Thursday, 27 February 2020

মানৱীয় মূল্যবোধৰ পৰম্পৰাত সমাজ


(প্ৰবন্ধ)
মানৱীয় মূল্যবোধৰ পৰম্পৰাত সমাজ
মণীষা শৰ্মা, জালুকবাৰী

আজিৰ সমাজত মানৱীয় মূল্যবোধৰ অভাৱ হোৱাটো আমাৰ পৰিলক্ষিত হৈছে। এখন সমাজত যদি মূল্যবোধ সম্পন্ন ব্যক্তি বোৰ পাওঁ অৰ্থাৎ ব্যক্তিবোৰ সৎ দয়ালু সংযমী, শান্তিকামী সদাচাৰী স্নেহপৰায়ন, ধৰ্মনিৰপেক্ষ,অন্তৰত পৰস্পৰৰ প্ৰতি  ভাতৃত্ববোধ থাকে  তেনেহলে সেই সমাজ খনক এখন আদৰ্শ  সম্পন্ন সমাজ বুলিব পাৰি।জাতিটো আদৰ্শ জাতি হিচাপে স্বীকৃতি লাভ কৰিব। এজন আদৰ্শ ব্যক্তি মূল্যবোধসম্পন্ন  ব্যক্তি সদায় সকলো ধৰ্মৰ প্ৰতি সমানে উদাৰ হয়। কোনো ধৰ্মৰ প্ৰতি অসহিষ্ণু নহয়।মানৱীয় মূল্যবোধেৰে পিতৃ মাতৃয়ে সন্তানক  বাল্যকালৰে পৰা দীক্ষিত কৰিব পাৰে নিজৰ ঘৰ খনতেশিশুৰ  চাৰিত্ৰিক বিকাশত ঘৰখন বা পৰিয়ালৰ ভূমিকা যথেষ্ট  আছে। শিক্ষা হল মৃত্যু পৰ্যন্তলৈ  চলা প্ৰক্ৰিয়া।সেয়ে মনোবিজ্ঞানে শিক্ষাক জীৱন যোৰা প্ৰক্ৰিয়া বুলিছে (Education is life long process.)। সেয়ে আমি সকলো ধৰণৰ শিক্ষা গ্ৰহণ কৰিব লাগে, জীৱনটো শিক্ষা। ডাঙৰক সেৱা জনোৱা, সন্মান কৰা এইবোৰ শিক্ষাৰৰ অন্তৰ্গত। অকল বিদ্যালয়ৰ কিতাপ অধ্যায়ন কৰিয়ে লোৱা শিক্ষাই প্ৰকৃত অৰ্থত শিক্ষা নহয়। নীতিশিক্ষামূলক অধ্যয়নৰ অতি আৱেশ্যক। কিয়নো আজিকালি অধিকাংশ লৰা ছোৱালীয়ে  পিতৃ-মাতৃক সন্মান জনাই কথা কবলৈ পাহৰি পেলাইছে। সেয়ে  আমি শিশু অৱস্থাতে ঘৰ খনতেই এই শিক্ষা দিব লাগে। আমাৰ এষাৰ  বাক্য আছে জুইশালত গঢ়িলেহে  কমাৰশালত গঢ়িব পাৰি।  এখন দেশ বা এখন ৰাজ্যৰ  নাগৰিক হিচাপে  জন্মৰ পিছৰে পৰা  জীয়াই  থকাৰ অধিকাৰ, বিকাশৰ অধিকাৰ, সুৰক্ষাৰ অধিকাৰ আৰু অংশগ্ৰহণৰ অধিকাৰ আছে। বৰ্তমান সময়ত শিশুৰ শিক্ষাৰ অধিকাৰকো মৌলিক অধিকাৰ  হিচাপে স্বীকৃতি দিয়া হৈছে। কিন্ত এই অধিকাৰ সমূহ গ্ৰহণ কৰাত  পৰিয়াল বা ঘৰখনে মুখ্য ভূমিকা গ্ৰহণ কৰিব লাগিব। আৰু  শিশুৰ প্রকৃত শিক্ষা গ্ৰহণৰ দ্বাৰাহে শিশুৰ মূল্যবোধৰ শিক্ষা সম্ভৱ। যিহেতু শিক্ষাৰ মূল লক্ষ্য হৈছে  সৰ্বাংগীন  বিকাশ সাধন কৰা।

ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ উৎপত্তি


(প্ৰৱন্ধ)
ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ উৎপত্তি
 প্ৰীতি শিখা নাথ
ঈশ্বৰৰ শ্ৰেষ্ঠ সৃষ্টি হৈছে মানুহ নৃত্যৰ উৎপত্তিৰ বিষয়ে অনুসন্ধান কৰিলে দেখা যায় যে পৃথিৱীৰ বহুসংখ্যক বিজ্ঞানী একমত আছিল যে আদিম যুগত মানুহৰ যেতিয়া আনন্দ লাগিছিল তেতিয়া বিভিন্ন শব্দৰ উৎপত্তি হাতৰ তালি আৰু অংগী ভংগীৰে অংগ সঞ্চালন কৰিছিলতেনে সময়ত সংগীতৰ বিষয়ে চিন্তা চৰ্চা কৰা বা উন্নতি সাধন কৰাৰ উপায় নাছিলঠিক সেই সময়চোৱাতে মানুহে অসভ্য আচৰণ কৰিবলৈ লৈছিল মানুহবোৰ অতি হিংসাকুৰীয়া, লুভীয়া আৰু ইজনে সিজনৰ প্ৰতি ঈৰ্ষা পৰায়ণ হৈ পৰিছিলমৰা- মৰি, কটা-কটি কৰি জীৱনৰ গতিপথ সলনি কৰি পেলাইছিল অকল যে মানুহৰ মাজতে এনেকুৱা উৎপাতবোৰ হৈছিল তেনে নহয় দৈত্য ৰাক্ষস সকলৰ মাজতো খোৱা-কামোৰা, মৰা-মৰি আৰম্ভ হৈছিল কথিত আছে যে পৃথিৱীৰ এনে অৱস্থা দেখি ইন্দ্ৰকে ধৰি আন দেৱতা সকলো ভয় খাইছিল আৰু ভগৱান ব্ৰহ্মাৰ ওচৰত গৈ অনুৰোধ কৰিছিল যে তেওঁলোকক যেন এনে এটা পুতলা সৃষ্টি কৰি দিয়ে যেন যিটোৰ দ্বাৰা সিহঁতে দেখিবলৈ আৰু শুনিবলৈ পায় তেওঁলোকৰ মন যাতে ভাল পথেৰে পৰিচালিত হয় ব্ৰহ্মাই সেইসময়ত দেৱতাসকলক বিদ্ৰুপ কৰি তেওঁলোকৰ অনুৰোধ মানিব বিচৰা নাছিল যিহেতু তেওঁৱেই সকলোৰে স্ৰজনকৰ্তা লগতে ইতিমধ্যে তেওঁ সকলোৰে জ্ঞানৰ অৰ্থে বেদ ৰচনা কৰি উলিয়াইছেযাতে সকলোৱে সৎপথে পৰিচালিত হৈ জ্ঞান অৰ্জন কৰিব পাৰে যদি তেওঁলোকে বেয়া আচৰণ কৰিছে তাৰমানে তেওঁলোকে বেদৰ অপব্যৱহাৰ কৰিছে আৰু গুৰুত্ব দিয়া নাইযত নেকি সকলো জ্ঞানৰে উল্লেখ আছে আৰু বহুতো মানুহে তাৰ দ্বাৰা লাভৱান ইতিমধ্যে হৈছে কিন্তু শূদ্ৰ সকল তাৰ পৰা বঞ্চিত হৈছিলআনকি তেওঁলোকে শুনাটো বাধা আছিল এনে অৱস্থাত এটাই উপায় আছিল যে পঞ্চম বেদ ৰচনা কৰা যিখনৰ দ্বাৰা সকলো বৰ্ণৰ মানুহে উপকৃত হব পাৰিব

Monday, 27 January 2020

ইণ্টাৰনেটৰ ধাৰণা

ইণ্টাৰনেটৰ ধাৰণাঃ
(Concept on Computer Internet)
ইণ্টাৰনেটৰ বনাম ৱেবঃ
১৯৮৯ চনত ইণ্টাৰনেটক বিশাল ৱৰ্লড্ৱাইড ৱেব(WWW) হিচাপে উন্মোচিত কৰা হৈছিল ৱেব বিশাল পৰিমানৰ সংগ্ৰহীত HTML পৃষ্ঠা যি ইণ্টঅৰনেট হাৰ্ডৱেৰৰ যোগেদি পৰিবাহিত কৰা হয় ৱৰ্ল ৱাইড ৱেব ইণ্টাৰনেটৰ এটা সৰু অংশ তথা ইণ্টাৰনেটে বহু ধৰণৰ অন্য বেলেগ তথ্যক সামৰি লয় যিবোৰ ৱেব পৃষ্ঠাতকৈ বেলেগ
TET Qualified Forum, Assam, Digital Education, SSA Assam, DEE, Assam, Sarba Sikhya Abhijan, Samagra Sikhya, Assam, Child Education, TQF, Assam, Teaching Learning Maeterial, TET, Assam TET, TET Qualified Forum, Assam, School Education, Teacher, Teaching, Teacher Eligibility Test, Digital Education, SSA Assam, DEE, Assam, Sarba Sikhya Abhijan, Samagra Sikhya, TET, Assam TET, TET Qualified Forum, Assam, School, Education, Teacher, Teaching, Teacher Eligibility Test, Information & Communication Technology, NISHTHA, National Initiative for School Heads' and Teachers' Holistic Advancement
ৱেব এটা চফটৱেৰ আহিলা বা সেৱা যি ইণ্টাৰনেটত ব্যৱহাৰ হয় ৱেব পৃষ্ঠাবোৰ বিভিন্ন তথ্য পাতিৰ সমষ্টি ইয়ে বিশ্বৰ বিভিন্ন তথ্যৰ কম্পিউটাৰৰ মাধ্যমৰে যোগান ধৰে ইণ্টাৰনেট আৰু ৱেবক দুটা ভিন্ন ৰুপ বুলি ব্যক্তি বিশেষে অভিহিত কৰে যিটো কাৰিকৰী দিশৰে চাব লে ভূল বুলি গণ্য কিয়নো ৱেব পৃষ্ঠাবোৰৰ দ্বাৰাই ইণ্টাৰনেট গঠিত

কম্পিউটাৰ নেটৱৰ্ক আৰু ইণ্টাৰনেটৰ ধাৰণাঃ


কম্পিউটাৰ নেটৱৰ্ক আৰু ইণ্টাৰনেটৰ ধাৰণাঃ
(Concept on Computer Network and Internet)

কম্পিউটাৰ নেটৱৰ্ক আৰু ইণ্টাৰনেটৰ ধাৰণাঃ
  
হেমন্ত কুমাৰ দাস


কম্পিউটাৰ নেটৱৰ্ক
কম্পিউটাৰ নেটৱৰ্ক (Computer Network) হৈছে এনে এক ব্যৱস্থা একাধিক কম্পিউটাৰ প্ৰণালী আৰু হাৰ্ডৱেৰ উপাদানসমূহ যোগাযোগ প্ৰযুক্তিৰ মাধ্যমৰ জৰিয়তে ইটো-সিটোৰ লগত সংযুক্ত হৈ থাকে কম্পিউটাৰ নেটৱৰ্কত ব্যৱহাৰকাৰীসকলে ইজনে সিজনৰ মাজত হাৰ্ডৱেৰ/ চফটৱেৰ উপাদান/ সম্পদ সমূহ আৰু তথ্যৰ আদান-প্ৰদান কৰিব পাৰে