Wednesday 22 January 2020

তথ্য আৰু যোগাযোগ প্ৰযুক্তি(ICT)ৰ আহিলাৰ ধাৰণা


তথ্য আৰু যোগাযোগ প্ৰযুক্তি(ICT)ৰ আহিলাৰ ধাৰণাঃ
(Concept on ICT- Information Communication Technology Device)
হেমন্ত কুমাৰ দাস
তথ্য আৰু যোগাযোগ প্ৰযুক্তি(ICT)ৰ আহিলাসমূহ শ্ৰাৱ্য, দৃশ্য আৰু দৃশ্য-শ্ৰাৱ্য এই তিনি প্ৰকাৰৰ হ’ব পাৰে। যোগাযোগ আৰু তথ্যৰ সৃষ্টি, বিতৰণ, সংৰক্ষণ আৰু পৰিচালনাৰ বাবে ভিন্ন প্ৰকাৰৰ প্ৰযুক্তিভিত্তিক আহিলা আৰু সম্পদ ব্যৱহাৰ কৰা হয়। শ্ৰেণীকক্ষত শিক্ষাৰ্থীসকলক জ্ঞান আহৰণ প্ৰক্ৰিয়াত সহায় কৰাত আৰু শিক্ষাৰ্থীসকলৰ বাবে বিষয়বস্তু বোধগম্য কৰি তোলাত তথ্য আৰু যোগাযোগ প্ৰযুক্তি(ICT)ৰ আহিলাসমূহে তাৎপৰ্যপূৰ্ণ ভুমিকা গ্ৰহণ কৰিব পাৰে। এই ক্ষেত্ৰত আপুনি বিভিন্ন উৎসৰ পৰা কেনেদৰে তথ্য সংগ্ৰহ কৰিব পাৰি চিন্তা কৰি চাওকচোন।
সাধাৰণতে আপুনি পাঠ্যপুথি, আলোচনী, প্ৰসংগপুথি, শ্ৰেণীৰটোকা আৰু অন্যান্য অমুদ্ৰিত সামগ্ৰী ইত্যাদি বিভিন্ন উৎসৰ পৰা তথ্য সংগ্ৰহ কৰিব পাৰে। এইদৰে সংগ্ৰহ কৰা তথ্যসমূহ শ্ৰেণীকক্ষত উপস্থাপন যোগ্য কৰি তুলিবৰ বাবে, আপোনাক অধিক সময় আৰু সম্পদৰ প্ৰয়োজন, যিবোৰ সদায় আপোনাৰ বাবে উপলব্ধ নহ’ব পাৰে। সেইবাবে অনেক সময়ত আপুনি ভাৱিব পাৰে, যে আপোনাৰ পাঠ শিক্ষাৰ্থীৰ বাবে বোধগম্য হোৱা নাই। আকৌ অনেক ক্ষেত্ৰত আপোনাৰ ওচৰত মজুত থকা সকলো তথ্য  শিক্ষাৰ্থীসকলক প্ৰত্যক্ষ ভাৱে প্ৰদান কৰা সম্ভৱ নহবও পাৰে। কিন্তু তথ্য আৰু যোগাযোগ প্ৰযুক্তি(ICT)ৰ আহিলাসমূহে এই ব্যৱধান দূৰ কৰাৰ লগতে জ্ঞান আহৰণ, আয়ত্ব কৰণ আৰু শ্ৰেণীকক্ষত সহযোগিতামূলক অংশীদাৰমূলক শিকনত সহায় কৰে। এই তথ্য আৰু যোগাযোগ প্ৰযুক্তি(ICT)ৰ আহিলাসমূহে দৈহিক আৰু মানসিক ভাৱে প্ৰত্যাহ্বানমূলক শিশুকে আদি কৰি সকলো প্ৰকাৰৰ শিশুক শৈক্ষিক সুযোগ প্ৰদান কৰাত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰে।



তথ্য আৰু যোগাযোগ প্ৰযুক্তি(ICT)ৰ আহিলাসমূহ কোনো একক আহিলা নহয়। এই আহিলাসমূহত বিভিন্ন হাৰ্ডৱেৰ, চফটৱেৰ, মাল্টিমিডিয়া আৰু ভিভিন্ন প্ৰেৰক প্ৰক্ৰিয়া অন্তৰ্ভুক্ত। আজিকালি শিক্ষাৰ ক্ষেত্ৰত সততে ব্যৱহাৰ হোৱা নিত্য নতুন আহিলাসমূহৰ অন্তৰ্ভূক্ত আহিলাসমূহ হৈছে ডেক্সটপ, লেপটপ-নোটবুক, পিডিএ, টেবলেট ডিজিটেল কেমেৰা, লোকেল এৰিয়া নেটৱৰ্ক, ব্লু-টুথ, ইণ্টাৰনেট, ক্লাউড কম্পিউটিং, ৱৰ্ল্ড ৱাইড ৱেব, ডিভিডি, ৱাৰ্ড প্ৰচেচৰ, স্প্ৰেডচিট, ই-মেইল, ডিজিটেল লাইব্ৰেৰী, কম্পিউটাৰৰ দ্বাৰা পৰিচালিত কনফাৰেনচিং, ভিডিঅ’ কনফাৰেনচিং, ভাৰ্চুৱেল পৰিৱেশ ইত্যাদি। এই তথ্য আৰু যোগাযোগ প্ৰযুক্তি(ICT)ৰ আহিলাসমূহ শ্ৰেণীকক্ষত শিকন পৰিস্থিতি সৃষ্টি আৰু শিক্ষাৰ্থীসকলক উচ্চ পৰ্যায়ৰ চিন্তাৰ বিকাশৰ বাৱে প্ৰয়োগ কৰিব পৰা যায়।
(ধন্যবাদ)

1 comment:

  1. চাৰ সুবিধা আৰু অসুবিধা বিষয়ে অলপ বুজালে ভাল হব।

    ReplyDelete