব্যাধি ৰূপে বিয়পায়। নিজেটো ধ্বংসৰ দেওলগা বতাহৰ বিষময় বা লয়ে লগতে আনকো বিষাক্ত বা
লবলৈ বাধ্য কৰায়। মুঠতে বন্দী বিহংগৰ দৰে ধৰফৰাই থাকিব ল'গাত পৰে।





