Thursday, 23 January 2020

তথ্য আৰু যোগাযোগ প্ৰযুক্তি(ICT)ৰ আহিলাসমূহৰ শ্ৰেণীকৰণ ধাৰণা


তথ্য আৰু যোগাযোগ প্ৰযুক্তি(ICT)ৰ আহিলাসমূহৰ শ্ৰেণীকৰণ ধাৰণাঃ
(Classification of ICT- Information Communication Technology Device)
হেমন্ত কুমাৰ দাস
শিকন আৰু শিক্ষণৰ প্ৰতি লক্ষ্য ৰাখি আপুনি শ্ৰেণীকক্ষত ব্যৱহাৰৰ বাবে আপুনি বিভিন্ন কৌশল, কাৰ্যাৱলী প্ৰস্তুত কৰে আৰু প্ৰয়োগ কৰে। বিষয়বস্তুৰ প্ৰকৃতি আৰু শিক্ষাৰ্থীৰ শিকনৰ ধৰণৰ ওপৰত নিৰ্ভৰ কৰি তথ্য আৰু যোগাযোগ প্ৰযুক্তি(ICT)ৰ আহিলাসমূহে শিকন প্ৰক্ৰিয়াত ভিন্নমুখী ভূমিকা গ্ৰহণ কৰিব পাৰে। এই ক্ষেত্ৰত উপলব্ধ তথ্য আৰু যোগাযোগ প্ৰযুক্তি(ICT)ৰ আহিলাসআমূহৰ শ্ৰেণীকক্ষত বিভিন্ন ভুমিকা আছে। এই আহিলাসমূহক আমি বহলভাৱে তলত উল্লেখ  কৰাৰ দৰে চাৰিটা শ্ৰেণীত অন্তৰ্ভুক্ত কৰিব পাৰোঁ।

Wednesday, 22 January 2020

তথ্য আৰু যোগাযোগ প্ৰযুক্তি(ICT)ৰ আহিলাৰ ধাৰণা


তথ্য আৰু যোগাযোগ প্ৰযুক্তি(ICT)ৰ আহিলাৰ ধাৰণাঃ
(Concept on ICT- Information Communication Technology Device)
হেমন্ত কুমাৰ দাস
তথ্য আৰু যোগাযোগ প্ৰযুক্তি(ICT)ৰ আহিলাসমূহ শ্ৰাৱ্য, দৃশ্য আৰু দৃশ্য-শ্ৰাৱ্য এই তিনি প্ৰকাৰৰ হ’ব পাৰে। যোগাযোগ আৰু তথ্যৰ সৃষ্টি, বিতৰণ, সংৰক্ষণ আৰু পৰিচালনাৰ বাবে ভিন্ন প্ৰকাৰৰ প্ৰযুক্তিভিত্তিক আহিলা আৰু সম্পদ ব্যৱহাৰ কৰা হয়। শ্ৰেণীকক্ষত শিক্ষাৰ্থীসকলক জ্ঞান আহৰণ প্ৰক্ৰিয়াত সহায় কৰাত আৰু শিক্ষাৰ্থীসকলৰ বাবে বিষয়বস্তু বোধগম্য কৰি তোলাত তথ্য আৰু যোগাযোগ প্ৰযুক্তি(ICT)ৰ আহিলাসমূহে তাৎপৰ্যপূৰ্ণ ভুমিকা গ্ৰহণ কৰিব পাৰে। এই ক্ষেত্ৰত আপুনি বিভিন্ন উৎসৰ পৰা কেনেদৰে তথ্য সংগ্ৰহ কৰিব পাৰি চিন্তা কৰি চাওকচোন।

তথ্য আৰু যোগাযোগ প্ৰযুক্তিৰ ধাৰণাঃ

তথ্য আৰু যোগাযোগ প্ৰযুক্তিৰ ধাৰণাঃ
(Concept on ICT- Information Communication Technology)
হেমন্ত কুমাৰ দাস
এজন শিক্ষক হিচাবে শ্ৰেণীকোঠাৰ শিকন-শিক্ষণক অধিক মনোগ্ৰাহী আৰু কাৰ্যকৰি তুলিবৰ বাবে বিদ্যালয়ত বিভিন্ন বিষয়ৰ পাঠদানৰ ক্ষেত্ৰত বিভিন্ন শিকন পদ্ধতি আৰু সামগ্ৰীৰ ব্যৱহাৰ সম্পৰ্কে নিশ্চয় আপোনাৰ অভিজ্ঞতা আছে। সেয়া হ’লেও অনেক ক্ষেত্ৰত আপুনি বিভিন্ন উৎসৰ পৰা তথ্য সংগ্ৰহ কৰাৰ ক্ষেত্ৰত অনেক অসুবিধাৰ সন্মুখীন হ’ব পাৰে। এই ক্ষেত্ৰত তথ্য আৰু যোগাযোগ প্ৰযুক্তিয়ে(ICT- Information Communication Technology) বিশাল তথ্য ভাণ্ডাৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ বাবে উপলব্ধ কৰি তোলাৰ যথেষ্ট সম্ভাৱনীয়তা বহন কৰি আহিছে, যিটো কেইদশক মানৰ আগতে আমাৰ চিন্তাৰ বাহিৰত আছিল। ইয়াৰ ওপৰিও বৰ্তমান এই কথা সকলোৱে উপলব্ধি কৰিছে যে তথ্য আৰু যোগাযোগ প্ৰযুক্তি(ICT)ৰ ব্যৱহাৰে শিক্ষাৰ্থী-কেন্দ্ৰিক আৰু আন্তঃক্ৰিয়ামূলক শিকন-শিক্ষণ সহজ কৰি তুলিছে।

Monday, 20 January 2020

সাউৰী খোৱা উৎসৱ


সাউৰী খোৱা উৎসৱ
দীপশিখা চলিহা
(TQF, Assamৰ গোটৰ ই-আলোচনী অতুলনীয় অন্তৰীপত প্ৰকাশিত প্ৰবন্ধ)
 সাউৰী খোৱা অসমীয়া গ্ৰাম্য সমাজৰ এক লোক পৰম্পৰা আগৰ দিনত এই পৰম্পৰা আছিল যদিও আজিকালি বিভিন্ন কাৰকৰ প্ৰভাৱত এই পৰম্পৰা গাওঁবোৰতো লুপ্ত হবলৈ ধৰিছেপ্ৰ ধানতঃ জটিল আৰু দীৰ্ঘসময় লগা ঘৰুৱা কাম কাজত ওচৰ চুবুৰীয়াই সহায় সহযোগ কৰি একেলগে ভাত এসাজ খাইছিল, এয়াই হৈছে সাউৰি পৰম্পৰা ঘৰৰ চাল চিওৱা, পথাৰত ধান ৰোৱা, ধান কটা আদি সময়তেই সাউৰী খাইছিল মানুহে ঘৰে ঘৰে
TET Qualified Forum, Assam, Digital Education, SSA Assam, DEE, Assam, Sarba Sikhya Abhijan, Samagra Sikhya, Assam, Child Education, TQF, Assam, Teaching Learning Maeterial, TET, Assam TET, TET Qualified Forum, Assam, School Education, Teacher, Teaching, Teacher Eligibility Test, Digital Education, SSA Assam, DEE, Assam, Sarba Sikhya Abhijan, Samagra Sikhya, TET, Assam TET, TET Qualified Forum, Assam, School, Education, Teacher, Teaching, Teacher Eligibility Test, Information & Communication Technology, NISHTHA, National Initiative for School Heads' and Teachers' Holistic Advancement
আগৰ দিনত গ্ৰাম্যাঞ্চলত জটিল আৰু দীৰ্ঘসময় লগা ঘৰুৱা কাম কাজত ই-ঘৰে সি-ঘৰক কোনো আৰ্থিক বিনিময় নোহোৱাকৈ সহানুভূতিৰে আৰু মানবীয় দৃষ্টিৰে সহায় সাৰথি কৰিছিলওচৰচুবুৰীয়াই কামত সহায় কৰাৰ বিনিময়ত হাঁহে মাহে এসাজ খুৱাব লাগিছিলএনেদৰে সাউৰী খাইছিল মানুহে ঘৰে ঘৰে
        
প্ৰথমে আহিছিল হাল উঠা সাউৰীঅৰ্থাৎ আগৰ মানুহে গৰু বা 'হৰ হালেৰে খেতি কৰিছিলবোকা দিছিল গৰুৰ হালেৰেগোটেই বছৰটোৰ যিদিনা খেতি উঠিব সেইদিনা হালউঠা বুলি কৈছিলঅৰ্থাৎ সেইদিনাৰ পৰা আৰু হালৰ কাম নাথাকেসেইদিনা গৃহস্থৰ ঘৰত বছৰটোৰ কঠিয়া দিয়া মানুহ,হাল কোৰ দিয়া মানুহ আৰু বোকা ৰোৱা ৰোৱনী সকল লগ হৈ একেলগে ভাত এসাঁজ খায়এই সাঁজ ভাজ হাঁহৰ মাংস বিশেষ ভাৱে লক্ষনীয় লগত ৰঙালাউএই সাউৰীত গৃহস্থে অঙহী-বঙহীক নিমন্ত্ৰন জনায়

আনহাতে আঘোণ মাহত ঘৰলৈ সোনগুটি ছপাবৰ সময়ত সাউৰী খোৱা দেখা গৈছিলঅকলশৰীয়া মানুহৰ ক্ষেত্ৰত পকা ধান পথাৰৰ পৰা ঘৰলৈ ছপাই আনোতে অসুবিধা হৈছিলসেয়ে সাউৰী খোৱা পাতিছিলওচৰ চুবুৰীয়া কেইজন মানক মাতি এসাজ ভাত খুৱাইছিলতেঁওলোকে ধান কাটি চপাই আনি দিছিলসকলোৱে এনেদৰে সহায় কৰিছিল

ইয়াৰ লগে লগে সাউৰী খোৱা আন এটি পৰ্ব ' মাহ তোলা পৰ্বআগৰ মানুহে বিস্তৃত এলেকাত মাহ খেতি কৰিছিলফলত মাহ তোলাৰ সময়ত ওচৰৰ তিৰোতা কেইজনী মান মাটি আনি মাহ তোলাত লগাই আৰু তেঁওলোকক সাউৰী খুৱায়
     
আগৰ দিনত মহাজনীয়া ঘৰবোৰৰ বাহিৰে সাধাৰন মানুহৰ ঘৰবোৰ খেৰৰ চালিৰ আছিলটিনপাটৰ ব্যৱহাৰ নাছিলগতিকে খেৰৰ চালিবোৰ বছৰে বছৰে নতুনকৈ চিয়াব লগা হয়গতিকে ঘৰৰ ছাল  চিয়াবলৈ কেইজন মান অভিজ্ঞ ব্যক্তিক মাতি আনি চাল চিউৱা পৰ্ব সমাপন কৰেবিনিময়ত তেঁওলোকক ভাত খুৱায়সেয়ে হৈছে ঘৰৰ ছাল চিউৱা সাউৰী 

আগৰ দিনবোৰ সচাকৈয়ে ভাল লগা আছিলসহানুভূতি, আন্তৰিকতা, একতা,মিলাপ্ৰীতি আদিৰ বাবে সাউৰী খোৱা পৰম্পৰা জীৱাই আছিলবৰ্তমান যুগ ' ধনবান আৰু বস্তুবাদী যুগ, সেয়ে প্ৰতিটো দিশতে  পৰিবৰ্তন আহিল,সময়ো সলনি ' মানুহে কোনেও কাকো বিনা বেতনে,বিনা স্বাৰ্থত সহায় নকৰা ' এনে এক জটিল যুগত হেৰাই ' তাহানিৰ বহু লোক পৰম্পৰাএনেদৰেই  গ্ৰাম্য সমাজত মানবীয় প্ৰমুল্যসমূহো (একতা, বিশ্বাস আদি) কমি আহিল, এইবোৰৰ বাবেই সাউৰীৰ খোৱা পৰম্পৰাও আজিকালি  অসমীয়া সমাজৰ পৰা লাহে লাহে নাইকীয়া '