Monday 20 January 2020

সাউৰী খোৱা উৎসৱ


সাউৰী খোৱা উৎসৱ
দীপশিখা চলিহা
(TQF, Assamৰ গোটৰ ই-আলোচনী অতুলনীয় অন্তৰীপত প্ৰকাশিত প্ৰবন্ধ)
 সাউৰী খোৱা অসমীয়া গ্ৰাম্য সমাজৰ এক লোক পৰম্পৰা আগৰ দিনত এই পৰম্পৰা আছিল যদিও আজিকালি বিভিন্ন কাৰকৰ প্ৰভাৱত এই পৰম্পৰা গাওঁবোৰতো লুপ্ত হবলৈ ধৰিছেপ্ৰ ধানতঃ জটিল আৰু দীৰ্ঘসময় লগা ঘৰুৱা কাম কাজত ওচৰ চুবুৰীয়াই সহায় সহযোগ কৰি একেলগে ভাত এসাজ খাইছিল, এয়াই হৈছে সাউৰি পৰম্পৰা ঘৰৰ চাল চিওৱা, পথাৰত ধান ৰোৱা, ধান কটা আদি সময়তেই সাউৰী খাইছিল মানুহে ঘৰে ঘৰে
TET Qualified Forum, Assam, Digital Education, SSA Assam, DEE, Assam, Sarba Sikhya Abhijan, Samagra Sikhya, Assam, Child Education, TQF, Assam, Teaching Learning Maeterial, TET, Assam TET, TET Qualified Forum, Assam, School Education, Teacher, Teaching, Teacher Eligibility Test, Digital Education, SSA Assam, DEE, Assam, Sarba Sikhya Abhijan, Samagra Sikhya, TET, Assam TET, TET Qualified Forum, Assam, School, Education, Teacher, Teaching, Teacher Eligibility Test, Information & Communication Technology, NISHTHA, National Initiative for School Heads' and Teachers' Holistic Advancement
আগৰ দিনত গ্ৰাম্যাঞ্চলত জটিল আৰু দীৰ্ঘসময় লগা ঘৰুৱা কাম কাজত ই-ঘৰে সি-ঘৰক কোনো আৰ্থিক বিনিময় নোহোৱাকৈ সহানুভূতিৰে আৰু মানবীয় দৃষ্টিৰে সহায় সাৰথি কৰিছিলওচৰচুবুৰীয়াই কামত সহায় কৰাৰ বিনিময়ত হাঁহে মাহে এসাজ খুৱাব লাগিছিলএনেদৰে সাউৰী খাইছিল মানুহে ঘৰে ঘৰে
        
প্ৰথমে আহিছিল হাল উঠা সাউৰীঅৰ্থাৎ আগৰ মানুহে গৰু বা 'হৰ হালেৰে খেতি কৰিছিলবোকা দিছিল গৰুৰ হালেৰেগোটেই বছৰটোৰ যিদিনা খেতি উঠিব সেইদিনা হালউঠা বুলি কৈছিলঅৰ্থাৎ সেইদিনাৰ পৰা আৰু হালৰ কাম নাথাকেসেইদিনা গৃহস্থৰ ঘৰত বছৰটোৰ কঠিয়া দিয়া মানুহ,হাল কোৰ দিয়া মানুহ আৰু বোকা ৰোৱা ৰোৱনী সকল লগ হৈ একেলগে ভাত এসাঁজ খায়এই সাঁজ ভাজ হাঁহৰ মাংস বিশেষ ভাৱে লক্ষনীয় লগত ৰঙালাউএই সাউৰীত গৃহস্থে অঙহী-বঙহীক নিমন্ত্ৰন জনায়

আনহাতে আঘোণ মাহত ঘৰলৈ সোনগুটি ছপাবৰ সময়ত সাউৰী খোৱা দেখা গৈছিলঅকলশৰীয়া মানুহৰ ক্ষেত্ৰত পকা ধান পথাৰৰ পৰা ঘৰলৈ ছপাই আনোতে অসুবিধা হৈছিলসেয়ে সাউৰী খোৱা পাতিছিলওচৰ চুবুৰীয়া কেইজন মানক মাতি এসাজ ভাত খুৱাইছিলতেঁওলোকে ধান কাটি চপাই আনি দিছিলসকলোৱে এনেদৰে সহায় কৰিছিল

ইয়াৰ লগে লগে সাউৰী খোৱা আন এটি পৰ্ব ' মাহ তোলা পৰ্বআগৰ মানুহে বিস্তৃত এলেকাত মাহ খেতি কৰিছিলফলত মাহ তোলাৰ সময়ত ওচৰৰ তিৰোতা কেইজনী মান মাটি আনি মাহ তোলাত লগাই আৰু তেঁওলোকক সাউৰী খুৱায়
     
আগৰ দিনত মহাজনীয়া ঘৰবোৰৰ বাহিৰে সাধাৰন মানুহৰ ঘৰবোৰ খেৰৰ চালিৰ আছিলটিনপাটৰ ব্যৱহাৰ নাছিলগতিকে খেৰৰ চালিবোৰ বছৰে বছৰে নতুনকৈ চিয়াব লগা হয়গতিকে ঘৰৰ ছাল  চিয়াবলৈ কেইজন মান অভিজ্ঞ ব্যক্তিক মাতি আনি চাল চিউৱা পৰ্ব সমাপন কৰেবিনিময়ত তেঁওলোকক ভাত খুৱায়সেয়ে হৈছে ঘৰৰ ছাল চিউৱা সাউৰী 

আগৰ দিনবোৰ সচাকৈয়ে ভাল লগা আছিলসহানুভূতি, আন্তৰিকতা, একতা,মিলাপ্ৰীতি আদিৰ বাবে সাউৰী খোৱা পৰম্পৰা জীৱাই আছিলবৰ্তমান যুগ ' ধনবান আৰু বস্তুবাদী যুগ, সেয়ে প্ৰতিটো দিশতে  পৰিবৰ্তন আহিল,সময়ো সলনি ' মানুহে কোনেও কাকো বিনা বেতনে,বিনা স্বাৰ্থত সহায় নকৰা ' এনে এক জটিল যুগত হেৰাই ' তাহানিৰ বহু লোক পৰম্পৰাএনেদৰেই  গ্ৰাম্য সমাজত মানবীয় প্ৰমুল্যসমূহো (একতা, বিশ্বাস আদি) কমি আহিল, এইবোৰৰ বাবেই সাউৰীৰ খোৱা পৰম্পৰাও আজিকালি  অসমীয়া সমাজৰ পৰা লাহে লাহে নাইকীয়া '

No comments:

Post a Comment