Friday, 24 January 2020

পৰচৰ্চাঃ এক অনুভৱ


পৰচৰ্চাঃ এক অনুভৱ
পৰচৰ্চা এনেকুৱা এক নেতিবাচক বৈশিষ্ট্য, ' যাৰ বিষয়ে সমালোচনা কৰা হৈছে, একমাত্ৰ তেওঁহে যে ক্ষতিগ্রস্ত হব এনেকুৱা পৰচৰ্চাকাৰীজন নিজেও ক্ষতিগ্রস্ত হয় মনত ৰখা ভাল যে পৰচৰ্চাকাৰীয়ে কাৰোবাক ঠাট্টাৰে হীন কৰি সাময়িকভাৱে অন্যান্যসকল মনোযোগ আকৰ্ষণ কৰিলেও কিন্তু তেওঁলোক কাৰোৰে শ্রদ্ধাভাজন নহয়
পৰচৰ্চাঃ এক অনুভৱ
সুস্মিতা হাজৰিকা, ধুবুৰী
দৰাচলতে পৰচৰ্চাই নিজেকহে ক্ষতি কৰে কোনোৱে কোনোৱে হয়তো ভাৱিব পাৰে, অলপ পাতলীয়া কৈ পৰচৰ্চা কৰিলোৱে যেনিবা, তাতে ক্ষতি কি? এইটো এটা ধেমালিহে অনেকেই আকৌ বন্ধুৰ ওচৰলৈ আহি আলোচনাৰ চলেৰে বন্ধুৰ দুৰ্বলতম কথা এটি জানিলৈ, অন্য আগত সেই কথাৰ ৰামায়ণ-মহাভাৰত মেলে কোনোবাই কৰা সামান্য পৰচৰ্চা বা পৰনিন্দাই, আন এজনৰ মানসিক, পাৰিবাৰিক জীবনক দুৰ্বিসহ কৰি দিব পাৰে তেতিয়া এইটো আৰু ধেমালি হৈ নাথাকে আৰু দুখৰ বিষয় এই খেয়াল সৰহভাগ মানুহৰেই নাথাকে
TET Qualified Forum, Assam, Digital Education, SSA Assam, DEE, Assam, Sarba Sikhya Abhijan, Samagra Sikhya, Assam, Child Education, TQF, Assam, Teaching Learning Maeterial, TET, Assam TET, TET Qualified Forum, Assam, School Education, Teacher, Teaching, Teacher Eligibility Test, Digital Education, SSA Assam, DEE, Assam, Sarba Sikhya Abhijan, Samagra Sikhya, TET, Assam TET, TET Qualified Forum, Assam, School, Education, Teacher, Teaching, Teacher Eligibility Test, Information & Communication Technology, NISHTHA, National Initiative for School Heads' and Teachers' Holistic Advancement
পৰচৰ্চাত ক্ষতি কাৰ?
পৰচৰ্চা এনেকুৱা এক নেতিবাচক বৈশিষ্ট্য, ' যাৰ বিষয়ে সমালোচনা কৰা হৈছে, একমাত্ৰ তেওঁহে যে ক্ষতিগ্রস্ত হব এনেকুৱা পৰচৰ্চাকাৰীজন নিজেও ক্ষতিগ্রস্ত হয় মনত ৰখা ভাল যে পৰচৰ্চাকাৰীয়ে কাৰোবাক ঠাট্টাৰে হীন কৰি সাময়িকভাৱে অন্যান্যসকল মনোযোগ আকৰ্ষণ কৰিলেও কিন্তু তেওঁলোক কাৰোৰে শ্রদ্ধাভাজন নহয়

যাৰ সমালোচনা কৰা হয় তেওঁ কেনেদৰে ক্ষতিগ্রস্ত হব পাৰে
  • মনোবল নষ্ট হব পাৰে
  • পাৰিবাৰিক বা সামাজিক অবস্থান নষ্ট হব পাৰে
  • আত্মবিশ্বাস বা আত্মমৰ্যদা কমি যাব পাৰে
  • বিষণ্ণতা ভাৱ জাগিব পাৰে
  • পাৰস্পৰিক সম্পৰ্ক নষ্ট হব পাৰে

মানুহে পৰচৰ্চা কিয় কৰে?
কোনো এজনৰ অনুপস্থিতিত তেওঁক লৈ অহেতুকভাবে সকলোৰে আগত সৰু কৰা, হেয় কৰা,  উপলুঙা  অথবা বিতং নজনাকৈ একান্ত ব্যক্তিগত বিষয় লৈ কথা কোৱা এইবিলাকেই হৈছে পৰচৰ্চা পৰনিন্দা বা সমালোচনাৰ মাধ্যমেৰে নিৰ্দিষ্ট এজন ব্যক্তিক বাৰেবাৰে আলোচনাৰ কেন্দ্রবিন্দু কৰি, কোনো কোনো কাৰণত তেওঁক গুৰুত্বপূৰ্ণ বা প্ৰত্যাহ্বানপূৰ্ণ বুলি চিন্তা কৰি, ব্যক্তিজনৰ সাফল্য, দক্ষতা, আৰ্থিক বা সামাজিক অবস্থান, সৌন্দৰ্য, আত্মবিশ্বাস, জনপ্রিয়তা, সততা, নিশ্চিত পাৰিবাৰিক জীবনসহ নানান বিষয়ে আমাৰ মনৰ মাজত অস্বস্তি ভাৱ জাগিব পাৰে আৰু আঁৰচকুত তেওঁক হেয় কৰাৰ প্রবণতা জাগি উঠিব পাৰে

খুব উচ্চস্বৰত অন্যক নেতিবাচকভাৱে উপস্থাপন কৰাৰ মাধ্যমেৰে আড্ডা বিলাকত সকলোৰে মনোযোগ আকৰ্ষণ কৰা বা তথাকথিত স্মাৰ্টনেচ দেখুওৱাৰ উদ্দেশ্য থাকিলেও, মনস্তাত্ত্বিক বিশ্লেষণত ইয়ে কিন্তু অন্য এটি দিশ হে সূচায় এই ধৰণৰ আচৰণে মূলত প্রকাশ কৰে পৰচৰ্চাকাৰীৰ অবচেতন মনৰ অন্তৰ্নিহিত নিৰাপত্তাহীনতা হীনম্মন্যতাবোধ যাক লৈ পৰচৰ্চা কৰা হৈছে, তাঁৰ প্রতি সূক্ষ্ম বা স্থূল ঈৰ্ষা বা হিংসাৰ প্রকাশ ঘটে

এই ধৰণৰ মনস্তত্ত্বই আমাৰ মনত যি উদ্বেগ বা অস্বস্তি উৎপন্ন কৰে, পৰচৰ্চাৰ মাজেৰে অন্যক সৰু বা হীন কৰাৰ মাধ্যমেৰে সেইটো প্রশমনৰ চেষ্টা চলে আমাৰ মনস্তত্ত্বেৰ একধৰণৰ অপৰিপক্ব প্ৰতিৰোধ বাডিফেন্সচ সহজ কথাত কবলৈ 'লে, পৰচৰ্চাত অন্যকে হেয় কৰাৰ চেষ্টা কৰা হলেও কিন্তু প্ৰকৃততে নিজেক হে হেয় কৰে বা নিজৰ অপৰিপক্বতাক প্রকাশ কৰে

এই ধৰণৰ ত্রুটিপূৰ্ণ বৈশিষ্ট্য সাধাৰণতে শৈশবৰ পৰা ডাঙৰ হৈ অহাৰ সময়তেই জাগে সন্তানৰ সমুখত আনক সমালোচনা কৰা, অসম্মান কৰা বা উপলুঙা কৰা, সন্তানক হেয় কৰি কথা কোৱা ইত্যাদি ত্রুটিপূৰ্ণ বৈশিষ্ট্যেৰ উদাহৰণ আকৌ আনৰ লগত নেতিবাচকভাবে তুলনা, স্কুলত সহপাঠীসকলক উপলুঙা কৰা বাবে বন্ধুসকলৰ পৰা বাহ-বাহ পোৱা, অন্যক উপলুঙা কৰাৰ বিষয়ে স্কুল বা পৰিয়ালৰ পৰা কোনো সুনিৰ্দিষ্ট মূল্যবোধ বা নিৰ্দেশনা নথকাৰ ফলতো হীনমন্যতাত ভোগে

পৰচৰ্চাৰ সতে কেনেকৈ মুখামুখি?
যিসকলমানুহে আঁৰচকুত আপোনাৰ বিষয়ে পৰচৰ্চাত লিপ্ত আছে, জানিব কোনো কোনো কাৰণত আপুনি তেওঁলোকৰ বাবে গুৰুত্বপূৰ্ণ আৰু উদ্বেগৰ কাৰণ বাস্তৱ ক্ষেত্ৰত তেওঁলোক যিমানেই সফল নহওক কিয়, কিবা প্ৰকাৰে হলেও সেইসকল আপোনাতকৈ বহু ক্ষেত্ৰত পিছ পৰি আছে
আপোনাৰ কৰণীয়
  • পিছফালৰ পৰা আপোনাকলৈ যিয়েই যি নকওঁক সেইটো লৈ আপুনি সময় অপব্যয় নকৰিব, সম্পূৰ্ণ উপেক্ষা কৰক
  • সামাজিক মিলামিছা বৃদ্ধি কৰক মানুহক আপোনাক বুজাৰ সুযোগ দিয়ক
  • নিজৰ ইতিবাচক বৈশিষ্ট্যবিলাকত মনযোগ দিয়ক আৰু সেইবোৰৰ ওপৰত আস্থা ৰাখক
  • পৰচৰ্চাকাৰীৰ লগত তৰ্কাতৰ্কি, হাই-কাজিয়াৰ পৰা বিৰত থাকক নিজৰ কৰ্মেৰে সমাজত নিজৰ পৰিচয় দিয়ক সেইসকলৰ লগত সম্পর্কৰ গভীৰতা কমাই নিজ কৰ্মৰে বুজাই দিয়ক যেএই ধৰণৰ আচৰণ আপোনাৰ ওচৰত গ্রহণযোগ্য নহয়

কি কৰিব নালাগে
  • অযাচিতভাবে নিজেকে সঠিক প্রমাণ কৰাৰ পৰা বিৰত থাকক
  • প্রতিক্রিয়াহিচাপেপৰচৰ্চাকাৰীৰবিৰুদ্ধেএকেইধৰণৰআচৰণতলিপ্তনহব

Thursday, 23 January 2020

তথ্য আৰু যোগাযোগ প্ৰযুক্তি(ICT)ৰ আহিলাসমূহৰ শ্ৰেণীকৰণ ধাৰণা


তথ্য আৰু যোগাযোগ প্ৰযুক্তি(ICT)ৰ আহিলাসমূহৰ শ্ৰেণীকৰণ ধাৰণাঃ
(Classification of ICT- Information Communication Technology Device)
হেমন্ত কুমাৰ দাস
শিকন আৰু শিক্ষণৰ প্ৰতি লক্ষ্য ৰাখি আপুনি শ্ৰেণীকক্ষত ব্যৱহাৰৰ বাবে আপুনি বিভিন্ন কৌশল, কাৰ্যাৱলী প্ৰস্তুত কৰে আৰু প্ৰয়োগ কৰে। বিষয়বস্তুৰ প্ৰকৃতি আৰু শিক্ষাৰ্থীৰ শিকনৰ ধৰণৰ ওপৰত নিৰ্ভৰ কৰি তথ্য আৰু যোগাযোগ প্ৰযুক্তি(ICT)ৰ আহিলাসমূহে শিকন প্ৰক্ৰিয়াত ভিন্নমুখী ভূমিকা গ্ৰহণ কৰিব পাৰে। এই ক্ষেত্ৰত উপলব্ধ তথ্য আৰু যোগাযোগ প্ৰযুক্তি(ICT)ৰ আহিলাসআমূহৰ শ্ৰেণীকক্ষত বিভিন্ন ভুমিকা আছে। এই আহিলাসমূহক আমি বহলভাৱে তলত উল্লেখ  কৰাৰ দৰে চাৰিটা শ্ৰেণীত অন্তৰ্ভুক্ত কৰিব পাৰোঁ।

Wednesday, 22 January 2020

তথ্য আৰু যোগাযোগ প্ৰযুক্তি(ICT)ৰ আহিলাৰ ধাৰণা


তথ্য আৰু যোগাযোগ প্ৰযুক্তি(ICT)ৰ আহিলাৰ ধাৰণাঃ
(Concept on ICT- Information Communication Technology Device)
হেমন্ত কুমাৰ দাস
তথ্য আৰু যোগাযোগ প্ৰযুক্তি(ICT)ৰ আহিলাসমূহ শ্ৰাৱ্য, দৃশ্য আৰু দৃশ্য-শ্ৰাৱ্য এই তিনি প্ৰকাৰৰ হ’ব পাৰে। যোগাযোগ আৰু তথ্যৰ সৃষ্টি, বিতৰণ, সংৰক্ষণ আৰু পৰিচালনাৰ বাবে ভিন্ন প্ৰকাৰৰ প্ৰযুক্তিভিত্তিক আহিলা আৰু সম্পদ ব্যৱহাৰ কৰা হয়। শ্ৰেণীকক্ষত শিক্ষাৰ্থীসকলক জ্ঞান আহৰণ প্ৰক্ৰিয়াত সহায় কৰাত আৰু শিক্ষাৰ্থীসকলৰ বাবে বিষয়বস্তু বোধগম্য কৰি তোলাত তথ্য আৰু যোগাযোগ প্ৰযুক্তি(ICT)ৰ আহিলাসমূহে তাৎপৰ্যপূৰ্ণ ভুমিকা গ্ৰহণ কৰিব পাৰে। এই ক্ষেত্ৰত আপুনি বিভিন্ন উৎসৰ পৰা কেনেদৰে তথ্য সংগ্ৰহ কৰিব পাৰি চিন্তা কৰি চাওকচোন।

তথ্য আৰু যোগাযোগ প্ৰযুক্তিৰ ধাৰণাঃ

তথ্য আৰু যোগাযোগ প্ৰযুক্তিৰ ধাৰণাঃ
(Concept on ICT- Information Communication Technology)
হেমন্ত কুমাৰ দাস
এজন শিক্ষক হিচাবে শ্ৰেণীকোঠাৰ শিকন-শিক্ষণক অধিক মনোগ্ৰাহী আৰু কাৰ্যকৰি তুলিবৰ বাবে বিদ্যালয়ত বিভিন্ন বিষয়ৰ পাঠদানৰ ক্ষেত্ৰত বিভিন্ন শিকন পদ্ধতি আৰু সামগ্ৰীৰ ব্যৱহাৰ সম্পৰ্কে নিশ্চয় আপোনাৰ অভিজ্ঞতা আছে। সেয়া হ’লেও অনেক ক্ষেত্ৰত আপুনি বিভিন্ন উৎসৰ পৰা তথ্য সংগ্ৰহ কৰাৰ ক্ষেত্ৰত অনেক অসুবিধাৰ সন্মুখীন হ’ব পাৰে। এই ক্ষেত্ৰত তথ্য আৰু যোগাযোগ প্ৰযুক্তিয়ে(ICT- Information Communication Technology) বিশাল তথ্য ভাণ্ডাৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ বাবে উপলব্ধ কৰি তোলাৰ যথেষ্ট সম্ভাৱনীয়তা বহন কৰি আহিছে, যিটো কেইদশক মানৰ আগতে আমাৰ চিন্তাৰ বাহিৰত আছিল। ইয়াৰ ওপৰিও বৰ্তমান এই কথা সকলোৱে উপলব্ধি কৰিছে যে তথ্য আৰু যোগাযোগ প্ৰযুক্তি(ICT)ৰ ব্যৱহাৰে শিক্ষাৰ্থী-কেন্দ্ৰিক আৰু আন্তঃক্ৰিয়ামূলক শিকন-শিক্ষণ সহজ কৰি তুলিছে।