Wednesday 22 January 2020

তথ্য আৰু যোগাযোগ প্ৰযুক্তিৰ ধাৰণাঃ

তথ্য আৰু যোগাযোগ প্ৰযুক্তিৰ ধাৰণাঃ
(Concept on ICT- Information Communication Technology)
হেমন্ত কুমাৰ দাস
এজন শিক্ষক হিচাবে শ্ৰেণীকোঠাৰ শিকন-শিক্ষণক অধিক মনোগ্ৰাহী আৰু কাৰ্যকৰি তুলিবৰ বাবে বিদ্যালয়ত বিভিন্ন বিষয়ৰ পাঠদানৰ ক্ষেত্ৰত বিভিন্ন শিকন পদ্ধতি আৰু সামগ্ৰীৰ ব্যৱহাৰ সম্পৰ্কে নিশ্চয় আপোনাৰ অভিজ্ঞতা আছে। সেয়া হ’লেও অনেক ক্ষেত্ৰত আপুনি বিভিন্ন উৎসৰ পৰা তথ্য সংগ্ৰহ কৰাৰ ক্ষেত্ৰত অনেক অসুবিধাৰ সন্মুখীন হ’ব পাৰে। এই ক্ষেত্ৰত তথ্য আৰু যোগাযোগ প্ৰযুক্তিয়ে(ICT- Information Communication Technology) বিশাল তথ্য ভাণ্ডাৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ বাবে উপলব্ধ কৰি তোলাৰ যথেষ্ট সম্ভাৱনীয়তা বহন কৰি আহিছে, যিটো কেইদশক মানৰ আগতে আমাৰ চিন্তাৰ বাহিৰত আছিল। ইয়াৰ ওপৰিও বৰ্তমান এই কথা সকলোৱে উপলব্ধি কৰিছে যে তথ্য আৰু যোগাযোগ প্ৰযুক্তি(ICT)ৰ ব্যৱহাৰে শিক্ষাৰ্থী-কেন্দ্ৰিক আৰু আন্তঃক্ৰিয়ামূলক শিকন-শিক্ষণ সহজ কৰি তুলিছে।

TET Qualified Forum, Assam, Digital Education, SSA Assam, DEE, Assam, Sarba Sikhya Abhijan, Samagra Sikhya, Assam, Child Education, TQF, Assam, Teaching Learning Maeterial, TET, Assam TET, TET Qualified Forum, Assam, School Education, Teacher, Teaching, Teacher Eligibility Test, Digital Education, SSA Assam, DEE, Assam, Sarba Sikhya Abhijan, Samagra Sikhya, TET, Assam TET, TET Qualified Forum, Assam, School, Education, Teacher, Teaching, Teacher Eligibility Test, Information & Communication Technology, NISHTHA, National Initiative for School Heads' and Teachers' Holistic Advancement
 তথ্য আৰু যোগাযোগ প্ৰযুক্তি(ICT- Information Communication Technology)ৰ ধাৰণাঃ
তথ্য আৰু যোগাযোগ প্ৰযুক্তি(ICT) হৈছে যোগাযোগ আৰু তথ্যৰ সৃষ্টি, বিতৰণ, সংৰক্ষণ আৰু পৰিচালনাৰ বাবে ব্যৱহৃত প্ৰযুক্তিমূলক আহিলা ও সম্পদ(UNDO-2000, UNESCO-2002); এই সংজ্ঞা অনুসৰি তথ্য আৰু যোগাযোগ প্ৰযুক্তি(ICT)ত ৰেডিঅ’, দূৰদৰ্শন, ভিডিঅ’, ডিভিডি, টেলিফোন(মোবাইল আৰু লেণ্ডলাইন), চেটেলাইট ব্যৱস্থা, কম্পিউটাৰ, নেটৱৰ্ক, ইণ্টাৰনেট এই প্ৰযুক্তিসমূহৰ লগত জড়িত হাৰ্ডৱেৰ আৰু চফটৱেৰ আহিলা আৰু বিভিন্ন সেৱাসমূহ যেনে ভিডিঅ’ আৰু টেলিকনফাৰেনচিং, ইলেক্ট্ৰনি মেইল(ই-মেইল) ইত্যাদি অন্তৰ্ভুক্ত হৈ থাকে।



তথ্য আৰু যোগাযোগ প্ৰযুক্তি(ICT) নিম্ন উল্লিখিত উপাদানসমূহেৰে গঠিতঃ
(ক) তথ্য আৰু যোগাযোগ আন্তঃগাঁথনিঃ এই আন্তঃগাঁথনিয়ে টেলিকমিউনিকেচন প্ৰক্ৰিয়া, নেটৱৰ্ক(চেলুলাৰ ব্ৰডকাষ্ট, কেবল, চেটেলাইট পোৰ্টেল) আৰু এইবোৰ ব্যৱহাৰ কৰা সেৱাসমূহ(ইণ্টাৰনেট, ভইছ, মেইল, ৰেডিঅ’ আৰু টেলিভিচন) অন্তৰ্ভুক্ত কৰে।
(খ) যোগাযোগ প্ৰযুক্তিঃ তথ্য আৰু যোগাযোগ প্ৰযুক্তি(ICT) হৈছে, উপযুক্ত আন্তঃগাথনিৰ জৰিয়তে বিভিন্ন যোগাযোগ প্ৰযুক্তিৰ লগত তথ্য প্ৰযুক্তিৰ সংহত কৰণ। এই ক্ষেত্ৰত ক’ব পৰা যায় যে তথ্য প্ৰযুক্তি দ্বাৰা যোগাযোগৰ মান উন্নত কৰিব পৰা যায়। এই প্ৰযুক্তিৰ কেইটামান উদাহৰণ তলত দিয়া হ’ল  
  • ছপা ভিত্তিক সামগ্ৰী
  • ফটো, ছবি জাতীয় গ্ৰফিকচ
  • শ্ৰাব্য যোগাযোগ প্ৰক্ৰিয়া শ্ৰৱ্য সম্প্ৰচাৰণসমূহ
  • টেলিকমিউনিকেচন
  • চেটেলাইট কমিউনিকেচন
  • অনাতাঁৰ যোগাযোগ
  • ইণ্টাৰনেট আৰু ই-মেইল জাতীয় কম্পিউটাৰ ভিত্তিক প্ৰযুক্তি
  • ম’বাইল প্ৰযুক্তি
   

1 comment: